NORTHEAST NOW (Assamese)

অসামৰিক চিকিৎসালয়ৰ আধাৰশিলা স্থাপনৰ লগতে কহঁৰাত চিকিৎসালয়ৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰীৰ

October 13, 2018 7:45 am · উত্তম শইকীয়া
Updated: October 13, 2018 8:22 am

বোকাখাতত প্ৰস্তাৱিত শ্বহীদ কমলা মিৰি এশ বিছনাযুক্ত অসামৰিক চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ স্বাস্থ্য ও পৰিয়াল-কল্যাণ তথা বিত্ত আৰু গড়কাপ্তানি বিভাগৰ মন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই৷

১২ অক্টোবৰৰ বিয়লি বোকাখাতৰ চিকিৎসালয় চৌহদত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে অসামৰিক চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এই উপলক্ষে আয়োজিত এক অনুষ্ঠানতো অংশগ্ৰহণ কৰে৷

অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্বৰ উপৰিও বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰা, খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়া, দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন ভড়ালী, পৰ্যটন উন্নয়ন নিগমৰ সভাপতি জয়ন্ত মল্ল বৰুৱা আৰু উপ সভাপতি নৱদ্বীপ কলিতাৰ লগতে স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷

অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাই বোকাখাতৰ উন্নয়নৰ বাবে কেতবোৰ আঁচনিৰ কথা ঘোষণা কৰে৷ মন্ত্ৰী গৰাকীয়ে বোকাখাত সমষ্টিৰ কহঁৰাত নিৰ্মাণ কৰা ৩০ খন বিছনাযুক্ত কহঁৰা আদৰ্শ চিকিৎসালয়খনৰ নাম শ্বহীদ বেজা বৈষ্ণব ৰখাৰ কথা ঘোষণা কৰে। লগতে বোকাখাতত আইদেউ সন্দিকৈৰ নামত এটা প্ৰেক্ষাগৃহ নিৰ্মাণৰ কথাও বিত্ত আৰু গড়কাপ্তানি বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে৷

অনুষ্ঠানৰ শেষত তেওঁ কহঁৰালৈ গৈ নৱ-নিৰ্মিত আদৰ্শ চিকিৎসালয়খনৰ ফিটা কাটি দুৱাৰ মুকলি কৰে৷ সন্ধ্যা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্থানীয় লোক আৰু বিভাগীয় বিষয়াৰ সৈতে কাজিৰঙাত পৰ্যটনৰ বিকাশৰ বিষয়ে আলোচনাও কৰে।

Related News