মুম্বাইৰ পৰা ব্লেংক আগ্নেয়াস্ত্ৰ কৰ্য় কৰি সেইবোৰ চলচ্চিত্ৰ আৰু টেলিভিশ্বন প্ৰডাকশ্যনৰ বাবে ভাড়াত দিয়াৰ অভিযোগ থকা দুজন চোৰাং বন্দুক যোগানকাৰীক আৰক্ষীয়ে কৰায়ত্ত কৰিছে।
কেন্দ্ৰীয় অপৰাধ শাখাই এক অভিযান চলাই মহম্মদ জুনেইড (৩৮) আৰু মহম্মদ তবৰেজ (৪৫) নামৰ দুজন লোকক দক্ষিণ বাংগালুৰুৰ গুৰাপ্পানাপালায়াৰ এটা ঘৰত তালাচী চলাই গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে তেওঁলোকৰ পৰা ২৮টা অনুজ্ঞাপত্ৰহীন আগ্নেয়াস্ত্ৰ আৰু ৭৬ টা কাৰ্তিজো জব্দ কৰে।
জব্দ কৰা আগ্নেয়াস্ত্ৰসমূহ ভিতৰত আছে ১১টা পিষ্টল, ১০টা ৩০৩ ৰাইফল সদৃশ বন্দুক, সাতটা ষ্টেনগান সদৃশ বন্দুক আৰু ৯ এম এম বুলেট সদৃশ ৭৬টা কাৰ্তিজ।
জিলাখনক ছাদাগুনটেপালয়া আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে।
অপৰাধ শাখাৰ ডিচিপি কে পি ৰবিকুমাৰে কয় যে আৰ্মছ এক্টৰ অধীনত এখন অনুজ্ঞাপত্ৰ নথকাকৈ ব্লেংক আগ্নেয়াস্ত্ৰ বিক্ৰী কৰাটো বা ভাড়াত দিয়াটো অবৈধ।
তেওঁ জানিবলৈ দিয়া মতে, ব্যক্তি দুজনে দীৰ্ঘদিন ধৰি ব্যৱসায়টো চলাই আহিছিল। তেওঁলোকে এই বন্দুকসমূহ মুম্বাইৰ পৰা প্ৰতিটো ২০,০০০ৰ পৰা ২৫,০০০টকাত ক্ৰয় কৰে আৰু সেইবোৰ ১ লাখ টকাকৈ বিক্ৰী কৰে।
আটক কৰা দুয়োজনৰে গেংষ্টাৰৰ সৈতে সম্পৰ্ক থকা বুলিও আৰক্ষী বিষয়াগৰাকীয়ে সন্দেহ কৰে।
আন এগৰাকী বিষয়াই কয় যে লোক দুজনৰ এই আগ্নেয়াস্ত্ৰ সৰবৰাহ কৰি ধন ঘটাৰ বাদে আন কোনো বৃত্তি নাই। আৰক্ষীয়ে তেওঁলোকৰ কোন উগ্ৰবাদী গোটৰ সৈতে সম্পৰ্ক আছে নেকি সেয়া তদন্ত চলাই আছে।
‘’আমাৰ চাৰ্ভিছ ৰিভলভাৰ/পিষ্টলতকৈ ব্লেংক বন্দুকসমূহৰ শব্দ বহু বেছি। ইয়াৰ দ্বাৰা গুলীয়াই মানুহক ভয় খুৱাবলৈ সহজ। চুৰি-ডকাইতিত এনে বন্দুকসমূহ ব্যৱহাৰ কৰিব পাৰে,’’-বিষয়াগৰাকীয়ে লগতে কয়।