NORTHEAST NOW (Assamese)

ক’ৰ’না মহামাৰীৰ সময়ত ‘বন্দে ভাৰত মিছন’ৰ অধীনত ভাৰতলৈ উভতি আহিছে ১০ লাখতকৈ অধিক লোক

August 19, 2020 12:22 pm · এন ই নাও নিউজ
এয়াৰ ইণ্ডিয়াৰ বিমান।

ক’ৰ’না মহামাৰীৰ সময়ত বিদেশৰ মাটিত আৱদ্ধ হৈ থকা ১০ লাখতকৈ অধিক লোকক বান্দে ভাৰত মিছনৰ অধীনত ভাৰতলৈ ঘুৰাই অনা হৈছে।

মঙলবাৰে কেন্দ্ৰ চৰকাৰে বন্দে ভাৰত মিছনৰ অধীনত এতিয়ালৈ মুঠ ১০,৯৮,০০০ গৰাকী লোকক বিদেশৰ ভূমিৰ পৰা ভাৰতলৈ ঘুৰাই অনা হৈছে বুলি মত প্ৰকাশ কৰে।

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে চৰকাৰে বৰ্তমান সময়তো ১৩ খন ৰাষ্ট্ৰৰ সৈতে বন্দে ভাৰত মিছনৰ অধীনত ভাৰতীয় লোক সকলক দেশলৈ ঘুৰাই অনাৰ বাবে আলোচনা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।

”আমি ভবিষ্যতে বন্দে ভাৰত মিছনৰ শক্তি আৰু সমাৰ্থ্য বৃদ্ধিৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছো,” কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে পুনৰ কয়।

উল্লেখযোগ্য যে, ভাৰতত বৰ্তমানলৈ ২৭ লাখতকৈ অধিক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে আৰু ২০ লাখতকৈ অধিক লোক চিকিৎসাৰ অন্তত ক’ৰ’নাৰ পৰা সুস্থ হৈ উঠিছে।

Related News