ভাৰতীয় বেটছমেন হনুমা বিহাৰীয়ে সোমবাৰে ছিডনী টেষ্টৰ দ্বিতীয় ইনিংছত ৰবিচন্দ্ৰন আশ্বিনৰ সৈতে ধৈৰ্য্য আৰু দৃঢ়তাৰে বেটিং কৰি মেচখন ড্ৰ কৰে।
দ্বিতীয় ইনিংছত বিহাৰীয়ে ১৬১ টা বলত ২৩ ৰান সংগ্ৰহ কৰে। তেওঁ প্ৰথম ১০০ টা বলত মাত্ৰ ৬ ৰান সংগ্ৰহ কৰিছিল।
ইয়াৰ লগে লগে তেওঁৰ নাম এক অনন্য অভিলেখত সন্নিবিষ্ট হয়।
বিহাৰী ইংলেণ্ডৰ জন মাৰেৰ পিছত টেষ্ট ক্ৰিকেটত লেহেমীয়া গতিত বেটিং কৰা দ্বিতীয়জন বেটছমেনত পৰিণত হয়।
১৯৬৩ চনত ছিডনী গ্ৰাউণ্ডতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১০০টা বল খেলি মাত্ৰ ৩ ৰান সংগ্ৰহ কৰিছিল মাৰেই।
উল্লেখ্য যে এটা সময়ত পৰাজয়ৰ শংকাত ভোগা ভাৰতীয় দলক মেচখন ড্ৰ কৰাত সফল কৰে ৰবিচন্দ্ৰন আশ্বিন আৰু বিহাৰিৰ সাহসিক আৰু দৃঢ়তাভৰা ইনিংছে।
আশ্বিন আৰু বিহাৰী দুয়োজনে প্ৰায় চাৰি ঘণ্টা বেটিং কৰে আৰু অষ্ট্ৰেলিয়াক বিজয়ৰ পৰা বঞ্চিত কৰে।
এই দুয়োজন বেটছমেনে ২৫৮ টা বল খেলি ৬২ ৰানৰ পাৰ্টনাৰশ্বিপ কৰিছিল। বিহাৰীয়ে ১৬১ টা বলত ২৩ ৰান আৰু আশ্বিনে ১২৮ টা বলত অপৰাজিত ৩৯ ৰান কৰে।
স্মৰ্তব্য যে, বেট ধৰিবলৈ অহাৰ কিছু সময় পিছতেই হেমষ্ট্ৰিঙৰ আঘাতত ভুগিছিল হনুমা বিহাৰীয়ে। যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ পিছতো কিন্তু তেওঁ খেলপথাৰ পৰিত্যাগ নকৰি দৃঢ়তাৰে বেটিং কৰি মেচখন ড্ৰ কৰে।
ভাৰতে তেওঁলোকৰ দ্বিতীয় ইনিংছত ৫ টা উইকেট হেৰুৱাই ৩৩৪ ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াই তেওঁলোকৰ প্ৰথম ইনিংছত ৩৩৮ ৰান সংগ্ৰহ কৰিছিল, প্ৰতিক্ৰিয়াত ভাৰতীয় দলে ২৪৪ ৰানত ইনিংছ সামৰে।
দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াই ৬ টা উইকেটত ৩১২ ৰান কৰি কৰিছিল আৰু মেচখনত ভাৰতক জিকিবলৈ ৪০৭ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল।