• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইচ১এন১ নে সাধাৰণ চৰ্দি-জ্বৰ? জানি লওক মূল লক্ষণসমূহ

বৰ্তমান সময়ত দেশৰ লগতে বিশ্বজুৰি এইচ১এন১ অৰ্থাৎ সোৱাইন ফ্লুৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। নেচনেল চেণ্টাৰ ফৰ ডিজিজ কন্ট্ৰোলৰ তথ্য অনুসৰি এই সংক্ৰমণ নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ বাবে অহৰহ সজাগতাৰ প্ৰয়োজন। সোৱাইন ফ্লুৰ প্ৰাৰম্ভিক লক্ষণসমূহ সাধাৰণ চৰ্দি-জ্বৰৰ সৈতে মিল থকা বাবে বহু সময়ত ৰোগী বিভ্ৰান্ত হয়, কিন্তু সময়মতে উপযুক্ত চিকিৎসা নাপালে ই গুৰুতৰ স্বাস্থ্য সংকটৰ সৃষ্টি কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2026 12:56 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান সময়ত দেশৰ লগতে বিশ্বজুৰি এইচ১এন১ অৰ্থাৎ সোৱাইন ফ্লুৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। নেচনেল চেণ্টাৰ ফৰ ডিজিজ কন্ট্ৰোলৰ তথ্য অনুসৰি এই সংক্ৰমণ নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ বাবে অহৰহ সজাগতাৰ প্ৰয়োজন। সোৱাইন ফ্লুৰ প্ৰাৰম্ভিক লক্ষণসমূহ সাধাৰণ চৰ্দি-জ্বৰৰ সৈতে মিল থকা বাবে বহু সময়ত ৰোগী বিভ্ৰান্ত হয়, কিন্তু সময়মতে উপযুক্ত চিকিৎসা নাপালে ই গুৰুতৰ স্বাস্থ্য সংকটৰ সৃষ্টি কৰিব পাৰে।

 

Apply Now

এইচ১এন১ হৈছে ‘ইনফ্লুৱেনজা এ’ ভাইৰাছৰ এটা উপপ্ৰকাৰ, যাক সাধাৰণ ভাষাত সোৱাইন ফ্লু বুলি জনা যায়। এইটো এটা সংক্ৰামক শ্বাসকষ্টজনিত ৰোগ, যিয়ে মানুহৰ নাক, ডিঙি আৰু হাওঁফাওঁ আক্ৰান্ত কৰে। মূলতঃ আক্ৰান্ত ব্যক্তিৰ কাহ, হাঁচিৰ পৰা উৎপন্ন পানীৰ কণাৰ জৰিয়তে এই ভাইৰাছ এজনৰ পৰা আনজনলৈ দ্ৰুতগতিত বিয়পে।

 

এইচ১এন১ ভাইৰাছত সংক্ৰমিত হ’লে প্ৰথম দিনাই শৰীৰত কেইবাটাও বিশেষ লক্ষণ প্ৰকাশ পায়। সংক্ৰমণৰ পিছত হঠাৎ শৰীৰৰ উত্তাপ ১০০ ডিগ্ৰী ফাৰেনহাইট (৩৭.৮ ডিগ্ৰী চেলছিয়াছ)তকৈ ওপৰলৈ বৃদ্ধি পোৱাৰ লগতে কঁপুনি আৰু তীব্ৰ জাৰ লাগিব পাৰে। সাধাৰণ চৰ্দিৰ তুলনাত এইচ১এন১ত শৰীৰ আৰু মাংসপেশীৰ বিষ অতি তীব্ৰ হয়। ইয়াৰ উপৰিও ভাইৰাছে শ্বাস-প্ৰশ্বাসৰ নলী সংক্ৰমিত কৰাৰ বাবে কেইবাদিনো ধৰি শুকান কাহ আৰু ধাৰাবাহিক মূৰৰ বিষ হ’ব পাৰে। আনহাতে, শৰীৰত চাইট’কাইন নামৰ প্ৰ’টিনৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ ফলত আক্ৰান্ত ব্যক্তিজন তীব্ৰ ক্লান্তি, শক্তিহীনতা আৰু চৰম দুৰ্বলতাত ভোগে।

 

এইচ১এন১ আৰু সাধাৰণ চৰ্দি-জ্বৰৰ লক্ষণৰ মাজত কিছুমান স্পষ্ট পাৰ্থক্য আছে। এইচ১এন১ সংক্ৰমণত হঠাৎ তীব্ৰ জ্বৰ আহে, কিন্তু সাধাৰণ চৰ্দিত জ্বৰ হোৱাটো অতি বিৰল। সেইদৰে, সোৱাইন ফ্লুৰ ক্ষেত্ৰত শৰীৰৰ তীব্ৰ বিষ, সঘনাই মূৰৰ বিষ আৰু চৰম দুৰ্বলতা দেখা যায়, যিটো চৰ্দিত একেবাৰে সামান্য পৰিমাণেহে অনুভৱ হয়। ইয়াৰ বিপৰীতে, সাধাৰণ চৰ্দিত হাঁচি মৰা আৰু নাক বোৱাটোৱেই প্ৰধান লক্ষণ হ’লেও এইচ১এন১ৰ ক্ষেত্ৰত এই লক্ষণসমূহ তুলনামূলকভাৱে কম দেখা যায়।

 

সংক্ৰমণ অধিক গুৰুতৰ ৰূপ ধাৰণ কৰিলে কিছুমান বিপদজনক লক্ষণ প্ৰকাশ পাব পাৰে, যিবোৰ দেখা দিলে পলম নকৰি জৰুৰীভাৱে চিকিৎসাৰ ব্যৱস্থা কৰা উচিত। ৰোগীৰ উশাহ-নিশাহ ল’বলৈ কষ্ট পোৱা বা উশাহ চুটি হৈ পৰা, বুকুৰ অহৰহ বিষ বা হেঁচা অনুভৱ হোৱা, ওঁঠ বা মুখমণ্ডল নীলা পৰি যোৱা, মানসিক বিভ্ৰান্তি আৰু তীব্ৰ পানীশূন্যতা আদি লক্ষণক অত্যন্ত সংকটজনক বুলি গণ্য কৰা হয়। একেদৰে, প্ৰথম অৱস্থাত ৰোগৰ লক্ষণসমূহ কিছু উপশম হোৱাৰ পিছত যদি পুনৰ অৱস্থাৰ অৱনতি ঘটে, তেন্তে বিলম্ব নকৰি চিকিৎসকৰ কাষ চপাটো জৰুৰী।

 

বিশেষকৈ গৰ্ভৱতী মহিলা, বয়োবৃদ্ধ লোক, সৰু ল’ৰা-ছোৱালী, ডায়েবেটিছ আৰু হৃদৰোগত আক্ৰান্ত ব্যক্তি তথা শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকসকল এই ভাইৰাছৰ দ্বাৰা গুৰুতৰভাৱে আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক। সেয়েহে এই সংক্ৰমণৰ পৰা হাত সাৰিবলৈ সকলোৱে প্ৰতি বছৰে ফ্লু প্ৰতিষেধক গ্ৰহণ কৰা উচিত। ইয়াৰ উপৰিও নিয়মীয়াকৈ চাবোনেৰে হাত ধোৱা, কাহ বা হাঁচি মৰাৰ সময়ত মুখ আৰু নাক ঢাকি ৰখা আৰু অসুস্থ অনুভৱ কৰিলে ঘৰতে অৱস্থান কৰি আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শৰ পৰা আঁতৰত থকাটো অতি প্ৰয়োজনীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জেন-জিৰ প্ৰতিবাদৰ দ্বাৰা অনুপ্ৰাণিত কৃষক আন্দোলন : মধ্যপ্ৰদেশ চৰকাৰে মানি ল’লে দাবী

জেন-জিৰ প্ৰতিবাদৰ দ্বাৰা অনুপ্ৰাণিত কৃষক আন্দোলন : মধ্যপ্ৰদেশ চৰকাৰে মানি ল’লে দাবী

August 6, 2026 1:03 pm
এইচ১এন১ নে সাধাৰণ চৰ্দি-জ্বৰ? জানি লওক মূল লক্ষণসমূহ

এইচ১এন১ নে সাধাৰণ চৰ্দি-জ্বৰ? জানি লওক মূল লক্ষণসমূহ

August 6, 2026 12:56 pm
মোহন ভাগৱতে জেন জিৰ মনৰ ভাষা বুজি পাব জানো?

মোহন ভাগৱতে জেন জিৰ মনৰ ভাষা বুজি পাব জানো?

August 6, 2026 11:40 am
ৰাস্তা থাকিলে খোজকঢ়া মানুহৰ বাবে সুকীয়াকৈ পদপথ থাকিবই লাগিব: কেন্দ্ৰক উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

কেৱল বিধায়কৰ সংখ্যাগৰিষ্ঠতা থাকিলেই দলৰ ওপৰত কৰ্তৃত্ব খাটিব নোৱাৰিব: উচ্চতম ন্যায়ালয়

August 6, 2026 10:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জেন-জিৰ প্ৰতিবাদৰ দ্বাৰা অনুপ্ৰাণিত কৃষক আন্দোলন : মধ্যপ্ৰদেশ চৰকাৰে মানি ল’লে দাবী

জেন-জিৰ প্ৰতিবাদৰ দ্বাৰা অনুপ্ৰাণিত কৃষক আন্দোলন : মধ্যপ্ৰদেশ চৰকাৰে মানি ল’লে দাবী

August 6, 2026 1:03 pm
এইচ১এন১ নে সাধাৰণ চৰ্দি-জ্বৰ? জানি লওক মূল লক্ষণসমূহ

এইচ১এন১ নে সাধাৰণ চৰ্দি-জ্বৰ? জানি লওক মূল লক্ষণসমূহ

August 6, 2026 12:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd