Lakhimpur Kheri case: সমালোচনাত মুখৰ প্ৰিয়ংকা গান্ধী, “অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়া চৰকাৰৰ পৰা ভুক্তভোগীৰ ন্যায়ৰ কোনো আশা নাই”

Lakhimpur Kheri case

Lakhimpur Kheri case: উত্তৰ প্ৰদেশৰ লখিমপুৰ কাণ্ডক লৈ উত্তৰ প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে পুনৰ সমালোচনাত মুখৰ হৈছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী।

খেৰীত যোৱা ৩ অক্টোবৰত কৃষকক গাড়ীৰে মহতীয়াই হত্যা কৰাৰ অভিযোগত অভিযুক্ত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী আৰু তেওঁৰ পুত্ৰক ৰক্ষণাবেক্ষণ দিয়া উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা ভুক্তভোগী পৰিয়ালবোৰৰ ন্যায়ৰ কোনো আশা নাই বলি মন্তব্য কৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে।

বাৰাণসীত ‘কিষাণ ন্যায়’ ৰেলী সম্বোধন কৰি গান্ধীয়ে কয়, “কোনো দেশতে মই এনে এজন ব্যক্তিৰ বিষয়ে শুনা নাই, যিয়ে মানুহক হত্যা কৰিছে, অথচ তেওঁলোকৰ সৈতে কথা পাতিবলৈ আৰক্ষীয়ে ‘আমন্ত্ৰণ’ জনাইছে!” তেওঁ কয়।

Also read : Lakhimpur Kheri case : অৱশেষত ‘মন্ত্ৰীপুত্ৰ’ক ১৪ দিনৰ ন্যায়িক জিম্মালৈ

ইফালে, দিনটোৰ আৰম্ভণিতে কংগ্ৰেছ দলে টুইট কৰি কয় যে লখিমপুৰ খেৰী ঘটনাৰ তথ্যসন্দৰ্ভত এক বিতং স্মাৰকপত্ৰ উপস্থাপন কৰিবলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰাৰ অনুমতি বিচাৰিছে ৰাহুল গান্ধীৰ নেতৃত্বত ৭ জনীয়া দলৰ প্ৰতিনিধি দলে। অৱশ্যে কিছু সময় পিছতে দলটোৱে টুইটটো বিলোপ কৰে।

লখিমপুৰৰ ঘটনাক লৈ হত্যাৰ অভিযোগৰ সন্মুখীন হৈ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰক গোটেই দিনটো জেৰা কৰাৰ পিছত শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখ্য যে আশীষ মিশ্ৰলৈ জাৰি কৰা প্ৰথম চমনৰ পিছত থানাত হাজিৰ হোৱা নাছিল অভিযুক্ত মিশ্ৰ।

Also read : অৱশেষত আৰক্ষীৰ ওচৰত হাজিৰ লখিমপুৰ খেৰিৰ হত্যাত অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰ

দ্বিতীয় চমনৰ পাছত অৱশ্যে শনিবাৰে ১০.৩০ বজাত বিশেষ তদন্ত কমিটিৰ ওচৰত হাজিৰ হয় আশীষ মিশ্ৰ।

নিশা প্ৰায় ১১ বজাত বিশেষ তদন্ত কমিটিৰ নেতৃত্বত থকা ডিআইজি উপেন্দ্ৰ কুমাৰ আগৰৱালে সাংবাদিকক কয়: “আমি দেখিছিলো যে তেওঁ সহযোগিতা কৰা নাই। তেওঁ কিছুমান প্ৰশ্নৰ উত্তৰ দিয়া নাছিল। অসহযোগ আৰু অপ্ৰত্যাশিত উত্তৰৰ ভিত্তিত আমি আশীষক জিম্মাত লৈছো। তেওঁক কাইলৈ আদালতত হাজিৰ কৰোৱা হ’ব। আমি জিম্মাত নিৰন্তৰ জেৰা কৰিম।”