NORTHEAST NOW (Assamese)

মহানগৰীৰ ভূতনাথত বাঁহৰ বজাৰ আৰু পুৰণি ছাগলীৰ বজাৰত প্ৰশাসনৰ উচ্ছেদ

May 7, 2020 1:11 pm · দীপজ্যোতি শৰ্মা
Updated: May 7, 2020 1:49 pm
ফটো : নৰ্থ-ইষ্ট নাও

আজি গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ ভূতনাথত অবৈধভাৱে বহি অহা বাঁহৰ বজাৰ আৰু পুৰণি ছাগলীৰ বজাৰত উচ্ছেদ অভিযান চলায়।

বাঁহৰ বজাৰৰ লগতে ছাগলীৰ বজাৰৰ অবৈধ গৃহ সমূহত প্ৰশাসনে বুলড’জাৰ ব্যৱহাৰ কৰি ভাঙি পেলায়।

বজাৰ দুখনৰ উপৰি অঞ্চলটোত অবৈধ ভাৱে গঢ়ি উঠিছিল মানুহৰ বসতি। অবৈদভাৱে বাহৰ পতা লোকসকলৰ ঘৰ সমূহো প্ৰশাসনে উচ্ছেদ কৰে।

উল্লেখ্য যে আজি উচ্ছেদ অভিযান চলোৱা স্থানতেই নিৰ্মাণ হৈ আছে মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলং।

এছ পি চিংলাৰ নেতৃত্বত দলংখনৰ নিৰ্মাণ চলি আছে যদিও এই স্থান সমূহত অবৈধভাৱে গঢ়ি উঠা বজাৰ সমূহৰ বাবে দলং নিৰ্মাণত বাধা আহিছিল। আৰু সেয়ে আজি প্ৰশাসনে উচ্ছেদৰ কাৰ্যসূচী গ্ৰহণ কৰে।

উচ্ছেদ চলোৱা সময়ত ঘটনাস্থলত উপস্থিত থকা প্ৰশাসনৰ লোকে জনোৱা অনুসৰি ২০২৩ ত সম্পূৰ্ণ হ’ব পৰাকৈ লগতে দলঙৰ নিৰ্মাণৰ গতিত যাতে কোনো বাধা নাহে সেই কথা লক্ষ্য কৰিয়েই উচ্ছেদ চলোৱা হৈছে।

উল্লেখ্য যে আজি উচ্ছেদ চলোৱা স্থানত ৯ টা পৰিয়ালে বাহৰ পাতি আছিল।

Related News