• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিদ্যালয়ত অনুষ্ঠিত ‘মোৰ আদৰ্শ নাথুৰাম গডছে’ শীৰ্ষক বক্তৃতা; চৰকাৰী বিষয়াক নিলম্বন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 17, 2022 8:36 pm
Nathuram Godse
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাথুৰাম গডছে, গান্ধী হত্যাকাৰী নাথুৰাম গডছেক দেশত এতিয়া দেশপ্ৰেমী আৰু শ্বহীদ অভিধাৰে বিভূষিত কৰাৰ ঢৌ উঠিছে। ৰাজনৈতিক পৃষ্ঠপোষকতাই এই ঢৌত মুখ্যত: ইন্ধন যোগাইছে।

এইবাৰ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত গডছেক এক আদৰ্শ ব্যক্তি হিচাপে পৰিচিত কৰোৱাৰ ব্লু-প্ৰিণ্ট ৰচনা কৰা হৈছে। দক্ষিণ গুজৰাটৰ ভালচাদ জিলাৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত কৰা হৈছে ‘মোৰ আদৰ্শ নাথুৰাম গডছে’ শীৰ্ষক বিষয়ৰ বক্তৃতা প্ৰতিযোগিতা।

Apply Now

ৰাজ্য চৰকাৰৰ যুৱ সেৱা আৰু সাংস্কৃতিক কাৰ্যকলাপ বিভাগৰ অধীনত জিলা পৰ্যায়ৰ শিশুৰ প্ৰতিভা সন্ধান প্ৰতিযোগিতাৰ অংশ হিচাপে সোমবাৰে, ১৪ ফেব্ৰুৱাৰীত কুসুম বিদ্যালয় নামৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে।

এই প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যখনত তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়। ইয়াৰ পিছতে বুধবাৰে গুজৰাট চৰকাৰে এজন যুৱ উন্নয়ন বিষয়াক নিলম্বন কৰে।

“গান্ধীনগৰৰ সাংস্কৃতিক বিভাগৰ উচ্চ বিষয়াৰ পৰা নিৰ্দেশ পোৱাৰ পিছত আমি সংশ্লিষ্ট বিষয়া নীতাবেন গাভলীক তাৎক্ষণিক ভাৱে নিলম্বন কৰিছো। তেওঁলোকে ঘটনাটোৰ তদন্তও আৰম্ভ কৰিছে।” ভালচাদ জিলা উপায়ুক্ত ক্ষিপ্ৰা আগ্ৰেয়ে সংবাদ মাধ্যমৰ আগত কয়।

ইফালে, প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱা কুসুম বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে কয় যে কেৱল অনুষ্ঠানটোৰ বাবে বিদ্যালয়ৰ চৌহদ ব্যৱহাৰ কৰা হৈছিল। বিদ্যালয়খনৰ কোনো শিক্ষক বা শিক্ষাৰ্থীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰা নাছিল।

আনহাতে, ভালচাদ জিলা শিক্ষা বিষয়া বি ডি বাৰায়াই কয় যে প্ৰতিযোগিতাখনৰ বিষয়বস্তু ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতো তেওঁ এনে ধৰণৰ কোনো প্ৰতিযোগিতাৰ বিষয়ে অৱগত নহয়।

“কুসুম বিদ্যালয়ত আয়োজিত এনে অনুষ্ঠানৰ বিষয়ে আমি অৱগত নাছিলো, কিয়নো এই অনুষ্ঠান জিলা যুৱ বিকাশ কাৰ্যালয়ে পৰিকল্পনা আৰু ৰূপায়ণ কৰিছিল।” তেওঁ কয়।

“যুৱ বিকাশ কাৰ্যালয়ে ৮ ফেব্ৰুৱাৰীত জিলাখনৰ ২৫ খন চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰি ১৪ ফেব্ৰুৱাৰীত ভালচাদৰ তিথাল পথৰ কুসুম বিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া বিভিন্ন প্ৰতিযোগিতাত শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণৰ বাবে আহ্বান জনাইছিল। তদুপৰি বিচাৰকসকলকো যুৱ বিকাশ কাৰ্যালয়ৰ পৰা নিযুক্তি দিয়া হৈছিল।” বাৰায়াই কয়।

প্ৰকাশিত বাতৰি অনুসৰি জানিব পৰা গৈছে যে ইতিমধ্যে নিলম্বনৰ সন্মুখীন হোৱা বিষয়াজনেই বিতৰ্কিত বিষয়টো প্ৰতিযোগিতাৰ বাবে বাচনি কৰিছিল।

উল্লেখ্য যে এই প্ৰতিযোগিতাক কেন্দ্ৰ কৰি এজন বিষয়াক শাস্তি প্ৰদান কৰিলেও ২০১৪ চনত নৰেন্দ্ৰ মোডী শাসনলৈ অহাৰ পিছৰে পৰা মহাত্মা গান্ধীৰ হত্যাকাৰী গডছেক বিজেপি, আৰ এছ এছ আৰু তেওঁলোকৰ সহযোগী সংগঠনসমূহৰ সমৰ্থক আৰু নেতাসকলে প্ৰশংসা কৰি আহিছে।

কিন্তু ইয়াৰ পাছতো এইসকল লোক কোনো গুৰুত্বপূৰ্ণ আইনী ব্যৱস্থাৰ সন্মুখীন হোৱা নাই বা তেওঁলোকৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ মুকলি পৃষ্ঠপোষকতাতে এইদৰে হিন্দুত্ববাদী সংগঠন তথা নেতা-কৰ্মীয়ে গডছেক জনমানসত দেশপ্ৰেমিকৰ অভিধা দিবলৈ প্ৰয়াস কৰাৰ মাজতে এনেদৰে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজতো গডছেক আদৰ্শ ব্যক্তি হিচাপে তুলি ধৰিবলৈ কৰা প্ৰচেষ্টাই এক ভয়াৱহ ভৱিষ্যতৰ ইঙ্গিত বহন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd