• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহানগৰীৰ বৃদ্ধ দম্পতীৰ লোমহৰ্ষক হত্যাকাণ্ড; মূল অপৰাধীক চিনাক্ত কৰাত অপাৰগ মহানগৰ আৰক্ষী!

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
October 29, 2021 7:28 am
murder-in-Guwahati
261
VIEWS
Share on FacebookShare on Twitter

Beltola old couple murder case ইতিমধ্যে ৪৮ ঘণ্টা পাৰ হ’ল বৃদ্ধ দম্পতী ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাৰ হত্যাকাণ্ডৰ! ফিংগাৰ প্ৰিন্টৰ ভিত্তিত তথা সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছে পৰিচালক আকাশ চৌধুৰীক! বেলতলাৰ চন্দন নগৰৰ বাসিন্দা ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাৰ হত্যাকাণ্ডত মূল অভিযুক্ত হিচাপে লোৱা হৈছে আকাশক।

প্ৰশ্ন হৈছে, খিৰিকিৰ গ্ৰীলৰ ফিংগাৰ প্ৰিন্টৰ বাহিৰে অন্য ক্লু লাভ কৰিছে নে আৰক্ষীয়ে?

হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ আৰু পটাগুটিত থকা ফিংগাৰ প্ৰিন্ট কাৰ? সেয়া আকাশৰ হয় নে? সেয়া বৰ্তমানো ৰাজহুৱা কৰা নাই মহানগৰ আৰক্ষীয়ে।

আৰক্ষীয়ে গ্ৰীলৰ ফিংগাৰ প্ৰিন্টকে মূল ক্লু হিচাপে ল’লে ‘তদন্ত বা বিচাৰ প্ৰক্ৰিয়াৰ বাবে প্ৰমাণ হিচাপে এই ফিংগাৰ প্ৰিন্ট যথেষ্ট হ’ব নে?

সঠিক ৰূপত চলা নাই নেকি আৰক্ষীৰ তদন্ত? যাৰ ফলত প্ৰকৃত অপৰাধী পুনৰ এবাৰ হাত সাৰি যাব নেকি? এনেবোৰ প্ৰশ্নই উত্থাপন হৈছে সচেতন মহলত।

এই প্ৰশ্ন এইবাবেই উত্থাপন হৈছে….. কিয়নো এই চিচি টিভি ফুটেজলৈ মন কৰিলে দেখা যায়….. মুখত মাস্ক পৰিহিত আৰু মুখত কাপোৰ মেৰিওৱা দুজন ব্যক্তি… ‘সময় তেতিয়া মাজনিশা প্ৰায় ২:০১ বজা’  পাঁচ মিনিটৰ ব্যৱধানত তেওঁলোকে দুবাৰকৈ প্ৰৱেশ কৰিছিল মৃত ননীগোপাল বৰুৱাৰ বাসগৃহত।

দ্বিতীয়বাৰ হাতত লাঠি লৈ প্ৰৱেশ কৰা দেখা গৈছে লোক দুজনক। বৰ্তমানো এই লোকদুজনক চিনাক্ত কৰিব পৰা নাই মহানগৰ আৰক্ষীয়ে।

স্মাৰ্ট আৰক্ষীৰ ব্যৰ্থতা উদঙাই গ্ৰেপ্তাৰ কৰিব পৰা নাই এই দুজন লোকক । কোনো চুপাৰি কিলাৰ নেকি এই দুজন লোক?

ইপিনে,  এই হত্যাৰ অভিযোগত অভিযুক্ত আকাশ চৌধুৰীয়ে বৰ্তমানলৈকে মুখ খোলা নাই আৰক্ষীৰ সন্মুখত।

বাৰম্বাৰ তেওঁ আৰক্ষীৰ জেৰাত কৈ আহিছে ‘আকাশে হত্যা কৰা নাই বৃদ্ধ দম্পতীক’ কোনে হত্যা কৰিছিল আকাশে নাজানে।

প্ৰশ্ন হৈছে, কোনো ভূ-মাফিয়াৰ চকু পৰিছিল নেকি বৰুৱাৰ বিশাল সম্পত্তিত?

বিশাল সম্পত্তিৰ লালসাত ঘৰত দুগৰাকী জীয়ৰী নথকাৰ সুযোগ লৈ হত্যা কৰা হ’ল নেকি বৰুৱা দম্পতীক?

কিয়নো বৰুৱাৰ দুয়োগৰাকী জীয়ৰী কৰ্মসূত্ৰে ক্ৰমে লণ্ডন আৰু মুম্বাইত থাকে। কৰ্মৰ বহু ব্যস্ততাৰ বাবেই গুৱাহাটীৰ বাসগৃহলৈ খুব কমেই আহে দুয়ো। সেয়েহে যোৱা প্ৰায় ১৮ বছৰে আকাশ চৌধুৰী আৰু তেওঁৰ পত্নী পুতু দাসে চোৱা চিতা কৰি আহিছিল বৃদ্ধা দম্পতীক।

ইপিনে, আকাশ চৌধুৰীয়ে মুখ নোখোলাৰ বাবে তেওঁৰ পত্নী পুতু দাসক পানবজাৰ মহিলা আৰক্ষীয়ে আটক কৰি জেৰা অৱ্যাহত ৰাখিছে।

সুত্ৰ অনুসৰি বৰ্তমানলৈকে মুখ খোলা নাই আকাশৰ পত্নীয়েও, তিনি-চাৰিগৰাকী মহিলা আৰক্ষীয়ে জেৰা চলোৱাৰ পাছতো তেঁৱো আকাশে বৃদ্ধ দম্পতীক হত্যা কৰা নাই বুলিয়ে আৰক্ষীৰ আগত স্বীকাৰোক্তি দি আহিছে….. সেয়েহে হয়তো এই পৰ্য্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই পুতু দাসক। 

ইপিনে, আকাশ চৌধুৰীৰ কল ডিটেইলছৰ ভিত্তিত আৰক্ষীয়ে চাৰিগৰাকী লোকক আটক কৰিছিল যদিও বুধবাৰে নিশাই তেওঁলোকক জেৰাৰ অন্তত যাবলৈ দিয়া হয়।

আনহাতে, মহানগৰীত দিনক দিনে বৃদ্ধি পাবলৈ লৈছে হত্যাকাণ্ডৰ দৰে অপৰাধৰ ঘটনা। ডিম্পল কুমাৱটৰ পৰা আৰম্ভ কৰি বৃদ্ধ দম্পতীৰ হত্যাকাণ্ডলৈকে বহুকেইটা হত্যাকাণ্ড ইতিমধ্যে সংঘটিত হ’ল।

সেয়েহে ‘আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ দিশটোৰ ওপৰত বাৰুকৈয়ে প্ৰশ্ন উত্থাপিত হৈছে।  

মহানগৰীৰ বহু ঠাইত নাই ষ্ট্ৰীট লাইট আৰু চিচি টিভি কেমেৰা! গুৱাহাটীৰ দৰে মহানগৰীত নাই আৰক্ষীৰ বিশেষ তহলদাৰীৰ ব্যৱস্থা!

প্ৰশ্ন হৈছে “কিমান বিজ্ঞানসন্মত আৰক্ষীৰ তদন্ত ব্যৱস্থা? এতিয়া প্ৰশ্ন হৈছে ‘প্ৰকৃততে আকাশ চৌধুৰীয়ে হত্যাকাৰী হয় নে?

নে কেঁচু খান্দোতে ওলাব সাপ? অন্য কোনো চুপাৰি কিলাৰো জড়িত আছে নেকি বৰুৱা দম্পতীৰ হত্যাকাণ্ডত?

Recent News

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd