অব্যাহত আছে কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় সম্পদৰ বেচৰকাৰীকৰণৰ দৌৰ। এইবাৰ এটা ৰাষ্ট্ৰীয়কৃত বেংক বিক্ৰীৰ বাবে আগবাঢ়িছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰ।
কেন্দ্ৰৰ হাতত থকা ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া লিমিটেড (IDBI BANK) ৰ শ্বেয়াৰসমূহো শীঘ্ৰেই বিক্ৰী কৰাৰ বাবে সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ।
কেন্দ্ৰৰ বিনিয়োগ আৰু ৰাজহুৱা সম্পত্তি মূল্যাঙ্কন বিভাগৰ ছেক্ৰেটেৰী তুহিন কান্তা পাণ্ডেয়ে বৃহস্পতিবাৰে কয় যে চৰকাৰে আইডিবিআই বেংকৰ অংশ বিক্ৰীৰ বাবে চূড়ান্ত প্ৰস্তুতি চলাই আছে।
তুহিনকান্ত পাণ্ডেয়ে লগতে কয় যে আইডিবিআই বেংকৰ এক্সপ্ৰেশন অৱ ইণ্টাৰেষ্ট (EOI) মাৰ্চৰ শেষৰ ফালে অনা হ’ব। ইয়াৰ জৰিয়তে কৰ্প’ৰেট কোম্পানীবোৰে বেংকটো নিবিদাৰে ক্ৰয় কৰিব পাৰে।
বৰ্তমান কেন্দ্ৰৰ আইডিবিআই বেংকত ৪৫.৪৮ শতাংশ অংশীদাৰীত্ব আছে। বেংকটোৰ সৰ্বাধিক ৪৯.২৪ শতাংশ অংশ দখল কৰিছে ৰাজ্যিক মালিকানাধীন বীমা কোম্পানী LIC এ।
সূত্ৰ অনুসৰি চৰকাৰে আইডিবিআইত থকা অধিকাংশ শ্বেয়াৰ বিক্ৰী কৰিব। লগতে LIC-ৰ হাতত থকা শ্বেয়াৰবোৰো বিক্ৰী কৰা হ’ব। চৰকাৰৰ হাতত মাত্ৰ কেইটামান শ্বেয়াৰ থাকিব।
উল্লেখ্য যে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে যোৱা বছৰ কেন্দ্ৰীয় বাজেটত ৰাজ্যিক মালিকানাধীন বেংকসমূহৰ ব্যক্তিগতকৰণৰ কথা ঘোষণা কৰিছিল।
নৰেন্দ্ৰ মোডী চৰকাৰে প্ৰথমতে ব্যক্তিগতকৰণৰ বাবে চাৰিটা মজলীয়া আকাৰৰ বেংক বাছনি কৰিছিল। ইয়াৰ মাজতে এইবাৰ বিত্ত মন্ত্ৰালয়ে আইডিবিআই বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে।