• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীত হাই এলাৰ্ট! নিৰ্বাচন আয়ুক্তৰ বাসভৱনৰ বাহিৰত কটকটীয়া নিৰাপত্তা

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি তীব্ৰতৰ হৈ পৰা প্ৰতিবাদৰ মাজতে দিল্লী আৰক্ষীয়ে লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ বিৰুদ্ধে দুখনকৈ এফআইআৰ ৰুজু কৰিছে। আনহাতে, অহা ১০ অক্টোবৰত হ'বলগীয়া প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত ৰাজধানী দিল্লীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 8, 2026 1:29 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু নিৰ্বাচন আয়োগৰ কাৰ্যকলাপৰ বিৰুদ্ধে সমগ্ৰ দেশত তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে দিল্লী আৰক্ষীয়ে লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ বিৰুদ্ধে দুখনকৈ এজাহাৰ ৰুজু কৰিছে। ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াত ব্যাপক অনিয়ম আৰু ভোটাৰৰ নাম কৰ্তনৰ অভিযোগ তুলি ইণ্ডিয়া মিত্ৰজোঁটৰ সাংসদসকলে মঙলবাৰে (৬ অক্টোবৰ) আৰু বুধবাৰে (৭ অক্টোবৰ) প্ৰতিবাদ সাব্যস্ত কৰিছিল। নিৰ্বাচন আয়োগৰ কাৰ্যালয় আৰু যন্তৰ-মন্তৰলৈ যোৱাৰ পথত প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰাৰ লগতে আৰক্ষীয়ে তেওঁলোকক আটক কৰিছিল।

 

Apply Now

দিল্লী আৰক্ষীয়ে বুধবাৰে আকাশবাণী ভৱন চৌহদত ‘অনধিকাৰ প্ৰৱেশ’ কৰাৰ অভিযোগত প্ৰথমখন আৰু বৃহস্পতিবাৰে পুৱা উইণ্ডছৰ চাৰ্কলত প্ৰতিবাদৰ সময়ত আৰক্ষীক আক্ৰমণ কৰা আৰু চৰকাৰী কামত বাধা দিয়াৰ অভিযোগত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে দ্বিতীয়খন এফআইআৰ ৰুজু কৰে। আৰক্ষীৰ তথ্য অনুসৰি, বুধবাৰৰ প্ৰতিবাদৰ সময়ত কেইবাগৰাকীও সাংসদ আৰু নেতাসহ মুঠ ৯১ জন লোকক আটক কৰা হয়। ইপিনে, তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰ আৰু প্ৰিয়ংকা গান্ধী ৱাদ্ৰাকে ধৰি কেইবাগৰাকীও সাংসদে প্ৰতিবাদৰ সময়ত আৰক্ষীৰ সৈতে হোৱা হতাহতিত আঘাতপ্ৰাপ্ত হোৱা বুলি দাবী কৰিছে।

 

ইফালে, ককৰোচ জনতা পাৰ্টী আৰু আইছা, এছএফআই তথা এআইএছএফকে ধৰি কেইবাটাও ছাত্ৰ সংগঠনে মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত্যাগৰ দাবীত অহা ১০ অক্টোবৰত যন্তৰ-মন্তৰত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনাইছে। অৱশ্যে আৰক্ষীয়ে এই প্ৰতিবাদৰ বাবে আনুষ্ঠানিক অনুমতি প্ৰদান কৰা নাই। বাতৰি অনুসৰি, দিল্লী আৰক্ষীয়ে নাগৰিকসকলক এই প্ৰতিবাদত অংশগ্ৰহণ নকৰিবলৈ আহ্বান জনাই বিভিন্ন ছাত্ৰাৱাসৰ গৰাকী, বজাৰ সমিতি আৰু আৱাসিক কল্যাণ সমিতিসমূহৰ সৈতে বৈঠক অনুষ্ঠিত কৰিছে। লগতে, জুলাই মাহত হোৱা প্ৰতিবাদত অংশ লোৱা ‘অপৰাধমূলক পটভূমি’ৰ প্ৰায় ২৮০০ লোকক আৰক্ষীয়ে নিৰীক্ষণত ৰখা বুলি জানিব পৰা গৈছে। চিজিপিৰ মুখপাত্ৰ আশুতোষ ৰাংকাই অভিযোগ কৰা মতে, ১০ অক্টোবৰৰ প্ৰতিবাদত অংশগ্ৰহণ কৰাত বাধা দিবলৈ মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগত তেওঁলোকৰ হাজাৰ হাজাৰ স্বেচ্ছাসেৱকক আৰক্ষীয়ে আটক কৰিছে।

 

দেশজুৰি অব্যাহত থকা এই প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰা হৈছে। বৰ্তমানৰ ‘জেড প্লাছ’ (Z+) নিৰাপত্তাৰ লগতে তেওঁৰ বাসভৱনৰ বাহিৰত অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। আনহাতে, দিল্লীত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে পশ্চিমবংগ, ছত্তীশগড় আৰু জম্মু-কাশ্মীৰৰ পৰা প্ৰায় ১২,০০০ কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ জোৱানক বিমানেৰে ৰাজধানীলৈ অনাৰ ব্যৱস্থা কৰিছে বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“জ্ঞানেশ কুমাৰ গাদী এৰক!” বেংগালুৰুত চিজেপিৰ প্ৰতিবাদত ধ্ৰুৱ ৰাঠী আৰু প্ৰকাশ ৰাজ

“জ্ঞানেশ কুমাৰ গাদী এৰক!” বেংগালুৰুত চিজেপিৰ প্ৰতিবাদত ধ্ৰুৱ ৰাঠী আৰু প্ৰকাশ ৰাজ

October 8, 2026 2:17 pm
দিল্লীত হাই এলাৰ্ট! নিৰ্বাচন আয়ুক্তৰ বাসভৱনৰ বাহিৰত কটকটীয়া নিৰাপত্তা

দিল্লীত হাই এলাৰ্ট! নিৰ্বাচন আয়ুক্তৰ বাসভৱনৰ বাহিৰত কটকটীয়া নিৰাপত্তা

October 8, 2026 1:29 pm
কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

October 8, 2026 11:55 am
চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

October 8, 2026 9:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“জ্ঞানেশ কুমাৰ গাদী এৰক!” বেংগালুৰুত চিজেপিৰ প্ৰতিবাদত ধ্ৰুৱ ৰাঠী আৰু প্ৰকাশ ৰাজ

“জ্ঞানেশ কুমাৰ গাদী এৰক!” বেংগালুৰুত চিজেপিৰ প্ৰতিবাদত ধ্ৰুৱ ৰাঠী আৰু প্ৰকাশ ৰাজ

October 8, 2026 2:17 pm
দিল্লীত হাই এলাৰ্ট! নিৰ্বাচন আয়ুক্তৰ বাসভৱনৰ বাহিৰত কটকটীয়া নিৰাপত্তা

দিল্লীত হাই এলাৰ্ট! নিৰ্বাচন আয়ুক্তৰ বাসভৱনৰ বাহিৰত কটকটীয়া নিৰাপত্তা

October 8, 2026 1:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd