• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সংস্কৃতিৰ নামত অপসংস্কৃতিক নিন্দা : দুমাহৰ বাবে গোৰ্খা ছাত্র সংগঠনৰ কাৰ্য্সূচী বৰ্জন বৌদ্ধিক সমাজৰ

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , January 12, 2021 9:15 pm

3 min read

index.jpgaaa
238
VIEWS
Share on FacebookShare on Twitter

বিভিন্ন জাতি জনগোষ্ঠীৰ আবাসস্থলী মাৰ্ঘেৰিটাৰ কেন্দ্রীয় খেল পথাৰত যোৱা ছয় আৰু সাত জানুৱাৰীত দুদিনীয়া কায্যসূচীৰে সদৌ অসম গোৰ্খা ছাত্র সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ তৃতীয় দ্বিবাৰ্ষিক অধিবেশনৰ আৰু গোৰ্খা জাতীয় সমাৰোহৰ সাংস্কৃতিক সন্ধিয়াৰ নিশা স্বল্প বসনা যুৱতীৰ গীত পৰিৱেশনৰ নামত নগ্নতা প্রদৰ্শন আৰু মুকলি জয়ৰাম থাপা কেন্দ্ৰীয় সমিতিৰ উপসভাপতিৰ উগ্ৰ মন্তব্যই সৃষ্টি কৰা প্ৰতিক্ৰিয়া এইতিয়াও মাৰ্ঘেৰিটাত অব্যাহত আছে।

মংগলবাৰে মাৰ্ঘেৰিটা গোৰ্খা বৌদ্ধিক সমাজে এক সংবাদ মেল আয়োজন কৰি এই বিষয়ত প্রতিক্ৰিয়া প্রকাশ কৰিছে।

সমাজকৰ্মী ডি বি সোণাৰ, অৱসৰ প্রাপ্ত শিক্ষক প্রদীপ লিম্বু, বৰগোলাই পঞ্চায়ত সভাপতি মীৰা চুব্বা, সাহিত্যিক টিকা ভট্টৰাই, শিৱলাল শ্রেষ্টা আদি কেইবাগৰাকী ব্যক্তিয়ে অংশ গ্রহণ কৰা সংবাদমেলত  বৃহত্তৰ অসমীয়া জাতিৰ অংগ হিচাবে মাৰ্ঘেৰিটাত বেংগলী, বিহাৰী, আদিবাসী ,গোৰ্খা আদি বিভিন্ন জাতি জনগোষ্ঠীৰ লোক মিলাপ্রীতিৰে বসবাস কৰি অহা বুলি মত প্রকাশ কৰে।

গোৰ্খা ছাত্র সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিকৰ অধিবেশনৰ সাংস্কৃতিক সন্ধিয়াত এগৰাকী শিল্পীৰ অনুষ্ঠান প্রদৰ্শনৰ নামত যি অপসংস্কৃতিৰ প্রদৰ্শন কৰিলে তাক নিন্দা কৰে মাৰ্ঘেৰিটাৰ বিশিষ্ট ব্যক্তিসকলে।

ছাত্র সংগঠনটোৰ অধিবেশনৰ মুকলি সভাত একাংশ ব্যক্তিৰ তথা জয়ৰাম থাপা কেন্দ্ৰীয় সমিতিৰ উপসভাপতিৰ মন্তব্য সন্দৰ্ভত প্রতিক্ৰিয়া প্রকাশ কৰি কয়, ‘সেয়া তেখেতৰ ব্যক্তিগত মন্তব্যহে, আমাৰ নহয় | আমি কেতিয়াও তেনে মন্তব্য সমৰ্থন নকৰো | বিভিন্ন জাতি জনগোষ্ঠীয়ে পাৰস্পৰিক সহযোগিতা, সমন্বয় আৰু সম্প্রীতিৰ এনাজৰীৰে বান্ধ খাই ইয়াত বসবাস কৰি আহিছে।’

তেনেক্ষেত্রত এনেবোৰ মন্তব্যই সমাজত বিভাজনৰ সৃষ্টি হ’ব পাৰে বুলি মত প্রকাশ কৰি তেনে কাৰ্যক গৰিহণা দিয়ে বৌদ্ধিক সমাজে।

আনহাতে গোৰ্খা ছাত্র সংগঠনটোৰ সাংস্কৃতিক বা অন্য যি কোনো কাৰ্য দুমাহৰ বাবে মাৰ্ঘেৰিটা বৌদ্ধিক সমাজে বৰ্জন কৰাৰ কথা ঘোষণা কৰিছে।

পৰিবেশ বিনষ্ট হ’ব পৰা কাৰ্য কৰা আৰু মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ গোৰ্খা সমাজৰ সকলোকে আহ্বান জনায় গোৰ্খা বৌদ্ধিক সমাজে|

গোৰ্খা ছাত্র নেতাৰ মন্তব্য উঠাই লোৱাৰ আহ্বান আছুৰঃ

মাৰ্ঘেৰিটা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি চিন্তু গগৈ আৰু সম্পাদকে ৰুপম বৰুৱাই এক প্রেছ বাৰ্তা যোগে গোৰ্খা ছাত্র সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ তৃতীয় দ্বিবাৰ্ষিক অধিবেশনৰ মুকলি সভাত সংগঠনটোৰ কেন্দ্রীয় উপসভাপতি গৰাকীৰ মন্তব্যত প্রতিক্ৰিয়া প্রকাশ কৰি উল্লেখ কৰে যে গোর্খা ৰ দৰে এটা বৃহৎ জনগোষ্ঠীয় সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি গৰাকীয়ে সম্প্ৰীতিৰ মিলন ভূমি মাৰ্ঘেৰিটাত আহি মাৰ্ঘেৰিটাবাসীক কৰা অপমান সূচক মন্তব্যত আমি দুখঃ প্ৰকাশ কৰিছো।

সমগ্ৰ মাৰ্ঘেৰিটা সমষ্টি কেৱল মাত্ৰ এটি জনগোষ্টীয়ে প্ৰতিনিধিত্ব কেতিয়াও নকৰে বিভিন্ন জাতি-জনজাতিৰ মিলনভূমি মাৰ্ঘেৰিটাত কৰা এই মন্তব্য উঠাই লৈ অনাগত দিনত সাম্প্ৰদায়িক মন্তব্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।

Recent News

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd