বিজেপিৰ এগৰাকী ব্যৱসায়ী বিধায়ক হ’ল অশোক সিংঘাল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ মূল কাণ্ডাৰী এইজনেই। ফাঁচী বজাৰৰ পৰা এজন প্ৰতিনিধি তেওঁলোকক লাগে, এই দাবী বহুদিনৰ পৰাই আছিল। সিংঘাল কোম্পানীয়ে পূব গুৱাহাটী, পশ্চিম গুৱাহাটী সমষ্টিটো কাটি-কুটি এনেদৰে সজালে যাতে সমষ্টিটোত খিলঞ্জীয়াতকৈ অনা-অসমীয়া ভোটাৰ বেছি থাকে। এই সমষ্টিটো যাতে চিৰদিনৰ বাবে অনা-অসমীয়া বেপাৰী শ্ৰেণীটোৰ হাতত থাকে, তেনে এক পৰিকল্পনাৰে মধ্য গুৱাহাটী নাম দি সমষ্টিটো সজাই-পৰাই ল’লে। অসমীয়াসকলৰ লগতে সাধাৰণভাৱে জীয়াই থকা সকলো ভাষা-ভাষীৰ লোকৰ বাবে ই কিমান ভয়ানক আৰু সুদূৰপ্ৰসাৰী হ’ব পাৰে, হিন্দী আৰু হিন্দুপ্ৰীতিত অন্ধ হৈ থকা আমাৰ চিন্তাশূন্য, অবিবেচক অন্ধভক্তসকলে বুজিবই পৰা নাই। কোটি কোটি টকাৰ বিনিময়ত আচলতে এই সমষ্টিটো বিক্ৰী কৰা হ’ল গুপ্তা নামধাৰী বণিয়াৰ হাতত। ধনৰ বিনিময়ত লাভ কৰা এই সমষ্টিটোত তেওঁ কি সেৱা কৰিব এতিয়াও আমাৰ ভোঁদা মাথাই বুজি উঠা নাই। জনসেৱা কৰাৰ কথা, গতিকে বিধায়ক হ’বই লাগিব। আনহাতে কুংকী চৌধুৰী গুৱাহাটীৰ এক প্ৰাচীন আৰু অভিজাত পৰিয়াল গিৰিজা চৌধুৰীৰ তৃতীয় প্ৰজন্মৰ সদস্য। শিক্ষা ক্ষেত্ৰখনত তেওঁলোকৰ পৰিয়ালৰ অৱদান বহুত। তেওঁ নিজেও উচ্চ শিক্ষিতা। আমি কথাই কথাই জেন-জিৰ কথা কওঁ, নতুন প্ৰজন্মৰ হাতত ক্ষমতা দিয়াৰ কথা কওঁ, কিন্তু বাস্তৱত? কিমানজন জুবিন-জেনে দলীয় স্বাৰ্থ বিসৰ্জন দি নতুন প্ৰজন্মৰ প্ৰাৰ্থীগৰাকীৰ প্ৰতি সমৰ্থন জনোৱাৰ নৈতিক দায়িত্ব পালন কৰিব, সেইটোহে চিন্তনীয়।শাসকীয় দলটোৱে কথাই কথাই শৰাইঘাটৰ শেষ ৰণৰ উদাহৰণ দিয়ে। শৰাইঘাটৰ ৰণত লাচিত বৰফুকনৰ বীৰত্ব আৰু অসমৰ জাতীয় আৱেগ আজিও লুইতৰ বুকুৰে বৈ আছে। শৰাইঘাটৰ ৰণ বিজয়ৰ নেপথ্যত লাচিতৰ লগত নাছিল হিন্দু, নাছিল মুছলমান, আছিল বৃহত্তৰ অসমীয়া সমাজৰ যুঁজাৰু মানসিকতাসম্পন্ন যুৱক আৰু কৃষকসকল।আকৌ মীৰজুমলাই অসম আক্ৰমণ কৰা কালত বাদুলী ফুকন, জগতৰাম ডেকা আদি ভালেমান কুলাংগাৰ অসমীয়া গৈ নবাবৰ লগ লৈছিল, যিটো সময়ত অসমৰ সন্মান ৰক্ষাত বাঘ হাজৰিকাৰ কথা ডঃ সূৰ্য কুমাৰ ভূঞাই উল্লেখ কৰিছে, সেই একেই সময়তে “জয়ধ্বজ সিংহ স্বৰ্গদেৱৰ পৰম বিশ্বাসী মনথিৰ ভঁৰালী বৰুৱা, বেজদলৈ ফুকনে মীৰজুমলাক আদৰিবৰ মনেৰে ভিতৰি মানুহ-দুনুহ পঠিয়াইছিল। কিন্তু সেই একে সময়তে অসমীয়া মুছলমানসকলে মোগলৰ সেনাপতি চৈয়দ বংশজাত অখণ্ড প্ৰতাপী মীৰজুমলাৰ প্ৰতি কোনো প্ৰকাৰৰ সহানুভূতি নেদেখুৱাইছিল।” মনথিৰ ভঁৰালী, জগতৰাম ডেকাই আহোম স্বৰ্গদেউৰ প্ৰতি কৰা বিশ্বাসঘাতকতা অসমৰ বুৰঞ্জীত এক কলংকিত অধ্যায়। পিছে দুখৰ বিষয়, অপৰাধীৰ তালিকাত নাম থকা অচিনাকি এই গুপ্তাক ৰঙা দলিছা পাৰি আদৰিবলৈ সাজু হৈছে মনথিৰ ভঁৰালী, বেজদলৈৰ উত্তৰাধিকাৰী শাসকীয় দলৰ একচ্ছত্ৰী সম্ৰাটগৰাকীয়ে। আৰু হিন্দু ৰাজনীতিৰ মায়াজালত বন্দী হৈ সাধাৰণ অসমীয়াই পাহৰি পেলাইছে অসমীয়াত্ব আৰু অসমৰ ঐতিহ্য। আজি যিসকলে নবীন চন্দ্ৰ বৰদলৈ, গোপীনাথ বৰদলৈ, দীনেশ গোস্বামী, হেম বৰুৱা আদিৰ আশীষধন্য গুৱাহাটীৰ দৰে এখন ঐতিহাসিক চহৰ অনা-অসমীয়া বণিয়া বেপাৰীৰ হাতত এৰি দিবলৈ ওলাইছে, আধুনিক অসমৰ ইতিহাসৰ পৃষ্ঠাত তেওঁলোক এদিন বদন বৰফুকন, মনথিৰ ভঁৰালীৰূপে চিহ্নিত হ’ব।কিন্তু ইয়াকে ভাবি আমি বহি থাকিলে হ’বনে? আমি সঠিক সিদ্ধান্ত ল’ব লাগিব আমাৰ স্বাভিমানৰ প্ৰশ্নত, এই স্বাভিমান কেৱল অসমীয়া হিচাপে নহয়, শান্তিপূৰ্ণ আৰু সন্মানসহ জীয়াই থাকিবলৈ অসমীয়া, বেংগলী, বিহাৰী আদি সকলো সাধাৰণ মানুহৰ যি অধিকাৰ, তাক মষিমূৰ কৰিব বিচৰা যিকোনো চক্ৰান্তৰ বিৰুদ্ধে এই স্বাভিমান, এইবাবেই গুৱাহাটীৰ ৰাইজ একত্ৰিত হ’বই লাগিব।
প্ৰণৱজ্যোতি ডেকা





