ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ভাষণ প্ৰদান কৰে৷
কোবিন্দে তেওঁৰ ভাষণত কয় যে ভাৰত বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতিসমূহৰ ভিতৰত অন্যতম বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতি কোবিন্দে কয় যে চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত ভাৰত বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিব পাৰিছে।
ৰাষ্ট্ৰপতিয়ে কয় যে কৃষকসকলক সহায় কৰিবলৈ কেন্দ্ৰই সুদূৰপ্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰিছে। এনে পদক্ষেপে দেশৰ কৃষকসকলক উপকৃত কৰিব বুলি কোবিন্দে আশা ব্যক্ত কৰে।
ৰাষ্ট্ৰপতি কোবিন্দে দেশৰ কৃষকসকলক শক্তিশালী কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰি কয় যে কৃষকসকলৰ কাষত চৰকাৰ থিয় দিছে। ক্ষুদ্ৰ কৃষকসকলক সকলো নীতিৰ মূল বিষয় বুলি উল্লেখ কৰি কোবিন্দে কয় যে কেন্দ্ৰই তেওঁলোকৰ উপাৰ্জন বৃদ্ধিৰ বাবে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে।
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ জৰিয়তে দেশৰ ১১ কোটিৰো অধিক কৃষক পৰিয়াল উপকৃত হোৱা বুলি তেওঁ উল্লেখ কৰে।
ৰাষ্ট্ৰপতিয়ে তেওঁৰ ভাষণত কয় যে চৰকাৰে ৪৩৩ লাখ মেট্ৰিক টনতকৈও অধিক ঘেঁহু ক্ৰয় কৰিছে, যাৰ ফলত ৫০ লাখৰো অধিক কৃষক উপকৃত হৈছে।
ৰাষ্ট্ৰপতি কোবিন্দে স্বাধীনতাৰ ৭৫ বছৰত ভাৰতৰ উন্নয়নৰ যাত্ৰাত অৰিহণা যোগোৱা ব্যক্তিসকলকো স্মৰণ কৰে৷ ৰাষ্ট্ৰপতিয়ে তেওঁৰ ভাষণত কোভিড-১৯ মহামাৰী নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত মোডীৰ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপকো প্ৰশংসা কৰে।
আয়ুষ্মান ভাৰত সন্দৰ্ভত ৰাষ্ট্ৰপতি কোবিন্দে কয় যে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই দৰিদ্ৰ লোকসকলক স্বাস্থ্যসেৱাৰ দ্ৰুত সুবিধা লাভ কৰাত সহায় কৰিছে। “৬৪,০০০ কোটি টকাৰ প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানে ভৱিষ্যতে দেশখনক স্বাস্থ্য সংকটৰ বাবে প্ৰস্তুত কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে।
ৰাষ্ট্ৰপতি কোবিন্দে কয় যে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰথম পৰম্পৰাগত ঔষধি কেন্দ্ৰ ভাৰততে স্থাপন কৰা হ’ব।
ৰাষ্ট্ৰপতি কোবিন্দে মহিলাৰ বিবাহৰ বয়স ২১ লৈ বৃদ্ধি কৰা আৰু তিনি তালাক ব্যৱস্থা লোপ কৰা কাৰ্যৰ প্ৰশংসা কৰে। তেওঁ লগতে কয়, “৩৩ খন সৈনিক বিদ্যালয়ে এতিয়া ছোৱালীকো নামভৰ্তি কৰাৰ সুবিধা দিছে। চৰকাৰে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীত (এন ডি এ) মহিলা কেডেটসকলৰ প্ৰৱেশৰ বাবেও অনুমোদন জনাইছে। মহিলা কেডেটসকলৰ প্ৰথম দলটো ২০২২ চনৰ জুন মাহত এন ডি এলৈ আহিব।”