• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

GU-ৰ আজৱ সিদ্ধান্ত- প্ৰতিবছৰে শিক্ষাৰ্থীয়ে সলাব লাগিব হোষ্টেল; আন্দোলনৰ হুংকাৰ ছাত্ৰ সন্থাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 4, 2021 7:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূবৰ উচ্চ শিক্ষাৰ পীঠস্থানস্বৰূপ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শেহতীয়া এক নিৰ্দেশনাক লৈ বিপাঙত পৰিছে ছাত্ৰ সমাজ।

এই বৰ্ষৰ নামভৰ্তিৰ লগে লগে হোষ্টেলসমূহৰ নামভৰ্তি প্ৰক্ৰিয়াও আৰম্ভ হৈছে।

Apply Now

অনলাইন যোগে চলি থকা এই প্ৰক্ৰিয়াত কৰ্তৃপক্ষই এইবাৰ সংযোজন ঘটাইছে এটি বিশেষ বিধিৰ।

এজন ছাত্ৰ‌ই নিজৰ শৈক্ষিক পাঠ্যক্ৰমটো একেটা হোষ্টেলতে থাকি সম্পূৰ্ণ কৰিব নোৱাৰিব। পৰৱৰ্তী বৰ্ষৰ নামভৰ্তিৰ সময়ত তেওঁক বেলেগ এটা আৱাসলৈ নিজৰ সম্পূৰ্ণ ব্যয়-বস্তু, নথি-পত্ৰৰে সৈতে স্থানান্তৰিত হ’বলৈ বাধ্য কৰোৱা হ’ব পাৰে।

অৰ্থাৎ দুবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম পঢ়াসকলে দুবাৰকৈ আৰু ইন্ট্ৰিগেটেড্ পাঠ্যক্ৰম পঢ়াসকলে চাৰি-পাঁচবাৰ পৰ্যন্ত সলাই থাকিবলগীয়া হ’ব হোষ্টেল।

এই আজৱ সিদ্ধান্তৰ বিপৰীতে কোনো যুক্তি প্ৰদৰ্শন কৰা হোৱা নাই যদিও বিশ্ববিদ্যালয় চৌহদত ছাত্ৰ শক্তিৰ একতা আৰু ছাত্ৰ-ছাত্ৰীৰ গণতান্ত্ৰিক চেতনা, ছাত্ৰ ৰাজনীতিৰ উত্তৰণত ব্যাঘাত জন্মাবলৈয়ে যে এই সিদ্ধান্ত লৈছে সেইয়া বোধগম্য।

এই বিধি প্ৰকাশ পোৱাৰ লগে লগে জাঙুৰ খাই উঠিছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল।

আজি সদৌ অসম ছাত্র সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয় গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় গোটৰ এটি প্ৰতিনিধি দলে এই সিদ্ধান্ত বাতিল কৰাৰ দাবীত বিশ্ববিদ্যালয় শ্ৰেণীসমূহৰ সচিবক সাক্ষাৎ কৰি স্মাৰকপত্ৰ দাখিল কৰে।

স্মাৰকপত্ৰখনৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয় আছু গোটৰ সভাপতি-সাধাৰণ সম্পাদক স্বপ্নালী দত্ত-গৌৰাংগ কলিতা আৰু আইন মহাবিদ্যালয় আছু গোটৰ সভাপতি-সাধাৰণ সম্পাদক ছন্দামিতা কলিতা-নয়নজ্যোতি শৰণীয়াই কয় যে বছৰে বছৰে বেলেগ বেলেগ হোষ্টেললৈ স্থানান্তৰিত কৰি থকাৰ নিয়ম ছাত্ৰ-ছাত্ৰীৰ মানসিক স্থিৰতা আৰু শৈক্ষিক পৰিৱেশ-পৰিকল্পনাৰ চূড়ান্ত পৰিপন্থী।

এই বিধিৰ জৰিয়তে আৱাস-নিৱাসক কেন্দ্ৰ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যুগ যুগ ধৰি গঢ় লৈ অহা সাংস্কৃতিক, ক্ৰীড়া কেন্দ্ৰিক সুস্থ প্ৰতিযোগিতাৰ পৰিৱেশটোও চিৰকাললৈ নোহোৱা কৰিব বিচৰা হৈছে বুলি প্ৰতিনিধি দলটোৱে অভিযোগ কৰে।

এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ বাবে আৱাসৰ কোঠাতো নিজৰ শৈক্ষিক, সাংস্কৃতিক, বৌদ্ধিক চিন্তা-চেতনাৰ আখৰাস্থলীস্বৰূপ।

আৱাসটোৰে থকা একাত্মতাই ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত উত্তৰণ আৰু সামাজিক চেতনাৰ বহিঃপ্ৰকাশত প্ৰতি নিয়ত প্ৰেৰণা যোগায়।

তেনেস্থলত কেৱল ঐক্যবদ্ধ ছাত্ৰ শক্তিৰ প্ৰভাৱ নোহোৱা কৰি কৰ্তৃপক্ষৰ স্বেচ্ছাচাৰ চলোৱাৰ স্বাৰ্থতেই বলৱৎ কৰিব খোজা এই নিয়ম গ্ৰহণযোগ্য নহয়। এইয়া হাৰাশাস্তিৰ নামান্তৰহে হ’ব।

প্ৰতিনিধি দলটোক নেতৃত্ব দিয়া আছু নেতা বিমান হালৈয়ে সংবাদ-বিজ্ঞপ্তিত ক্ষোভ উজাৰি কয় যে কৰ্তৃপক্ষ‌ই উপলব্ধি কৰা উচিত যে বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় মুৰব্বীসকলৰ বাবে আবন্টিত বিশেষ আটক ধুনীয়া গৃহসমূহ বা শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলৰ বাবে আবন্টিত গৃহসমূহ বছৰে বছৰে সলাবলগীয়া হ’লে যি পৰিমাণৰ মানসিক অসন্তোষ, সময়-শক্তিৰ অপচয় আৰু পৰিকল্পনাৰ ব্যাঘাত হ’ব, দূৰ-দূৰণিৰ পৰা পৰিয়াল এৰি আহি আৱাস-নিৱাসসমূহত শৈক্ষিক আশ্ৰয়ৰ সন্ধান কৰা নিৰ্দোষ ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰতো সেই অসন্তোষ, সময়-শক্তিৰ অপচয় আৰু পৰিকল্পনাৰ ব্যাঘাত সমানুপাতিক।

সেয়ে, ছাত্ৰ-ছাত্ৰীসকলক দুঃচিন্তাৰ পৰিৱেশৰ পৰা মুক্তি দিবলৈ এক জাননীৰ জৰিয়তে এই বিধি প্ৰত্যাহাৰ কৰিব‌ই লাগিব বুলিও সংগঠনটোৰ নেতৃত্বই দাবী জনায়।

ইফালে এই বিধি বাতিল নহ’লে গণতান্ত্ৰিক প্ৰতিবাদৰ পথ ল’বলৈ ছাত্ৰ সন্থা বাধ্য হ’ব বুলি প্ৰছে বিজ্ঞপ্তিটোত উল্লেখ কৰে।

আছুৰ প্ৰতিনিধি দলটোত বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰূপম কাশ্যপ মহন্ত, বিশ্ববিদ্যালয় আছু গোটৰ উপ-সভাপতি ৰতীশ ৰয়ো উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd