• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 6, 2026 4:16 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণ কৰিবলৈ চৰকাৰে এখন কেন্দ্ৰীয় উপদেষ্টা মণ্ডলী গঠন কৰাৰ পৰিকল্পনা কৰিছে। এই নতুন মজুৰি আইনগতভাৱে মানি চলিব লাগিব আৰু কোনো ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলে নিৰ্দ্ধাৰিত মূল্যতকৈ কম মজুৰি দিব নোৱাৰিব। ইয়াৰ দ্বাৰা দেশৰ সকলো শ্ৰমিকে এক সন্মানজনক মজুৰি লাভ কৰিব বুলি আশা কৰা হৈছে।

শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ এজন বিষয়াই জনোৱা মতে, এই উপদেষ্টা মণ্ডলীত ১৫ ৰ পৰা ২০ জন সদস্য থাকিব। ইয়াত ট্ৰেড ইউনিয়ন, শ্ৰমিকৰ প্ৰতিনিধি, চৰকাৰী বিষয়া আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিনিধিৰ লগতে দুই-তিনিজন অন্য সদস্যও থাকিব। ২০২১ চনত অৰ্থনীতিবিদ অধ্যাপক এছ পি মুখাৰ্জীৰ নেতৃত্বত গঠিত বিশেষজ্ঞ গোটে দাখিল কৰা প্ৰতিবেদনখনো এই ক্ষেত্ৰত বিবেচনা কৰা হ’ব। আগতে এই মজুৰি মাত্ৰ ১৭৮ টকা আছিল আৰু সেয়া মানি চলাটো বাধ্যতামূলক নাছিল। কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা এই মজুৰি সকলো ৰাজ্যই মানি চলিবলৈ বাধ্য হ’ব।

Apply Now

মুখাৰ্জী সমিতিয়ে কেৱল খাদ্যৰ প্ৰয়োজনৰ ওপৰতে নিৰ্ভৰ নকৰি বাসস্থান, স্বাস্থ্যসেৱা আৰু শিক্ষাৰ খৰচ আদি অন্তৰ্ভুক্ত কৰি বৈজ্ঞানিক পদ্ধতিৰে মজুৰি নিৰ্ধাৰণৰ পৰামৰ্শ দিছিল। ২০১৯ চনৰ নতুন শ্ৰম আইনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ইয়াৰ অধীনত সকলো খণ্ডৰ শ্ৰমিকক সামৰি লোৱা হৈছে। আগতে মাত্ৰ কিছুমান নিৰ্দিষ্ট খণ্ডৰ শ্ৰমিকেহে নিম্নতম মজুৰি আইনৰ সুবিধা পাইছিল। এতিয়া অসংগঠিত খণ্ড, ঠিকাভিত্তিক শ্ৰমিক আৰু অস্থায়ী শ্ৰমিক সকলোৱে এই আইনী সুৰক্ষা পাব।

এই ৰাষ্ট্ৰীয় মজুৰি জীৱন ধাৰণৰ ব্যয়, মুদ্ৰাস্ফীতি, শ্ৰমিকৰ উৎপাদনশীলতা আৰু আঞ্চলিক অৰ্থনৈতিক অৱস্থাৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰিব। অৱশ্যে কেন্দ্ৰীয় চৰকাৰে উপদেষ্টা মণ্ডলীৰ পৰামৰ্শ মানি ল’বলৈ বাধ্য নহয়, তেওঁলোকে নিজাববীয়াকৈও এক পৰিমাণ নিৰ্ধাৰণ কৰিব পাৰে। শেহতীয়াকৈ কাৰখানা সমূহত হোৱা শ্ৰমিকৰ অসন্তুষ্টি, কম দৰমহা আৰু জীৱন ধাৰণৰ ব্যয় বৃদ্ধিৰ বাবে এই ৰাষ্ট্ৰীয় মজুৰি নিৰ্ধাৰণৰ কাম খৰতকীয়া কৰা হৈছে। বহুজাতিক আৰু দেশীয় কোম্পানীসমূহৰ বাবেও ৰাজ্যসমূহৰ মজুৰি নীতি বুজি পোৱাত ই সহায় কৰিব।

অৱশ্যে এই নতুন নীতিক লৈ বিশেষজ্ঞসকলৰ মাজত মতবিৰোধ আছে। চৰকাৰে ইয়াক শ্ৰমিকৰ আয়ৰ সুৰক্ষা বুলি দাবী কৰিলেও অৰ্থনীতিবিদসকলে সতৰ্ক কৰি দিছে যে ইয়াৰ ফলত বেছি মজুৰি দিয়া ৰাজ্যসমূহেও নিজৰ মজুৰি কমাই দিয়াৰ সম্ভাৱনা আছে। অৰুণ নায়াৰ নামৰ এজন বিশেষজ্ঞই কয় যে কেৰালা বা দিল্লীৰ দৰে ৰাজ্যত উদ্যোগপতিসকলে মজুৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈ কমাই আনিবলৈ হেঁচা দিব পাৰে। তদুপৰি গাঁও আৰু চহৰৰ মাজত জীৱন ধাৰণৰ ব্যয়ৰ বহুত পাৰ্থক্য আছে, সেয়েহে সমগ্ৰ দেশৰ বাবে একেটা মজুৰি নিৰ্ধাৰণ কৰাটো উচিত নহ’ব পাৰে। সেইবাবে কিছুমান অৰ্থনৈতিক সমীক্ষাত সমগ্ৰ দেশক পাঁচটা ভৌগোলিক ভাগত বিভক্ত কৰি মজুৰি নিৰ্ধাৰণ কৰাৰ পৰামৰ্শ দিয়া হৈছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd