• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

খাৰঘুলিৰ জল বিষ্ফোৰণৰ তদন্তৰ দাবীৰে থানাত এজাহাৰ দাখিল ৰাইজৰ দলৰ

উচিত ক্ষতিপূৰণ দিয়ক ভুক্তভোগীক : ৰাইজৰ দল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2023 4:58 pm
4.6k
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে বিয়লি গুৱাহাটীৰ খাৰঘুলিত জল বোৰ্ডৰ নৱনিৰ্মিত পানীৰ পাইপ ফাটি সৃষ্টি হোৱা বৃহৎ পানীৰ সোঁতে অঞ্চলটোত মানুহ আৰু সম্পত্তিৰ বৃহৎ ক্ষতি সাধন কৰাৰ লগতে এগৰাকী মহিলাৰ মৃত্যু হোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৰাইজৰ দলে ।

আজি পুৱাৰ ভাগত দলৰ এটা প্ৰতিনিধি দলে সমগ্ৰ অঞ্চলটোৰ ক্ষয় ক্ষতিৰ বুজ লৈ ভুক্তভোগী পৰিয়াল কেইটাক সাক্ষাৎ কৰে। প্ৰতিনিধি দলটোৱে অভিযোগ কৰে যে গুৱাহাটী জল বোৰ্ড আৰু এন জে ইঞ্জিনিয়াৰিঙৰ গাফিলতিৰ ফলতে এই বৃহৎ অঘটন সংঘটিত হৈছে।

শেহতীয়াকৈ অঞ্চলটোত উদ্বোধন কৰা জাইকা পানী যোগান প্ৰকল্পৰ অংশ হিচাপে গেমন ইণ্ডিয়াই এই পানীৰ পাইপটো স্থাপন কৰিছিল। এই প্ৰকল্পৰ তদাৰক আৰু সঠিক ৰূপায়ণ নিশ্চিত কৰাৰ দায়িত্ব আছিল গুৱাহাটী জল ব’ৰ্ডৰ ওপৰত ।

সেয়ে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বড়া, সহকাৰী সম্পাদক আনিচুৰ ৰহমান, অতিৰিক্ত তথ্য আৰু প্ৰচাৰ সম্পাদক প্ৰণৱ ডেকা আৰু জাতীয় যুৱ বাহিনীৰ সাধাৰণ সম্পাদক বিকাশ ডেকা আজি লতাশিল থানাত উপস্থিত হৈ গুৱাহাটী জল বোৰ্ড আৰু এন জে ইঞ্জিনিয়াৰিঙৰ বিৰুদ্ধে নিম্নমানৰ সামগ্ৰীৰ ব্যৱহাৰ, অদক্ষ কাৰিকৰী কৰ্মীৰ হতুৱাই কাম কৰোৱা আৰু ব্যাপক দুৰ্নীতিৰ অভিযোগ আনি ৮১/২২৩ নম্বৰত এটা গোচৰ ৰুজু কৰে। ৰাইজৰ দলে ঘটনাৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ আৰু দায়বদ্ধ পক্ষক জবাবদিহি কৰাৰ বাবে দাবী জনায় ।

উল্লেখ্য যে পানী যোগানৰ পাইপ ফাটি যোৱাৰ ফলত সৃষ্টি হোৱা বৃহৎ পানীৰ ঢৌৰ ফলত সুমিত্ৰা ৰাভা নামৰ এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো ব্যক্তি আহত হয়।

এই ঘটনাত চাৰিচকীয়া আৰু দুচকীয়া বাহনকে ধৰি বাহনসমূহৰ লগতে ওচৰৰ কেইবাটাও ঘৰৰ ব্যাপক ক্ষতিসাধন হয়। সেয়ে ৰাইজৰ দলে ক্ষতিগ্ৰস্তসকলক অতিশীঘ্ৰে পৰ্যাপ্ত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনায়।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd