• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোশীমঠক লৈ সংবাদ মাধ্যমৰ আগত মুখ নুখুলিবলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ নিৰ্দেশনা!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 15, 2023 12:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ মহাকাশ গৱেষণা সংস্থাৰ (ISRO) এক প্ৰতিবেদন অনুসৰি যোশীমঠৰ তলৰ মাটি হঠাতে আঁতৰি যোৱা বুলি প্ৰকাশ পাইছিল। এই কথা পোহৰলৈ অহাৰ লগে লগে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই এক নিৰ্দেশনা জাৰি কৰে। ইয়াত কোৱা হৈছে যে সংগঠনটোৰ “নিজা ব্যাখ্যা”ই কেৱল প্ৰভাৱিত অঞ্চলবোৰেই নহয়, সমগ্ৰ দেশৰ লোকসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।

মাটিত বহি যোৱাৰ বিষয়ে চৰকাৰী সংস্থাসমূহক সংবাদ মাধ্যমক কিবা ক’বলৈ বা সামাজিক মাধ্যমত কোনো কথা প্ৰকাশ কৰিবলৈ বাৰণ কৰা হৈছে। আনহাতে, যি প্ৰতিবেদনক লৈ ইমান চিন্তা সেইটো শনিবাৰৰ পৰা চৰকাৰী ৱেবছাইটত আৰু বিচাৰি পোৱা যোৱা নাই।

লগতে পঢ়ক: শীতৰ আমেজ, ভোগালীৰ উত্তাপত ৰীতি আৰু পৰম্পৰাৰে পালিত হৈছে অসমীয়াৰ সম্প্ৰীতিৰ বিহু ভোগালী

Apply Now

শুকুৰবাৰে নেচনেল ৰিম’ট চেঞ্চিং চেণ্টাৰ (এনআৰএছচি)ৰ ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদনে হুলস্থূলৰ সৃষ্টি কৰে, তাত ১১ জানুৱাৰী বুধবাৰৰ তাৰিখ দিয়া আছিল। কাৰ্টোছেট-২এছ উপগ্ৰহৰ দ্বাৰা প্ৰেৰণ কৰা ছবিসমূহ মুকলি কৰি প্ৰতিবেদনত কোৱা হৈছিল যে যোশীমঠ-আউলি পথত ভূমিস্খলনৰ এক জ্ঞাত ৰূপ চিনাক্ত কৰা হৈছে। উপগ্ৰহ ছবিয়ে স্পষ্টভাৱে যোশীমঠ চহৰৰ কেন্দ্ৰত ধ্বংস হোৱা অঞ্চলত সেনাৰ হেলিপেড আৰু নৰসিংহ মন্দিৰ দেখুৱাইছিল।

উত্তৰাখণ্ডৰ যোশীমঠত ভূমিস্খলনৰ প্ৰভাৱ প্ৰথমবাৰৰ বাবে ২০২১ চনৰ অক্টোবৰত লক্ষ্য কৰা হৈছিল। ২০২২ চনৰ শেষৰ ফালে পৰিস্থিতি গুৰুতৰ হ’বলৈ আৰম্ভ কৰে। পৰিৱেশবিদ আৰু বহুতো স্থানীয় বাসিন্দাই অভিযোগ কৰিছিল যে জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগ খনন যন্ত্ৰটো অৱৰোধ কৰাৰ বাবে অনিয়ন্ত্ৰিত বিস্ফোৰণ সংঘটিত কৰা হৈছিল। তেতিয়াৰ পৰা, নতুন ফাটবোৰ লক্ষ্য কৰা হৈছে। অৱশ্যে, সেই কামৰ দায়িত্বত থকা এনটিপিচিয়ে অভিযোগবোৰ অস্বীকাৰ কৰিছে।

যোৱা ছেপ্টেম্বৰত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে ২০১৩ আৰু ২০২১ চনৰ বানপানী আৰু ২০২১ চনৰ শেষত এটা দিনতে হোৱা অত্যাধিক ধাৰাসাৰ বৰষুণে ভূমিস্খলনৰ সৃষ্টি কৰিছিল। আনহাতে, এনআৰএছচিৰ প্ৰতিবেদনত কোৱা হৈছে যে যোৱা এপ্ৰিলৰ পৰা সাত মাহ ধৰি যোশীমঠৰ মাটি ৯ ছে:মি: বহি গৈছিল। ২৭ ডিচেম্বৰৰ পৰা ১২ দিনত ই হঠাতে ৫.৪ ছে:মি:ত বহি গৈছে।

ইয়াৰ পিছতে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ পৰা বিভিন্ন চৰকাৰী সংস্থালৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত বৃহস্পতিবাৰে এখন বৈঠক অনুষ্ঠিত হৈছিল। তাত এই বিষয়ে আলোচনা হৈছিল। যোশীমঠৰ ধ্বংসৰ তদন্তৰ বাবে গঠন কৰা বিশেষজ্ঞ সমিতিৰ কথা উল্লেখ কৰি মহাকাশ গৱেষণা সংস্থা ইছৰোকে ধৰি বিভিন্ন সংস্থাক প্ৰতিষ্ঠানটোৰ ভিতৰত “সংবেদনশীলতা” গঢ়ি তুলিবলৈ কোৱা হৈছে।

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই কৈছে যে বিশেষজ্ঞসকলৰ চূড়ান্ত প্ৰতিবেদন প্ৰকাশ নোপোৱালৈকে বিভিন্ন সংস্থাই এই সন্দৰ্ভত সামাজিক মাধ্যমত যিকোনো কথা প্ৰকাশ কৰাৰ পৰা বিৰত থাকিব লাগে।

লগতে পঢ়ক: আজি মকৰ সংক্ৰান্তি: এই দিনটোৰ সৈতে কি সম্পৰ্ক মহাভাৰতৰ পিতামহ ভীষ্মৰ?

ইপিনে, শনিবাৰে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ নিৰ্দেশনাক লৈ কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰে। তেওঁ কয়, “তেওঁলোকে এটা সাংবিধানিক প্ৰতিষ্ঠানএৰে আন এটাৰ ওপৰত আক্ৰমণ কৰিছে। এইবাৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ইছৰোক মুখ বন্ধ কৰিবলৈ কৈছে। কিন্তু উপগ্ৰহ ছবিবোৰ কেনেকৈ মিছা হ’ব পাৰে? এয়া হৈছে নতুন ভাৰত, য’ত কেৱল এজন ব্যক্তিয়েহে সকলো জানে আৰু কোনে কি ক’ব বা নক’ব সেয়া সিদ্ধান্ত লয়।”

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm
শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd