বিচ্ছেদ ঘটিল হাৰ্দিক-নাটাছাৰ! নেতৃত্ব হেৰুওৱাৰ পিছতে আউল লাগিল সংসাৰতো

অৱশেষত ভাৰতীয় দলৰ তাৰকা ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াই নাটাছা ষ্টেনকভিচৰ সৈতে বিচ্ছেদ ঘটালে। ভাৰতীয় দলৰ অধিনায়ক বা আনকি সহ অধিনায়ক হোৱাৰ সম্ভাৱনাও শেষ হোৱাৰ দিনা বৃহস্পতিবাৰেই নাটাছা-হাৰ্দিকৰ বিচ্ছেদৰ খবৰটোৱে চূড়ান্ত হৈ পৰিল।

ইয়াৰ আগতে হাৰ্দিক আৰু নাটাছাৰ বিচ্ছেদক ​​লৈ বহুদিন ধৰি জল্পনা-কল্পনা চলিছিল। কিন্তু, দুয়োজনেই বিষয়টো স্পষ্ট কৰা নাছিল। সেই জল্পনা-কল্পনা বৃহস্পতিবাৰে বাস্তৱ ৰূপ পালে।

হাৰ্দিক আৰু নাটাছাৰ বিবাহৰ চাৰি বছৰ হ’ল। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৪ সমাপ্ত হোৱাৰ পিছৰে পৰা দুয়োৰে মাজত বিচ্ছেদৰ চৰ্চা চলি আহিছে।

বৃহস্পতিবাৰে পাৰস্পৰিক বিচ্ছেদৰ অন্তত নাটাছাই এক বিবৃতিত কয় যে, ‘’৪ বছৰ একেলগে থকাৰ পিছত হাৰ্দিক আৰু মই ইজনে সিজনৰ পৰা পৃথক হোৱাৰ সিদ্ধান্ত লৈছো। আমি একেলগে যৎপৰোনাস্তি চেষ্টা কৰিলোঁ। আমাক সকলো দিছে। আমি বিশ্বাস কৰোঁ যে এই প্ৰচেষ্টা আমাৰ উভয়ৰে স্বাৰ্থত সৰ্বোত্তম আছিল। আমাৰ স্বাৰ্থত আছিল। আমি একেলগে আনন্দ, পাৰস্পৰিক সন্মান আৰু সংগ উপভোগ কৰিলোঁ। পৰিয়াল এটা ডাঙৰ কৰিবলৈ আমি নিজকে প্ৰস্তুত কৰিলোঁ। এই (বিচ্ছেদ) তাত এটা কঠিন সিদ্ধান্ত।’’

লগতে পঢ়কঃভোট জলকীয়াৰ পৰা তৈয়াৰী চিপছ খাই চিকিৎসালয়ত ভৰ্তি কমেও ১৪ গৰাকী জাপানী ছাত্ৰ-ছাত্ৰী

বিবৃতিটোত নাটাছাই লগতে লিখিছে, “আমি অগস্ত্যক (ল’ৰা) পাইছো। আমাৰ দুয়োৰে জীৱনত সি থাকিব। সহ-অভিভাৱক হিচাপে আমি নিশ্চিত কৰিম যে আমি তাৰ সুখৰ বাবে যি পাৰো কৰিম। আমি আন্তৰিকতাৰে আপোনালোকৰ সমৰ্থন বিচাৰিছো আৰু পৰিস্থিতিটো বুজাৰ বাবে অনুৰোধ কৰিছো। এই কঠিন আৰু স্পৰ্শকাতৰ সময়ত আমাক গোপনীয়তা ৰক্ষা কৰিবলৈ দিয়ক।”

শেহতীয়াকৈ টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ সহ অধিনায়ক আছিল হাৰ্দিক পাণ্ডিয়া। আই পি এলত মুম্বাই ইণ্ডিয়ানছ দলৰ অধিনায়ক হিচাপেও আছিল তেওঁ। টি-২০ বিশ্বকাপত ভাৰতৰ বিশ্বকাপ জয়ৰ ক্ষেত্ৰত হাৰ্দিকে ডাঙৰ ভূমিকা পালন কৰিছিল। বাৰ্বাডোছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা ফাইনেলতো তেওঁ দুৰ্দান্ত খেল খেলিছিল। শেষৰ অভাৰত তেওঁ বলিং কৰিবলৈ আহি ভাৰতৰ জয় নিশ্চিত কৰে। দক্ষিণ আফ্ৰিকা দলৰ স্তম্ভ ডেভিদ মিলাৰৰ উইকেট দখল কৰে। টি-২০ বিশ্বকাপৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে টি-২০ ফৰ্মেটত তেওঁক বিশ্বৰ এক নম্বৰ অল-ৰাউণ্ডাৰ হিচাপে মৰ্যাদা দিছে।

লগতে পঢ়কঃ অগ্নিগৰ্ভ বাংলাদেশ! কোটা বিৰোধী আন্দোলনত কমেও ৩২ গৰাকী শিক্ষাৰ্থীৰ মৃত্যু, নিশা ইন্টাৰনেট বন্ধ

মুম্বাই ইণ্ডিয়ানছত ৰোহিত শৰ্মাক অঁতৰাই অধিনায়ক হোৱা আৰু টি-২০ বিশ্বকাপত ৰোহিতৰ সহ অধিনায়ক হিচাপে থকাৰ পিছত ভবা হৈছিল যে ৰোহিতৰ অৱসৰৰ পিছত হাৰ্দিক পাণ্ডিয়াই ভাৰতীয় দলৰ অধিনায়ক হ’ব। কিন্তু, নতুন প্ৰশিক্ষক গৌতম গম্ভীৰৰ আপত্তিৰ বাবেই সেইটো হৈ নুঠিল। ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে গম্ভীৰৰ পৰীক্ষা চলিত মাহৰ পৰা শ্ৰীলংকা ভ্ৰমণৰ জৰিয়তে আৰম্ভ হ’ব। তাত হাৰ্দিকক অধিনায়ক বা উপ-অধিনায়ক নিযুক্তি দিয়া নহ’ল। বৃহস্পতিবাৰে ঘোষণা কৰা হয় দলটোৰ। আৰু, সেইদিনাই হাৰ্দিকৰ বিচ্ছেদৰ কথাও ঘোষণা কৰা হ’ল।