ডিমাপুৰৰ হাফনগৰৰ এন এছ চি এন (আই এম) ৰ কেম্পৰ পৰা হাতীগাওঁ আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱা অভিযান চলাই উদ্ধাৰ কৰে গুৱাহাটীৰ হাতীগাৱঁৰ ৰঞ্জন ছেএী নামৰ অপহৃত এজন যুৱকক ৷
জানিব পৰা মতে যোৱা ২৩ আগষ্টত ডিমাপুৰৰ ফাৰহাউদ্দিন নামৰ এজন বন্ধুৰ ঘৰলৈ ফুৰিব গৈছিল ৰঞ্জন ছেএী নামৰ যুৱকজন ৷ কিন্তু ৩১ আগষ্টৰ দিনা দিন দুপৰতে ডিমাপুৰৰ বন্ধুৰ ঘৰৰ পৰাই এন এছ চি এন (আই এম)ৰ এটা দলে ছেত্ৰীক অপহৰণ কৰি নিছিল।
ইপিনে ১ ছেপ্টেম্বৰৰ দিনা অপহৰণকাৰীয়ে ৰঞ্জন ছেএীৰ পৰিয়ালক তেওঁৰ মুক্তিৰ বাবদ ৩ লাখ টকা মুক্তিপণ বিচাৰিছিল ৷ অৱশেষত বৃহস্পতিবাৰে সাহসিকতাৰে হাতীগাঁও আৰক্ষীয়ে কেম্পটোত অভিযান চলাই ৰঞ্জন ছেএীক উদ্ধাৰ কৰে৷
আনহাতে, উক্ত কেম্পটোৰ পৰাই হাতীগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰে ডিমাপুৰৰ আন দুজন অপহৃত যুৱকক। সম্প্ৰতি আন যুৱক দুজনক হাতীগাঁও আৰক্ষীয়ে ডিমাপুৰ আৰক্ষীক গতাই দিয়া বুলি জানিবলৈ দিছে।