DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

কৃষি মন্ত্ৰীৰ প্ৰতিশ্ৰুতি: নিৰ্বাচনৰ পিছতেই MSP সন্দৰ্ভত পেনেল গঠন কৰিব কেন্দ্ৰীয় চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2022 6:02 pm
MSP
135
VIEWS
Share on FacebookShare on Twitter

ডেৰ বছৰ যোৰা কৃষক আন্দোলনৰ অন্যতম দাবী নূন্যতম সমৰ্থন মূল্য (এমএছপি) সন্দৰ্ভত এখন পেনেল গঠন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

নিৰ্বাচন শেষ হোৱাৰ পিছত এই ক্ষেত্ৰত আগবাঢ়িবলৈ সেউজ সংকেত দিছে নিৰ্বাচন আয়োগে। আজি ৰাজ্যসভাত কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে এই কথা সদৰি কৰিছে।

যোৱা বছৰ নৱেম্বৰত তিনিখন কৃষি আইন বাতিল কৰাৰ কথা ঘোষণা কৰাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এমএছপিৰ ওপৰত আইনী গেৰাণ্টিৰ বাবে কৃষকসকলৰ দাবীৰ বিষয়ে আলোচনা কৰিবলৈ এখন সমিতি গঠন কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

সংসদৰ প্ৰশ্নকালত এক প্ৰশ্নৰ উত্তৰ দি তোমৰে কয় যে চৰকাৰে এই সন্দৰ্ভত আগবঢ়াৰ উদ্দেশ্যে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে।

মন্ত্ৰীজনে লগতে কয় যে এমএছপি সম্পৰ্কীয় সমিতি গঠনৰ বিষয়টো মন্ত্ৰালয়ৰ দ্বাৰা বিবেচনাধীন আৰু নিৰ্বাচন শেষ হোৱাৰ পিছত সমিতি গঠন কৰা হ’ব।

“সমগ্ৰ দেশে জানে যে প্ৰধানমন্ত্ৰীয়ে শস্যৰ বৈচিত্ৰতা, প্ৰাকৃতিক কৃষি আৰু এমএছপি কাৰ্যকৰী আৰু স্বচ্ছ কৰাৰ বাবে এখন সমিতি গঠনৰ কথা ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীয়ে কৰা ঘোষণাৰ প্ৰতি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।” তোমৰে কয়।

তেওঁ কয় যে যিহেতু নিৰ্বাচন চলি আছে, চৰকাৰে নিৰ্দেশনাৰ বাবে নিৰ্বাচন আয়োগলৈ পত্ৰ লিখিছে। নিৰ্বাচন আয়োগে নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত সমিতিখন গঠন কৰা উচিত বুলি মত প্ৰকাশ কৰিছে বুলিও মন্ত্ৰীজনে সদৰি কৰে।

উল্লেখ্য যে অহা ১০ ফেব্ৰুৱাৰীৰ পৰা উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, মণিপুৰ, গোৱা আৰু পঞ্জাৱ- এই পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।

Recent News

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd