• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২২ জানুৱাৰিত ফাঁচি নহয় নিৰ্ভয়াৰ চাৰি ধৰ্ষণকাৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 16, 2020 6:42 pm
Nirbhaya incedent

চাৰি ধৰ্ষণকাৰী

2.1k
VIEWS
Share on FacebookShare on Twitter

শেষমুহূৰ্তত চলি থকা জল্পনা-কল্পনাই সত্য হ’ল। আইনী জটিলতাৰ বাবে ২২ জানুৱাৰিৰ নিৰ্ধাৰিত তাৰিখত ফাঁচি দিয়া নহয় নিৰ্ভয়াৰ চাৰিজন ধৰ্ষণকাৰীক।

এতিয়া ধৰ্ষণকাৰী কেইজনক কেতিয়া ফাঁচি দিয়া হ’ব সেই সম্পৰ্কেও কোনো নিৰ্দিষ্ট তথ্য প্ৰকাশ কৰা হোৱা নায়।

পাতিয়ালা হাউচ কোৰ্টে তিহাৰ জেল কৰ্তৃপক্ষৰ পৰা ফাঁচিৰ সন্দৰ্ভত বিস্তাৰিত প্ৰতিবেদন বিচাৰিছে।

তথ্য মতে, তিহাৰ জেল কৰ্তৃপক্ষই দিল্লী প্ৰশাসনৰ পৰা ফাঁচিৰ নতুন তাৰিখ সম্বন্ধে জানিব বিচাৰিছে।

কিয় নিৰ্ভয়াৰ ধৰ্ষণকাৰীক ২২ জানুৱাৰিত ফাঁচি দিয়া নহয়? জানিব পৰা মতে, মুকেশ কুমাৰ নামৰ ধৰ্ষণকাৰী জনে ৰাষ্ট্ৰপতিৰ ওচৰত প্ৰাণভিক্ষাৰ আবেদন জনাইছে আৰু সেই আবেদন এতিয়াও খাৰিজ কৰা হোৱা নায়।

তিহাৰ কাৰাগাৰৰ নিয়ম অনুসৰি দোষীৰ ক্ষমাভিক্ষাৰ সমস্ত পথ বন্ধ হৈ যোৱাৰ পাছতো ১৪ দিন সময় দিয়া হয়। সেই নিয়ম পালন কৰিলে ২২ জানুৱাৰি ৰাতিপুলা ফাঁচি দিয়া সম্ভৱ নহ’ব, যাৰ বাবে দিল্লী চৰকাৰৰ পৰা ফাঁচীৰ নতুন তাৰিখ বিচাৰিছে কাৰাগাৰ কৰ্তৃপক্ষই।

আনহাতে, দোষীৰ মাজৰ পবন আৰু অক্ষয়ে এতিয়াও কিউৰেটিভ আবেদন দাখিল কৰা নাই, তেওঁলোকেও যদি আবেদন দাখিল কৰে তেন্তে ফাঁচিৰ প্ৰক্ৰিয়া আৰু পিছুৱাই যাব।

দিল্লী চৰকাৰে জনোৱা মতে, মুকেশৰ ক্ষমাভিক্ষাৰ আবেদন খাৰিজ কৰাৰ বাবে কেজৰিৱাল চৰকাৰে ৰাষ্ট্ৰপতিক উপ-ৰাজ্যপালৰ মাধ্যমেৰে আহ্বান জনাইছে।

উল্লেখযোগ্য যে, নিৰ্ভয়াৰ ধৰ্ষণকাৰীক ফাঁচিৰ দিন পিছুৱাই থকা কাৰ্য্যত ক্ষুব্ধ হৈ পৰিছে নিৰ্ভয়াৰ মাতৃ।

‘‘কাৰাগাৰ কৰ্তৃপক্ষৰ দোষ, চৰকাৰৰ দোষ, ন্যায়ালয়ৰ লেহেমীয়া গতি আমি কিয় যন্ত্ৰনা ভোগ কৰিব, দোষীৰ বাবে যদি হাজাৰটা ৰাস্তা খোলা থাকে মোৰ মৃত কন্যাক মাত্ৰ এটা ৰাস্তাৰে ন্যায় দিয়ক,’’ নিৰ্ভয়াৰ মাতৃয়ে সাংবাদিকৰ আগত কয়।

Recent News

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd