NORTHEAST NOW (Assamese)

গুৱাহাটী বিশ্ববিদ্যালয়ত অঘটন! চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে বাছি ল’লে চৰম পন্থা

December 17, 2024 2:53 pm · এন ই নাও নিউজ, গুৱাহাটী

গুৱাহাটী বিশ্ববিদ্যালয়ত এটাৰ পাছত আন এটা অথন্তৰ। কিছুদিন পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয় বোমাৰ আতংকই চাঞ্চল্য সৃষ্টি কৰিছিল আৰু এইবাৰ আন এক ঘটনা।

এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত এজন লোকে চৰম সিদ্ধান্ত গ্ৰহণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰক্ষী কাৰ্যালয়ৰ সন্মুখত চৰম সিদ্ধান্ত গ্ৰহণ কৰে এজন লোকে।

চৰম সিদ্ধান্ত গ্ৰহণ কৰা লোকজন মইনুল ইছলাম বুলি জানিব পৰা গৈছে।

বিশ্ববিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল মইনুল ইছলাম।

কিন্তু লোকজনে কিয় এই সিদ্ধান্ত গ্ৰহণ কৰিলে এতিয়াও জানিব পৰা হোৱা নাই।উক্ত ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে মহানগৰ আৰক্ষীয়ে।

Related News