• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইয়াকে কয় নেকি মনোবল! ২৩৮ বাৰ পৰাজয়ৰ পিছতো নিৰ্বাচনলৈ পুনৰ সাজু পদ্মৰাজন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 28, 2024 8:33 pm
K Padmarajan Lok Sabha elections
247
VIEWS
Share on FacebookShare on Twitter

কাষ চাপি আহিছে লোকসভা নিৰ্বাচন। সংসদত নিজৰ স্থান নিশ্চিত কৰাৰ বাবে এঘড়ী যুঁজিবলৈ সাজু হৈছে ৰাজনৈতিক নেতাসকল। আন কিছুৱে আকৌ চখ পূৰণৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মেলিছে। এনে এজন প্ৰাৰ্থী হৈছে কে পদ্মৰাজন।

তামিলনাডুৰ এই ব্যক্তিজনে একপ্ৰকাৰে সৃষ্টি কৰিছে অভিলেখ। বাৰে বাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰতিবাৰেই পৰাজয়ৰ মুখ দেখাৰ পিছতো যেন ভাগৰি পৰা নাই পদ্মৰাজন। আশ্চৰ্যকৰভাৱে তেওঁ আকৌ জয়ৰ আশাৰেও নিৰ্বাচন নেখেলে।

প্ৰকাশিত খবৰ অনুসৰি, কে পদ্মৰাজনে ২৩৮ বাৰ নিৰ্বাচনত পৰাজয়ৰ মুখ দেখিছে। পদ্মৰাজন এজন মেৰামতিৰ দোকানৰ মালিক। বৰ্তমান ৬৫ বছৰীয়া পদ্মৰাজনে ১৯৮৮ চনত তামিলনাডুৰ গৃহ চহৰ মেট্টুৰৰ পৰা প্ৰথমবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।

ইয়াৰ পিছৰে পৰা পদ্মৰাজনে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা আৰম্ভ কৰি স্থানীয় নিৰ্বাচনলৈকে, প্ৰতিটো নিৰ্বাচনত অংশগ্ৰহণ কৰি আহিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু মনমোহন সিং, বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ হাততো তেওঁ পৰাস্ত হৈছে।

এইবাৰ ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া সাধাৰণ নিৰ্বাচনত তেওঁ তামিলনাডুৰ ধৰ্মপুৰী জিলাৰ সংসদীয় আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ‘নিৰ্বাচন ৰজা’ হিচাপে জনপ্ৰিয় হৈ পৰা পদ্মৰাজনৰ বাবে আকৌ বিজয় মুখ্য নহয়। বৰং পৰাজয়তহে সুখী হয় তেওঁ। তেওঁৰ মতে, নিৰ্বাচনত নমাটোৱেই তেওঁৰ বাবে জয়।

তেওঁৰ প্ৰতিপক্ষ কোন, সেই ভাবিও পদ্মৰাজনে মূৰ নঘমায়। এতিয়া পদ্মৰাজনৰ মূল লক্ষ্য হৈছে তেওঁৰ পৰাজয়ৰ ধাৰা বৃদ্ধি কৰা। অৱশ্যে ইয়াৰ বাবে তিনি দশকৰো অধিক সময়ৰ মনোনয়ন মাচুলত তেওঁ হাজাৰ হাজাৰ টকাও খৰচ কৰিব লগা হৈছে।

‘লিমকা বুক অৱ ৰেকৰ্ডছ’ত ভাৰতৰ সৰ্বাধিক অসফল প্ৰাৰ্থী হিচাপে ইতিমধ্যে স্থান লাভ কৰিছে পদ্মৰাজনে। তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন আছিল ২০১১ চনত। সেইবাৰ তেওঁ মেট্টুৰত বিধানসভা নিৰ্বাচনত থিয় দিছিল আৰু ৬,২৭৩টা ভোট লাভ কৰিছিল।

কিন্তু পদ্মৰাজনে আকৌ আশা কৰা নাছিল এটাও ভোটৰ। ছয় সহস্ৰাধিক ভোট লাভ কৰাৰ পিছত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ইয়াৰ দ্বাৰা মানুহে যে তেওঁক গ্ৰহণ কৰিছে সেয়া প্ৰমাণিত হৈছে।

টায়াৰ মেৰামতি কৰা দোকানৰ উপৰিও পদ্মৰাজনে হোমিঅ’পেথিক চিকিৎসা প্ৰদান কৰে আৰু স্থানীয় সংবাদ মাধ্যমৰ সম্পাদক হিচাপে কাম কৰে। কিন্তু তেওঁৰ সকলো কৰ্মৰ ভিতৰত নিৰ্বাচনত যুঁজ দিয়াটোৱেই আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ।

অৱশ্যে এই আশ্চৰ্যকৰ চখৰ আঁৰত তেওঁৰ এক অন্য উদ্দেশ্য আছে বুলি জানিবলৈ দিছে পদ্মৰাজনে। তেওঁৰ মতে, মানুহে নিৰ্বাচনত নিজৰ মনোনয়ন দিবলৈ দ্বিধাবোধ কৰে। গতিকে মই আদৰ্শ হ’ব বিচাৰো, সজাগতা সৃষ্টি কৰিব বিচাৰো।”

এতিয়ালৈকে তেওঁ নিৰ্বাচনত অসংখ্য চিহ্ন প্ৰাৰ্থী প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে। মাছ, আঙঠি, টুপী, টেলিফোন ইত্যাদি চিহ্ন ব্যৱহাৰৰ পিছত এইবাৰ তেওঁৰ নিৰ্বাচনী প্ৰতীক হ’ব টায়াৰ।

পদ্মৰাজনে কয় যে তেওঁ শেষ উশাহলৈকে নিৰ্বাচনত যুঁজি থাকিব। কিন্তু যদি তেওঁ কেতিয়াবা জয়ী হয় তেন্তে তেওঁ স্তম্ভিত হৈ পৰিব বুলিহে মন্তব্য কৰে পদ্মৰাজনে। নিৰ্বাচনত কেনেবাকৈ জয়ী হ’লে হাৰ্ট এটেকহে আহিব বুলিহে পদ্মৰাজনে ব্যঙ্গ কৰি কয়।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd