• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ এইবাৰৰ দুৰ্গা পূজাৰ উপহাৰ হ’ব দেশৰ দীৰ্ঘতম ৰ’পৱে’

৮০গৰাকী যাত্ৰী পাৰ হ’ব পাৰিব এবাৰত। পৰিদৰ্শনৰ বাবে আহিব ছুইছ বিশেষজ্ঞ।

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 28, 2019 7:24 pm
Guwahati ropeway to start before this Durga Puja

ৰ’পৱে’ৰ প্ৰতীকী ছবি।

20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত স্বাস্থ্য ও বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা এপ্ৰিল মাহতে উত্তৰ গুৱাহাটী-গুৱাহাটী মহানগৰ সংযোগী ৰ’পৱে’ ৰাইজৰ বাবে মুকলি কৰি দিব বুলি ঘোষণা কৰিছিল যদিও চলিত বৰ্ষৰ দুৰ্গা পুজাৰ সময়তহে দেশৰ ভিতৰত আটাইতকৈ দীঘল এই ৰ’পৱে’ সেৱা আৰম্ভ হ’ব বুলি জি এম ডি এ’ৰ মুখ্য কাৰ্য্যবাহী বিষয়া মলয় বৰাই নৰ্থ ইষ্ট নাওক জনায়।

‘টাৱাৰৰ কাম আৰু লিফ্টৰ কাম চলি আছে। অহা চেপ্তেম্বৰ নাইবা অক্টোবৰৰ ভিতৰত অৰ্থাৎ দুৰ্গা পূজাৰ সময়তে ৰাইজৰ যাতায়াতৰ বাবে মুকলি কৰি দিয়া হ’ব।’ নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত বৰাই এইদৰে কয়।

Apply Now

ইপিনে, যাত্ৰীসকলৰ সুৰক্ষাৰ দিশটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়েই এই ৰ’পৱে’ নিৰ্মাণৰ কাম কিছু লেহেমীয়া হোৱা বুলি তেওঁ উল্লেখ কৰে।

‘যাত্ৰীসকলৰ সুৰক্ষাটোহে আচল কথা। তাৰ বাবে অহা মাহৰ ভিতৰত চুইজাৰলেণ্ডৰ পৰা গৱেষকৰ দল আহি ৰ’পৱে’টো পৰীক্ষণ কৰিব।’ বৰাই এইদৰে কয়।

২ কিল’মিটাৰ দৈৰ্ঘ্যৰ এই ৰ’পৱে’ত দুটাকৈ কে’জ থাকিব। এবাৰত এটা কে’জেৰে ৮০ জনকৈ যাত্ৰী ব্ৰহ্মপুত্ৰৰ ওপৰেদি পাৰ হ’ব পাৰিব বুলি মলয় বৰাই আমাৰ সাংবাদিকৰ আগত কয়।

ইয়াৰোপৰি, ভাৰত চৰকাৰৰ অধীনৰ সংস্থা ৰাইটছ আৰু দামোদৰ ৰ’পৱে’জ ইয়াৰ নিৰ্মাণৰ দায়িত্বত থকা বুলি বৰাই জানিবলৈ দিয়ে। লগতে প্ৰায় ৫৩ কোটি টকা ব্যয় সাপেক্ষে এই ৰ’পৱে’টো নিৰ্মাণ কৰা হৈছে।

বৰাই কয় ‘এই ৰ’পৱে’ নিৰ্মাণত বিশ্বমানৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। দুটাকৈ কে’জ চুইজাৰলেণ্ডৰ পৰা অনা হৈছে।’

আনহাতে ৰ’পৱে’টোৰ দক্ষিণ মূৰটো কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্যালয়ৰ ওচৰত স্থাপন কৰাৰ বিপৰীতে উত্তৰ মূৰটো থাকিব দৌল গোবিন্দ মন্দিৰৰ পিছফালে থকা এটা সৰু পাহাৰৰ টিলাত।

উল্লেখ্য যে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে’ নিৰ্মাণৰ বাবে ২০০৬ চনত কংগ্ৰেছ চৰকাৰৰ দিনতে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু ২০০৯ চনৰ ৪ ডিচেম্বৰত তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰিছিল। তাৰ পাছত ৰ’পৱে’ নিৰ্মাণৰ কাম চৰকাৰী অৱহেলাত কেইবাবছৰ ধৰি বন্ধ হৈ পৰি থকাৰ পিছত ২০১৭ চনৰ পৰা পুনৰ কাম আৰম্ভ হয়।

এক সূত্ৰৰ পৰা জানিব পৰা মতে দামোদৰ ৰ’পৱে’ নামৰ কোম্পানীটোৱে নিৰ্মাণ কৰি থকা ৰ’পৱে’ৰ গম্বুজ স্থাপনৰ কাম চলি থকাৰ সময়তে নদীৰ মাজত নিৰ্মাণ কৰি থকা এটা গম্বুছ কাৰিকৰী ভুলৰ বাবে নিৰ্মীয়মান অৱস্থাত হালি পৰাত ইয়াক ঠিক কৰাৰ বাবে ওচৰৰে ‘উৰ্বশী’ নামেৰে পৰিচিত শিলাখণ্ডত ৰছী সংযোগ কৰা হৈছিল, কিন্তু প্ৰত্নতত্ব বিভাগে শিলাখণ্ডটোক ৰ’পৱে’ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰাত বাধা আৰোপ কৰে। ফলস্বৰূপে ২০১১ চনৰ ফেব্ৰুবাৰিৰ পৰা ৰজ্জুপথ নিৰ্মাণৰ কাম বন্ধ হৈ পৰে।

পিছত মহানগৰ উন্নয়ন প্ৰাধিকৰনে উৰ্বশী শিলাখণ্ডৰ পৰা নিৰ্দিষ্ট দূৰত্বত বিকল্প গম্বুজ নিৰ্মাণৰ প্ৰস্তাৱ দিয়ে। অৱশ্যে বিভিন্ন পৰ্য্যালোচনা আৰু নিৰীক্ষণ আদিৰ পিছত ২০১৫ চনৰ এপ্ৰিলত ৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন প্ৰাধিকৰণে উৰ্বশী শিলাখণ্ডৰ ক্ষতি নকৰাকৈ ৰ’পৱে’ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ পুনৰ অনুমতি দিয়ে যদিও নিৰ্মাণকাৰী সংস্থাই তেতিয়াৰ কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্য চৰকাৰক অতিৰিক্তকৈ ২৭ কোটি টকা বিচাৰি আৱেদন কৰিছিল যদিও ৰাজ্য চৰকাৰখনে কোনো গুৰুত্ব নিদিয়াত ইয়াৰ নিৰ্মাণৰ কাম বন্ধ হৈ পৰে।

অৱশ্যে পিছত বিজেপি মিত্ৰজোঁট চৰকাৰখনে নিৰ্মাণৰ বাকী কামৰ বাবে প্ৰয়োজন হোৱা অতিৰিক্ত ধনৰ অনুমোদন দিয়াত ২০১৭ চনৰ পৰা ৰজ্জুপথ নিৰ্মাণৰ কাম পুনৰ কাম আৰম্ভ হয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

September 8, 2026 8:36 am
একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

September 8, 2026 7:16 am
মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

September 8, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd