• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইয়াকে কয় নেকি মনোবল! ২৩৮ বাৰ পৰাজয়ৰ পিছতো নিৰ্বাচনলৈ পুনৰ সাজু পদ্মৰাজন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 28, 2024 8:33 pm
K Padmarajan Lok Sabha elections
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাষ চাপি আহিছে লোকসভা নিৰ্বাচন। সংসদত নিজৰ স্থান নিশ্চিত কৰাৰ বাবে এঘড়ী যুঁজিবলৈ সাজু হৈছে ৰাজনৈতিক নেতাসকল। আন কিছুৱে আকৌ চখ পূৰণৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মেলিছে। এনে এজন প্ৰাৰ্থী হৈছে কে পদ্মৰাজন।

তামিলনাডুৰ এই ব্যক্তিজনে একপ্ৰকাৰে সৃষ্টি কৰিছে অভিলেখ। বাৰে বাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰতিবাৰেই পৰাজয়ৰ মুখ দেখাৰ পিছতো যেন ভাগৰি পৰা নাই পদ্মৰাজন। আশ্চৰ্যকৰভাৱে তেওঁ আকৌ জয়ৰ আশাৰেও নিৰ্বাচন নেখেলে।

Apply Now

প্ৰকাশিত খবৰ অনুসৰি, কে পদ্মৰাজনে ২৩৮ বাৰ নিৰ্বাচনত পৰাজয়ৰ মুখ দেখিছে। পদ্মৰাজন এজন মেৰামতিৰ দোকানৰ মালিক। বৰ্তমান ৬৫ বছৰীয়া পদ্মৰাজনে ১৯৮৮ চনত তামিলনাডুৰ গৃহ চহৰ মেট্টুৰৰ পৰা প্ৰথমবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।

ইয়াৰ পিছৰে পৰা পদ্মৰাজনে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা আৰম্ভ কৰি স্থানীয় নিৰ্বাচনলৈকে, প্ৰতিটো নিৰ্বাচনত অংশগ্ৰহণ কৰি আহিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু মনমোহন সিং, বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ হাততো তেওঁ পৰাস্ত হৈছে।

এইবাৰ ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া সাধাৰণ নিৰ্বাচনত তেওঁ তামিলনাডুৰ ধৰ্মপুৰী জিলাৰ সংসদীয় আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ‘নিৰ্বাচন ৰজা’ হিচাপে জনপ্ৰিয় হৈ পৰা পদ্মৰাজনৰ বাবে আকৌ বিজয় মুখ্য নহয়। বৰং পৰাজয়তহে সুখী হয় তেওঁ। তেওঁৰ মতে, নিৰ্বাচনত নমাটোৱেই তেওঁৰ বাবে জয়।

তেওঁৰ প্ৰতিপক্ষ কোন, সেই ভাবিও পদ্মৰাজনে মূৰ নঘমায়। এতিয়া পদ্মৰাজনৰ মূল লক্ষ্য হৈছে তেওঁৰ পৰাজয়ৰ ধাৰা বৃদ্ধি কৰা। অৱশ্যে ইয়াৰ বাবে তিনি দশকৰো অধিক সময়ৰ মনোনয়ন মাচুলত তেওঁ হাজাৰ হাজাৰ টকাও খৰচ কৰিব লগা হৈছে।

‘লিমকা বুক অৱ ৰেকৰ্ডছ’ত ভাৰতৰ সৰ্বাধিক অসফল প্ৰাৰ্থী হিচাপে ইতিমধ্যে স্থান লাভ কৰিছে পদ্মৰাজনে। তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন আছিল ২০১১ চনত। সেইবাৰ তেওঁ মেট্টুৰত বিধানসভা নিৰ্বাচনত থিয় দিছিল আৰু ৬,২৭৩টা ভোট লাভ কৰিছিল।

কিন্তু পদ্মৰাজনে আকৌ আশা কৰা নাছিল এটাও ভোটৰ। ছয় সহস্ৰাধিক ভোট লাভ কৰাৰ পিছত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ইয়াৰ দ্বাৰা মানুহে যে তেওঁক গ্ৰহণ কৰিছে সেয়া প্ৰমাণিত হৈছে।

টায়াৰ মেৰামতি কৰা দোকানৰ উপৰিও পদ্মৰাজনে হোমিঅ’পেথিক চিকিৎসা প্ৰদান কৰে আৰু স্থানীয় সংবাদ মাধ্যমৰ সম্পাদক হিচাপে কাম কৰে। কিন্তু তেওঁৰ সকলো কৰ্মৰ ভিতৰত নিৰ্বাচনত যুঁজ দিয়াটোৱেই আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ।

অৱশ্যে এই আশ্চৰ্যকৰ চখৰ আঁৰত তেওঁৰ এক অন্য উদ্দেশ্য আছে বুলি জানিবলৈ দিছে পদ্মৰাজনে। তেওঁৰ মতে, মানুহে নিৰ্বাচনত নিজৰ মনোনয়ন দিবলৈ দ্বিধাবোধ কৰে। গতিকে মই আদৰ্শ হ’ব বিচাৰো, সজাগতা সৃষ্টি কৰিব বিচাৰো।”

এতিয়ালৈকে তেওঁ নিৰ্বাচনত অসংখ্য চিহ্ন প্ৰাৰ্থী প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে। মাছ, আঙঠি, টুপী, টেলিফোন ইত্যাদি চিহ্ন ব্যৱহাৰৰ পিছত এইবাৰ তেওঁৰ নিৰ্বাচনী প্ৰতীক হ’ব টায়াৰ।

পদ্মৰাজনে কয় যে তেওঁ শেষ উশাহলৈকে নিৰ্বাচনত যুঁজি থাকিব। কিন্তু যদি তেওঁ কেতিয়াবা জয়ী হয় তেন্তে তেওঁ স্তম্ভিত হৈ পৰিব বুলিহে মন্তব্য কৰে পদ্মৰাজনে। নিৰ্বাচনত কেনেবাকৈ জয়ী হ’লে হাৰ্ট এটেকহে আহিব বুলিহে পদ্মৰাজনে ব্যঙ্গ কৰি কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd