• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মোজাম্বিকৰ মানৱহিতৈষী গ্ৰাচা মাচেললৈ ২০২৫ চনৰ ‘ইন্দিৰা গান্ধী শান্তি বঁটা’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 21, 2026 2:18 pm
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শান্তি, নিৰস্ত্ৰীকৰণ আৰু উন্নয়নৰ বাবে আগবঢ়োৱা ভাৰতৰ মৰ্যাদাপূৰ্ণ ‘ইন্দিৰা গান্ধী শান্তি বঁটা’ মোজাম্বিকৰ মানৱহিতৈষী গ্ৰাচা মাচেললৈ (Graca Machel) আগবঢ়োৱা হৈছে। শিক্ষা, স্বাস্থ্য, মহিলাৰ সৱলীকৰণ আৰু দুৰ্যোগপূৰ্ণ পৰিস্থিতিত সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত তেওঁৰ জীৱনজোৰা অৱদানৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে। বুধবাৰে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শিৱশংকৰ মেননৰ নেতৃত্বত গঠিত এক আন্তঃৰাষ্ট্ৰীয় জুৰীয়ে এই সন্মানীয় বঁটাৰ বাবে তেওঁৰ নাম ঘোষণা কৰে।

১৯৪৫ চনত মোজাম্বিকত জন্মগ্ৰহণ কৰা গ্ৰাচা মাচেল এগৰাকী প্ৰতিষ্ঠিত ৰাজনীতিবিদ আৰু মানৱহিতৈষী ব্যক্তি। লিস্বন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা অৱস্থাতে ৰাজনৈতিক সচেতনতাৰে পুষ্ট হোৱা মাচেলে ১৯৭৩ চনত নিজ দেশলৈ উভতি আহি ‘মোজাম্বিকান লিবাৰেচন ফ্ৰণ্ট’ত এগৰাকী মুক্তি যুঁজাৰু হিচাপে যোগদান কৰিছিল। তেওঁৰ সমগ্ৰ জীৱন দুৰ্বল শ্ৰেণীৰ লোকৰ অধিকাৰ সুৰক্ষা আৰু এক সমতাপূৰ্ণ সমাজ গঠনৰ বাবে উচৰ্গিত। তেওঁ সমগ্ৰ বিশ্বৰ দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে শিক্ষা, পুষ্টি আৰু অৰ্থনৈতিক সুযোগ সৃষ্টি কৰি তেওঁলোকৰ জীৱনৰ মান উন্নত কৰি তোলাৰ বাবে কাম কৰি আহিছে।

Apply Now

উল্লেখনীয় যে, তেখেতে ১৯৭৫ চনত মোজাম্বিকৰ প্ৰথমগৰাকী শিক্ষা আৰু সংস্কৃতি মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। তেখেতৰ সফল নেতৃত্বত দেশখনৰ বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ হাৰ ৪০ শতাংশৰ পৰা ৯০ শতাংশলৈ বৃদ্ধি পাইছিল। ১৯৯০ চনত তেখেতে যুদ্ধবিধ্বস্ত অঞ্চলত শিশুৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে এক যুগান্তকাৰী অধ্যয়নৰ নেতৃত্ব দিছিল। তেওঁৰ ১৯৯৬ চনৰ প্ৰতিবেদনখনে বিশ্বজুৰি শিশু সুৰক্ষাৰ নীতি-নিৰ্দেশনা সলনি কৰি দিছিল।

তদুপৰি, তেখেত ‘দ্য এল্ডাৰ্ছ’ আৰু ‘গাৰ্লছ নট ব্ৰাইডছ’ৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিষ্ঠাপক সদস্য। ইয়াৰ উপৰিও ২০১০ চনত তেওঁ ‘গ্ৰাচা মাচেল ট্ৰাষ্ট’ স্থাপন কৰি মহিলাৰ অৰ্থনৈতিক সৱলীকৰণৰ কাম আৰম্ভ কৰে। ইয়াৰ পূৰ্বে গ্ৰাচা মাচেলে ২০১৮ চনত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা ‘হু গোল্ড মেডেল’ লাভ কৰাৰ উপৰি ‘নেনচেন শৰণাৰ্থী বঁটা’ আৰু ব্ৰিটিছ সাম্ৰাজ্যৰ ‘ডেম কমাণ্ডাৰ’ উপাধিৰেও বিভূষিত হৈছে।

ইন্দিৰা গান্ধী মেম’ৰিয়েল ট্ৰাষ্টে এক বিবৃতিত কয় যে কঠিন পৰিস্থিতিত মানৱীয় কাম-কাজ চলাই নিয়া আৰু সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক এক উন্নত পৃথিৱী গঢ়াৰ আশা যোগোৱাৰ বাবে মাচেলক এই সন্মানেৰে বিভূষিত কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

July 24, 2026 8:33 am
মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

July 24, 2026 8:00 am
নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

July 24, 2026 7:00 am
চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

July 24, 2026 8:33 am
মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

July 24, 2026 8:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd