NORTHEAST NOW (Assamese)

ভাৰতৰ ডিজিটেল ষ্ট্ৰাইক! এইবাৰ নিষিদ্ধ কৰা হ’ল ৪০টা ৱেবছাইট

July 6, 2020 9:26 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো। সৌজন্য: জী নিউজ

কেন্দ্ৰীয় চৰকাৰে পুনৰ চলালে ডিজিটেল ষ্ট্ৰাইক। দেওবাৰে দেশত মুঠ ৪০টা ৱেবছাইট নিষিদ্ধ কৰা হয়।

কিন্তু এইবাৰ লক্ষ্য চীন নহয়, আন উদ্দেশ্যতহে কৰা হৈছে এই ষ্ট্ৰাইক।

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে জানিবলৈ দিয়ে যে খালীস্তানপন্থী ‘শিখ ফৰ জাষ্টিছ’ নামৰ গোটটোৰ মুঠ ৪০টা ৱেবছাইট ভাৰতত নিষিদ্ধ কৰা হৈছে।

বিচ্ছিন্নতাবাদীৰ বিৰুদ্ধে কেন্দ্ৰ কঠোৰ হোৱাৰ ইংগিত দিয়াৰ পদক্ষেপ হিচাপে এই সিদ্ধান্তক অভিহিত কৰা হৈছে।

২০০৭চনত প্ৰতিষ্ঠা লাভ কৰে ‘শিখ ফৰ জাষ্টিছ’ নামৰ গোটটো। আমেৰিকাত থকা শিখসকলেই এই গোটটো প্ৰতিষ্ঠা কৰিছিল।

স্বাধীনতাৰ দাবীৰে ভাৰতৰ পৰা পাঞ্জাৱক পৃথক কৰাৰ উচটনি দিয়াৰ অভিযোগ আছে গোটটোৰ বিৰুদ্ধে।

এনে কাৰণতে গোটটোৰ ৪০টা ৱেবছাইট নিষিদ্ধ কৰি দিয়া হৈছে।

গৃহ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰৰ মতে, ‘’বেআইনী কাৰ্যকলাপ সুৰক্ষা আইন অনুসৰি শিখ ফৰ জাষ্টিছ এটা বেআইনী সংগঠন। তেওঁলোকে সমৰ্থন বিচাৰি বিভিন্ন ধৰণে প্ৰচাৰ চলায়। সেয়েহে, তথ্য প্ৰযুক্তি আইন,২০০০’ৰ ধাৰা ৬৯এৰ আধাৰত তেওঁলোকৰ ৪০টা ৱেবছাইট নিষিদ্ধ কৰা হৈছে।‘’

যোৱা বছৰ বিচ্ছিন্নতাবাদী শক্তিক উচটনি দিয়া আৰু সেই সন্দৰ্ভত প্ৰচাৰ চলোৱাৰ অভিযোগত সংগঠনটোক গৃহ মন্ত্ৰ্যালয়ে ভাৰতত নিষিদ্ধ কৰিছিল।

Related News