• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজনীতিত দ্বিতীয় ইনিংছ আৰম্ভ কৰিব নেকি হৰভজন সিঙে? কি ক’লে তাৰকাগৰাকীয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 25, 2021 6:30 pm
133
VIEWS
Share on FacebookShare on Twitter

ৰাজনীতিত দ্বিতীয় ইনিংছ আৰম্ভ কৰিব নেকি হৰভজন সিঙে? কংগ্ৰেছত যোগ দিব নে বিজেপিত যোগ দিব টীম ইণ্ডিয়াৰ তাৰকা ক্ৰিকেটাৰজনে? পাঞ্জাৱ কংগ্ৰেছৰ নতুন মুখ হৈ পৰিব নেকি হৰভজন সিং?

শুকুৰবাৰে ক্ৰিকেট তাৰকাগৰাকীয়ে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰগ্ৰহণ কৰিছে। তাৰপাছতে তাৰকাৰগৰাকীয়ে ৰাজনীতিত যোগ দিয়াক লৈ চৰ্চা চলিছে।

অৱশ্যে সদ্যহতে তাৰকাগৰাকীয়ে এইসমূহৰ উত্তৰ দিব বিচৰা নাই। সাংবাদিকৰ আগত তেওঁ কয় যে তেওঁৰ ভৱিষ্যতৰ পৰিকল্পনাক লৈ এতিয়ালৈকে একো ভবা নাই।

ইতিমধ্যে কেইবাটাও ৰাজনৈতিক দলৰ পৰা তেওঁ প্ৰস্তাৱ লাভ কৰিছে বুলি মন্তব্য কৰে হৰভজনে। যদি ৰাজনীতিত জড়িত হয়, তেন্তে সকলোকে এই বিষয়ে সময়ত জনোৱা হ’ব বুলিও তেওঁ কয়।

তাৰকাগৰাকীক লৈ এই চৰ্চা আৰম্ভ হয় কিছু দিন পূৰ্বে পঞ্জাৱৰ কংগ্ৰেছ নেতা তথা প্ৰাক্তন ক্ৰিকেটাৰ নৱজোত সিং সিদ্ধুৱে সামাজিক মাধ্যমত প’ষ্ট কৰা এখন ফটোক লৈ।

সিদ্ধুৱে হৰভজনক লগ কৰাৰ এখন ফটো প’ষ্ট কৰে। ফটোখনৰ স’তে ইংৰাজীত তেওঁ কৌশলপূৰ্ণভাৱে এষাৰি বাক্য লিখে। তেওঁ লিখে যে ফটোখনে বহুতো সম্ভাৱনা প্ৰকট কৰিছে।

হৰভজনক তেওঁ shining star তথা উদ্ভাসিত তাৰকা হিচাপেও আখ্যা দিয়ে। কিন্তু খেলপথাৰত এগৰাকী কিংম্বদন্তি হিচাপে ইতিমধ্যে হৰভজন জনাজাত হৈ পৰিছে। কিন্তু তেনেস্থলত কিয় তাৰকাগৰাকীক উদ্ভাসিত তাৰকা বুলি সিদ্ধুৱে আখ্যা দিছে, সেই লৈও চৰ্চা আৰম্ভ কৰিছে। ৰাজনৈতিক জগততো উদ্ভাসিত তাৰকা হৈ পৰিবলৈ উলাইছে নেকি হৰভজন?

অৱশ্যে পাছত ফটোখনক লৈ হৰভজনে কয় যে যিহেতু পঞ্জাৱৰ নিৰ্বাচন চমু চাপি আহিছে, সেয়ে সিদ্ধুৰ স’তে তোলা ফটোখনক লৈ চৰ্চা আৰম্ভ হৈছে। প্ৰকৃততে সিদ্ধুৰ স’তে সাক্ষাৎটো ৰাজনৈতিক নাছিল বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

উল্লেখযোগ্য যে হৰভজনে ৰাজনীতিত প্ৰৱেশ কৰাৰ বিষয়টো ২০১৯ চনৰ লোক সভা নিৰ্বাচনৰ সময়তো উত্থাপন হৈছিল। তেতিয়াও তেওঁ বিষয়টো অগ্ৰাহ্য কৰিছিল।

আনহাতে, অহা ফেব্ৰুৱাৰী-মাৰ্চত পঞ্জাৱত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ইতিমধ্যে কংগ্ৰেছ- বিজেপি- আকালী দল আৰু আম আদমী পাৰ্টিয়ে ৰাজ্যখনক লৈ ব্যস্ত হৈ পৰিছে। কৃষি আইন বিৰোধী আন্দোলনৰ পৰাও ৰাজনৈতিক দল গঠন হৈছে।

তেনেস্থলত হৰভজন সিঙৰ দৰে চেলিব্ৰেটিয়ে কংগ্ৰেছত যোগদান কৰাৰ চৰ্চাটো লক্ষ্যণীয় হৈ পৰিছে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd