মহাৰাষ্ট্ৰৰ নাগপুৰত হোলীৰ আনন্দৰ মাজতে এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। এগৰাকী আইতাকে নিজৰ চাৰি বছৰীয়া নাতিৰ গাত উতলা গৰম পানী ঢালি দিয়াৰ ফলত শিশুটি গুৰুতৰভাৱে দগ্ধ হয়। জানিব পৰা মতে, শিশুটিয়ে খেলিবলৈ গৈ আইতাকৰ গাত অলপ ৰঙীন পানী ছটিয়াই দিছিল। শিশুটিৰ এই সৰু ধেমালিতে আইতাক ইমান ক্ষুব্ধ হৈ পৰে যে তেওঁ হাতত থকা গৰম পানীৰ বাল্টিটো পোনচাটেই শিশুটিৰ গাত ঢালি দিয়ে।
এই গোটেই জঘন্য দৃশ্যটো ওচৰৰে এটা চিচিটিভি কেমেৰাত আৱদ্ধ হৈছে। ভিডিঅ’টোত দেখা গৈছে যে মহিলাগৰাকীয়ে গৰম পানী লৈ গৈ থকা অৱস্থাত শিশুটিয়ে তেওঁৰ সৈতে ধেমালি কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু মুহূৰ্ততে পৰিস্থিতি সলনি হৈ পৰে আৰু মহিলাগৰাকীয়ে নাতিয়েকৰ ওপৰত খঙতে গৰম পানীখিনি বাকি দিয়ে। পানী পৰাৰ লগে লগে শিশুটি যন্ত্ৰনাত চটফটাই থকা দেখা গৈছিল। সেই সময়তে ওচৰত থকা আন এগৰাকী মহিলাই শিশুটিক ৰক্ষা কৰিবলৈ তাৰ গাত স্বাভাৱিক পানী ঢালি উপশম দিবলৈ চেষ্টা কৰে।
চিকিৎসকৰ তথ্য অনুসৰি, এই ঘটনাত শিশুটিৰ শৰীৰৰ কঁকালৰ তলৰ অংশৰ প্ৰায় ৪৫ শতাংশ পুৰি গৈছে। বৰ্তমান শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু তাৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ইফালে আৰক্ষীয়ে সমগ্ৰ ঘটনাটো গুৰুত্বসহকাৰে লৈছে। বাতৰি অনুসৰি, নিজৰ নাতিৰ প্ৰতি এনে নিষ্ঠুৰ আচৰণ কৰা মহিলাগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে ইতিমধ্যে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু অপৰাধ পঞ্জীয়ন কৰা হৈছে। এই ঘটনাই সমগ্ৰ নাগপুৰ চহৰতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।





