NORTHEAST NOW (Assamese)

গুৱাহাটীত এগৰাকী কণমাণিক ধৰ্ষণৰ চেষ্টা ৬০ বছৰীয়া ব্যক্তিৰ

July 18, 2023 12:54 pm · এন ই নাও নিউজ, গুৱাহাটী

গুৱাহাটী আৰক্ষীয়ে সোমবাৰে নিশা মহানগৰীৰ লাচিত নগৰ অঞ্চলত এগৰাকী নাবালিকাক ধৰ্ষণৰ চেষ্টা চলোৱা এজন আদবয়সীয়া লোকক গ্ৰেপ্তাৰ কৰে।

লাচিত নগৰৰ বাই-লেন নং ৮ ৰ পৰা এই জঘন্য ঘটনা সংঘ্টিত হৈছে।  সূত্ৰই জনোৱা মতে, অভিযুক্তই পিতৃ-মাতৃ ঘৰত নথকা অৱস্থাত ভুক্তভোগী কিশোৰীগৰাকীৰ ঘৰত সোমাই এই জঘন্য কাণ্ড সংঘটিত কৰিছিল।

ভোলা পাঞ্জিয়াৰ নামৰ বৃদ্ধ লোকজনে নাবালিকা গৰাকীক ধৰ্ষণৰ চেষ্টা চলাইছিল যদিও ঘৰৰ ভিতৰত হুলস্থুলৰ শব্দ শুনি সতৰ্ক চুবুৰীয়া কাষ চাপি আহে।

ইয়াৰ পিছতেই স্থানীয় লোকে পাঞ্জিয়াৰক আটক কৰি পল্টনবজাৰ আৰক্ষী চকীত চমজাই দিয়ে।

ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে পল্টন বজাৰ আৰক্ষীয়ে।

শেহতীয়াকৈ ডিব্ৰুগড় জিলাত এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত এজন ৬০ বছৰীয়া বৃদ্ধক গ্ৰেপ্তাৰ কৰা হৈছিল।

ঘটনাৰ অভিযোগ অনুসৰি ধীৰেন দত্ত ওৰফে ‘বাটা’ নামৰ এগৰাকী অভিযুক্তই ১৩ বছৰীয়া নাবালিকা কিশোৰীগৰাকীক ঘৰত অকলে থকা অৱস্থাত ধৰ্ষণ কৰিছিল।

জিলাখনৰ লখিনগৰ অঞ্চলত গাখীৰ বিক্ৰেতাৰ কাম কৰা অভিযুক্তই গাখীৰ বিক্ৰীৰ অজুহাতত ঘৰত উপস্থিত হৈ নাবালিকা ছোৱালীজনীক ঘৰত অকলে থকাৰ সুযোগ লৈ ধৰ্ষণ কৰে।

এই কাণ্ডৰ পিছতে স্থানীয় আৰক্ষীক জনোৱা হয় আৰু অভিযুক্তক আৰক্ষীৰ জিম্মাত লোৱা হয়।

Related News