NORTHEAST NOW (Assamese)

মহানগৰৰ হাতীগাওঁ আৰক্ষীৰ বৃহৎ সফলতা : ডিমাপুৰৰ পৰা উদ্ধাৰ হাতীগাঁৱৰ অপহৃত যুৱক

September 7, 2018 11:38 am · কল্পজ্যোতি শইকীয়া
ডিমাপুৰৰ পৰা অপহৰণ কৰি নিয়া হাতীগাঁওৰ যুৱক ৰঞ্জন ছেত্ৰীক উদ্ধাৰ কৰে হাতীগাঁও আৰক্ষীয়ে। ফটো : নৰ্থইষ্ট নাও

ডিমাপুৰৰ হাফনগৰৰ এন এছ চি এন (আই এম) ৰ কেম্পৰ পৰা হাতীগাওঁ আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱা অভিযান চলাই উদ্ধাৰ কৰে গুৱাহাটীৰ হাতীগাৱঁৰ ৰঞ্জন ছেএী নামৰ অপহৃত এজন যুৱকক ৷

জানিব পৰা মতে যোৱা ২৩ আগষ্টত ডিমাপুৰৰ ফাৰহাউদ্দিন নামৰ এজন বন্ধুৰ ঘৰলৈ ফুৰিব গৈছিল ৰঞ্জন ছেএী নামৰ যুৱকজন ৷ কিন্তু ৩১ আগষ্টৰ দিনা দিন দুপৰতে ডিমাপুৰৰ বন্ধুৰ ঘৰৰ পৰাই এন এছ চি এন (আই এম)ৰ এটা দলে ছেত্ৰীক অপহৰণ কৰি নিছিল।

ইপিনে ১ ছেপ্টেম্বৰৰ দিনা অপহৰণকাৰীয়ে ৰঞ্জন ছেএীৰ পৰিয়ালক তেওঁৰ মুক্তিৰ বাবদ ৩ লাখ টকা মুক্তিপণ বিচাৰিছিল ৷ অৱশেষত বৃহস্পতিবাৰে সাহসিকতাৰে হাতীগাঁও আৰক্ষীয়ে কেম্পটোত অভিযান চলাই ৰঞ্জন ছেএীক উদ্ধাৰ কৰে৷

আনহাতে, উক্ত কেম্পটোৰ পৰাই হাতীগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰে ডিমাপুৰৰ আন দুজন অপহৃত যুৱকক। সম্প্ৰতি আন যুৱক দুজনক হাতীগাঁও আৰক্ষীয়ে ডিমাপুৰ আৰক্ষীক গতাই দিয়া বুলি জানিবলৈ দিছে।

Related News