NORTHEAST NOW (Assamese)

গাগৰিণ নহয়, হনুমানজী আছিল বিশ্বৰ প্ৰথম মহাকাশচাৰী : স্কুলীয়া শিক্ষাৰ্থীক এই কথা বুজালে বিজেপিৰ সাংসদ অনুৰাগ ঠাকুৰে

August 25, 2025 9:44 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 25, 2025 12:14 pm

দেওবাৰে পি এম শ্ৰী স্কুলত ছাত্ৰ-ছাত্ৰীৰ সৈতে কথা পাতি থাকোঁতে অনুৰাগ ঠাকুৰে প্ৰশ্ন কৰে, “বিশ্বৰ প্ৰথম মহাকাশচাৰী কোন আছিল?” ছাত্ৰ-ছাত্ৰীসকলে সৰ্বসন্মতিক্ৰমে উত্তৰ দিলে যে সেইজন নীল আৰ্মষ্ট্ৰং।

ছাত্ৰ-ছাত্ৰীসকলে ভুল উত্তৰ দিয়াৰ পিছতো বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক ইউৰি গাগাৰিনৰ কথা কোৱাৰ সলনি তেওঁ কলে, “মই ভাবো বিশ্বৰ প্ৰথম মহাকাশচাৰী হনুমানজী আছিল।

বিজেপি নেতাজন ইয়াতেই থমকি ৰল। যুক্তি দি তেওঁ উত্তৰৰ আঁৰৰ কাৰণবোৰ বুজাই দিলে। সাংসদগৰাকীয়ে কয়, “যেতিয়ালৈকে আমি আমাৰ হাজাৰ হাজাৰ বছৰ পুৰণি পৰম্পৰা, জ্ঞান, সংস্কৃতিৰ বিষয়ে নাজানো, তেতিয়ালৈকে আমি ব্ৰিটিছে শিকোৱাৰ দৰেই থাকিম। তেওঁ বিদ্যালয়ৰ অধ্যক্ষক অনুৰোধ জনায় যে ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথিৰ বাহিৰলৈ গৈ দেশ আৰু ইয়াৰ পৰম্পৰা আৰু ৰীতি-নীতিৰ বিষয়ে চিন্তা কৰিবলৈ উৎসাহিত কৰক।

সাংসদগৰাকীৰ মতে, ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে বহু নতুন কথা চাবলৈ আৰু চিন্তা কৰাৰ সুযোগ পাব।

উল্লেখ্য যে ১৯৬১ চনত ৰাছিয়াৰ মহাকাশচাৰী ইউৰি গাগাৰিনে প্ৰথমবাৰৰ বাবে ভষ্টক ১ত মহাকাশলৈ গৈছিল। ভাৰতৰ প্ৰথম মহাকাশ যাত্ৰী আছিল ৰাকেশ শৰ্মা।

Related News