• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীৰ বৃদ্ধ দম্পতীৰ লোমহৰ্ষক হত্যাকাণ্ড; মূল অপৰাধীক চিনাক্ত কৰাত অপাৰগ মহানগৰ আৰক্ষী!

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
October 29, 2021 7:28 am
murder-in-Guwahati
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Beltola old couple murder case ইতিমধ্যে ৪৮ ঘণ্টা পাৰ হ’ল বৃদ্ধ দম্পতী ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাৰ হত্যাকাণ্ডৰ! ফিংগাৰ প্ৰিন্টৰ ভিত্তিত তথা সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছে পৰিচালক আকাশ চৌধুৰীক! বেলতলাৰ চন্দন নগৰৰ বাসিন্দা ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাৰ হত্যাকাণ্ডত মূল অভিযুক্ত হিচাপে লোৱা হৈছে আকাশক।

প্ৰশ্ন হৈছে, খিৰিকিৰ গ্ৰীলৰ ফিংগাৰ প্ৰিন্টৰ বাহিৰে অন্য ক্লু লাভ কৰিছে নে আৰক্ষীয়ে?

হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ আৰু পটাগুটিত থকা ফিংগাৰ প্ৰিন্ট কাৰ? সেয়া আকাশৰ হয় নে? সেয়া বৰ্তমানো ৰাজহুৱা কৰা নাই মহানগৰ আৰক্ষীয়ে।

Apply Now

আৰক্ষীয়ে গ্ৰীলৰ ফিংগাৰ প্ৰিন্টকে মূল ক্লু হিচাপে ল’লে ‘তদন্ত বা বিচাৰ প্ৰক্ৰিয়াৰ বাবে প্ৰমাণ হিচাপে এই ফিংগাৰ প্ৰিন্ট যথেষ্ট হ’ব নে?

সঠিক ৰূপত চলা নাই নেকি আৰক্ষীৰ তদন্ত? যাৰ ফলত প্ৰকৃত অপৰাধী পুনৰ এবাৰ হাত সাৰি যাব নেকি? এনেবোৰ প্ৰশ্নই উত্থাপন হৈছে সচেতন মহলত।

এই প্ৰশ্ন এইবাবেই উত্থাপন হৈছে….. কিয়নো এই চিচি টিভি ফুটেজলৈ মন কৰিলে দেখা যায়….. মুখত মাস্ক পৰিহিত আৰু মুখত কাপোৰ মেৰিওৱা দুজন ব্যক্তি… ‘সময় তেতিয়া মাজনিশা প্ৰায় ২:০১ বজা’  পাঁচ মিনিটৰ ব্যৱধানত তেওঁলোকে দুবাৰকৈ প্ৰৱেশ কৰিছিল মৃত ননীগোপাল বৰুৱাৰ বাসগৃহত।

দ্বিতীয়বাৰ হাতত লাঠি লৈ প্ৰৱেশ কৰা দেখা গৈছে লোক দুজনক। বৰ্তমানো এই লোকদুজনক চিনাক্ত কৰিব পৰা নাই মহানগৰ আৰক্ষীয়ে।

স্মাৰ্ট আৰক্ষীৰ ব্যৰ্থতা উদঙাই গ্ৰেপ্তাৰ কৰিব পৰা নাই এই দুজন লোকক । কোনো চুপাৰি কিলাৰ নেকি এই দুজন লোক?

ইপিনে,  এই হত্যাৰ অভিযোগত অভিযুক্ত আকাশ চৌধুৰীয়ে বৰ্তমানলৈকে মুখ খোলা নাই আৰক্ষীৰ সন্মুখত।

বাৰম্বাৰ তেওঁ আৰক্ষীৰ জেৰাত কৈ আহিছে ‘আকাশে হত্যা কৰা নাই বৃদ্ধ দম্পতীক’ কোনে হত্যা কৰিছিল আকাশে নাজানে।

প্ৰশ্ন হৈছে, কোনো ভূ-মাফিয়াৰ চকু পৰিছিল নেকি বৰুৱাৰ বিশাল সম্পত্তিত?

বিশাল সম্পত্তিৰ লালসাত ঘৰত দুগৰাকী জীয়ৰী নথকাৰ সুযোগ লৈ হত্যা কৰা হ’ল নেকি বৰুৱা দম্পতীক?

কিয়নো বৰুৱাৰ দুয়োগৰাকী জীয়ৰী কৰ্মসূত্ৰে ক্ৰমে লণ্ডন আৰু মুম্বাইত থাকে। কৰ্মৰ বহু ব্যস্ততাৰ বাবেই গুৱাহাটীৰ বাসগৃহলৈ খুব কমেই আহে দুয়ো। সেয়েহে যোৱা প্ৰায় ১৮ বছৰে আকাশ চৌধুৰী আৰু তেওঁৰ পত্নী পুতু দাসে চোৱা চিতা কৰি আহিছিল বৃদ্ধা দম্পতীক।

ইপিনে, আকাশ চৌধুৰীয়ে মুখ নোখোলাৰ বাবে তেওঁৰ পত্নী পুতু দাসক পানবজাৰ মহিলা আৰক্ষীয়ে আটক কৰি জেৰা অৱ্যাহত ৰাখিছে।

সুত্ৰ অনুসৰি বৰ্তমানলৈকে মুখ খোলা নাই আকাশৰ পত্নীয়েও, তিনি-চাৰিগৰাকী মহিলা আৰক্ষীয়ে জেৰা চলোৱাৰ পাছতো তেঁৱো আকাশে বৃদ্ধ দম্পতীক হত্যা কৰা নাই বুলিয়ে আৰক্ষীৰ আগত স্বীকাৰোক্তি দি আহিছে….. সেয়েহে হয়তো এই পৰ্য্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই পুতু দাসক। 

ইপিনে, আকাশ চৌধুৰীৰ কল ডিটেইলছৰ ভিত্তিত আৰক্ষীয়ে চাৰিগৰাকী লোকক আটক কৰিছিল যদিও বুধবাৰে নিশাই তেওঁলোকক জেৰাৰ অন্তত যাবলৈ দিয়া হয়।

আনহাতে, মহানগৰীত দিনক দিনে বৃদ্ধি পাবলৈ লৈছে হত্যাকাণ্ডৰ দৰে অপৰাধৰ ঘটনা। ডিম্পল কুমাৱটৰ পৰা আৰম্ভ কৰি বৃদ্ধ দম্পতীৰ হত্যাকাণ্ডলৈকে বহুকেইটা হত্যাকাণ্ড ইতিমধ্যে সংঘটিত হ’ল।

সেয়েহে ‘আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ দিশটোৰ ওপৰত বাৰুকৈয়ে প্ৰশ্ন উত্থাপিত হৈছে।  

মহানগৰীৰ বহু ঠাইত নাই ষ্ট্ৰীট লাইট আৰু চিচি টিভি কেমেৰা! গুৱাহাটীৰ দৰে মহানগৰীত নাই আৰক্ষীৰ বিশেষ তহলদাৰীৰ ব্যৱস্থা!

প্ৰশ্ন হৈছে “কিমান বিজ্ঞানসন্মত আৰক্ষীৰ তদন্ত ব্যৱস্থা? এতিয়া প্ৰশ্ন হৈছে ‘প্ৰকৃততে আকাশ চৌধুৰীয়ে হত্যাকাৰী হয় নে?

নে কেঁচু খান্দোতে ওলাব সাপ? অন্য কোনো চুপাৰি কিলাৰো জড়িত আছে নেকি বৰুৱা দম্পতীৰ হত্যাকাণ্ডত?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd