অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ এদিনীয়া আৰু টি-২০ দলৰ অধিনায়ক এ’ৰন ফিন্সে কেতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনাব সেই কথা ৰাজহুৱা কৰিছে।
ফিন্সে ভাৰতত ২০২৩ চনত হ’বলগীয়া এদিনীয়া বিশ্বকাপলৈকে ক্ৰিকেট খেলি যোৱাৰ সিদ্ধান্ত লোৱাৰ লগতে ফাইনেল মেচখন তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্তিমখন মেচ হ’ব বুলি উল্লেখ কৰে।
এছ ই এন ৰেডিঅ’ নেটৱৰ্কে ফিন্সৰ উদ্ধৃতিৰে কয় যে ২০২৩ত হ’বলগীয়া বিশ্বকাপৰ ফাইনেল মেচখনৰ সৈতে মই কেৰিয়াৰ সামৰাৰ কথা ভাবিচো আৰু এয়া মোৰ লক্ষ্য।
৩৩ বছৰীয়া সোহতীয়া বেটছমেন ফিন্সে কয়, ‘ক’ৰ’না ভাইৰাছৰ বাবে পোৱা পাঁচমাহৰ চুটিয়ে শৰীৰত সতেজতা আনিছে আৰু এতিয়া মোৰ লক্ষ্য ২০২১ আৰু ২০২২ ত হ’ব লগীয়া টি-২০ বিশ্বকাপ আৰু ২০২৩ত হ’বলগীয়া এদিনীয়া বিশ্বকাপ’।
বছৰত ১০-১১ মাহ যাত্ৰা কৰা খেলুৱৈসকলৰ বাবে এই চুটিয়ে যথেষ্ট পৰিমানে সহায় কৰিব বুলিও ফিন্সে মন্তব্য কৰে।
উল্লেখ্য যে প্ৰায় ছয়মাহৰ মূৰত ফিন্সৰ লগতে অষ্ট্ৰেলিয়া দলে ক্ৰিকেট ফিল্ডত নামিব। দলটোৱে অহা মাহত তিনিখন টি-২০ আৰু তিনিখন এদিনীয়া মেচৰ সৃংখলাৰ বাবে ইংলেণ্ড ভ্ৰমণ কৰিব।