শ্বীনা বৰা হত্যাকাণ্ড : আদালতত সম্পূৰ্ণ হ’ল মিখাইলৰ জেৰা

sheena-pic-570x320

মাতৃ ইন্দ্রাণী আৰু সহযোগীয়ে মিলি হত্যা কৰা শ্বীনা বৰা।

শ্বীনা বৰা হত্যাকাণ্ড সন্দৰ্ভত আদালতত মিখাইল বৰাৰ জেৰা সোমবাৰে সম্পূৰ্ণ হৈছে। এই গোচৰৰ মূল অভিযুক্ত হৈছে মিখাইলৰ মাতৃ ইন্দ্ৰাণী মুখাৰ্জী আৰু প্ৰাক্তন মিডিয়া বেৰণ পীটাৰ মুখাৰ্জী।

নিউ ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত প্ৰকাশিত এক বাতৰিত প্ৰকাশ পাইছে যে চিবিআইৰ বিশেষ আদালতত ন্যায়াধীশ জে চি জাগদালেৰ অধীনত বিগত এমাহ ধৰি তেওঁৰ জেৰা চলিছিল। ২০১২ চনত সংঘটিত হোৱা হত্যাকাণ্ডটোৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত মিখাইল হৈছে পোন্ধৰ নম্বৰ সাক্ষী।

বাতৰিটোত লগতে কোৱা হৈছে যে সোমবাৰে পীটাৰ মুখাৰ্জীৰ অধিবক্তা শ্ৰীকান্ত শিৱডেই মিখাইলক জেৰা কৰে। এটা প্ৰশ্নৰ উত্তৰত মিখাইলে জনায় যে পীটাৰ মুখাৰ্জীৰ পুত্ৰ ৰাহুল মুখাৰ্জীৰ সৈতে শ্বীনাৰ সম্পৰ্কটো পীটাৰ আৰু ইন্দ্ৰাণীয়ে ‘ভালপোৱা নাছিল’’ বুলি শ্বীনাই তেওঁক কৈছিল।

মিখাইলে আদালতক জনায় যে তেওঁ এই কথাটো তেওঁৰ জবানবন্দী গ্ৰহণ কৰাৰ সময়ত চিবিআইৰ আগত সদৰী কৰিছিল। জবানবন্দী দিয়াৰ সময়ত তেওঁক ‘কেৱল নিৰ্বাচিত তথ্যহে প্ৰকাশ কৰিবলৈ’ আৰক্ষীয়ে নিৰ্দেশ দিয়াৰ কথা মিখাইলে অস্বীকাৰ কৰে।

প্ৰতিপক্ষৰ অধিবক্তাই আঙুলিয়াই দিয়ে যে আদালতত মিখাইলে প্ৰকাশ কৰা গোচৰটোৰ লগত জড়িত বিভিন্ন তথ্য তেওঁ আৰক্ষী বা চিবিআইক দিয়া জবানবন্দীত উল্লেখ নাই। মূল অভিযুক্ত ইন্দ্ৰাণীৰ পূৰ্বৰ বিবাহ সম্পৰ্কৰ পৰা হোৱা কন্যা শ্বীনাক (২৪) অভিযোগ অনুসৰি ২০১২ চনৰ এপ্ৰিলত হত্যা কৰা হৈছিল।

অৱশ্যে এই ঘটনা পোহৰলৈ আহে ২০১৫ চনৰ আগষ্ট মাহত যেতিয়া পীটাৰ মুখাৰ্জীৰ ড্ৰাইভাৰ শ্যামবৰ ৰাইক এক মাৰণাস্ত্ৰ ৰখাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁ সকলো সদৰী কৰে। মুম্বাই আৰক্ষীয়ে শ্বীনাক হত্যা কৰাৰ অভিযোগত ইন্দ্ৰাণী, খান্না আৰু ৰাইক গ্ৰেপ্তাৰ কৰে। পিছত এই হত্যাৰ ষড়যন্ত্ৰত জড়িত থকাৰ অভিযোগত পীটাৰ মুখাৰ্জীকো গ্ৰেপ্তাৰ কৰা হয়।