• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৪ অক্টোবৰৰ প্ৰতিষ্ঠা দিৱসত শক্তি প্ৰদৰ্শনৰ প্ৰস্তুতি অগপৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 13, 2018 8:18 am
AGP

আমবাৰীৰ মুখ্য কাৰ্যালয়ত অগপ নেতৃত্ব। ফাইল ফটো

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৪ অক্টোবৰ অৰ্থাৎ দেওবাৰে অসমৰ আঞ্চলিক দল অসম গণ পৰিষদৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস। সময়ৰ দাবী সন্মুখত ৰাখি দলটোৱে নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে সাজু হৈছে। শিৱসাগৰ জিলাৰ আমগুৰিত কেন্দ্ৰীয়ভাৱে দলটোৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হ’ব।

অগপই প্ৰতিষ্ঠা দিৱসৰ দিনটোতে আগন্তুক নিৰ্বাচনৰ বাবে নিজৰ স্থিতি স্পষ্ট কৰাৰ লগতে ৰাজ্যখনৰ জনসাধাৰণৰ মনত উদ্ৰেক হোৱা প্ৰশ্নসমূহৰ সন্দৰ্ভত দলৰ ব্যাখ্যা দাঙি ধৰাৰ সম্ভাৱনা আছে।

Apply Now

আমগুৰিত অনুষ্ঠিত হ’বলগীয়া প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত আঞ্চলিক দলটোৰ প্ৰায়বোৰ শীৰ্ষনেতাই অংশগ্ৰহণ কৰিব। দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামী, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীকে ধৰি প্ৰায় আটাইবোৰ জ্যেষ্ঠ, কনিষ্ঠ নেতাই  প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

প্ৰতিষ্ঠা দিৱসৰ এই কেন্দ্ৰীয় কাৰ্যসূচীত উজনি অসমৰ আটাইকেইখন জিলাৰ পৰা প্ৰতিনিধি উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। বিশেষকৈ গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ পৰা সৰহ সংখ্যকৰ উপস্থিতি আশা কৰিছে নেতৃত্বই। তদুপৰি, ৰাজ্যখনৰ আন প্ৰান্তৰ পৰাও দলৰ বিভিন্ন পৰ্যায়ৰ গোটসমূহৰ পৰা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।

জানিব পৰা মতে প্ৰতিষ্ঠা দিৱসৰ পৰাই অগপই নিৰ্বাচনী প্ৰচাৰৰ শুভাৰম্ভ কৰিব। ইপিনে অসমৰ জনসাধাৰণৰ ক্ষোভৰ প্ৰতি লক্ষ্য ৰাখি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ প্ৰসংগয়ো সভাত স্থান লাভ কৰিব আৰু ইয়াৰ দ্বাৰা দলটোৱে নিজৰ পূৰ্বৰ স্থিতি দোহাৰি  ৰাইজক দলটোৰ প্ৰতি আকৃষ্ট কৰাৰ পৰিকল্পনা কৰিছে।

আমগুৰিত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’বলগীয়া প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সন্দৰ্ভত দলীয় এটা বিবৃতিত অগপৰ কেন্দ্ৰীয় কমিটীয়ে এক সংগ্ৰামী পটভূমিত জন্মলাভ কৰা অগপ দল অসমৰ সংগ্ৰামী জনসাধাৰণে নিজ হাতে গঢ় দিয়া ৰাজ্যখনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু অন্যতম আঞ্চলিক দল বুলি উল্লেখ কৰিছে।

বিবৃতিটোত লগতে কোৱা হৈছে যে ৰাজ্যখনৰ জাতীয় সমস্যাসমূহৰ ক্ষেত্ৰত দলটোৱে আপোচহীনভাৱে নিজৰ স্থিতি অব্যাহত ৰাখিছে আৰু সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিত অগপৰ গুৰুত্ব স্বাভাৱিকতে বৃদ্ধি পাইছে।

উল্লেখযোগ্য যে সন্মুখৰ পঞ্চায়ত আৰু লোকসভাৰ দুটাকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচনলৈ লক্ষ্য ৰাখি অগপই অসমৰ ৰাইজৰ হৃদস্পন্দন অনুভৱ কৰি নিজৰ স্থিতি ব্যাখ্যা কৰিব বুলি দলৰ সূত্ৰই জানিব দিয়ে। আনহাতে, বিজেপিৰ একাংশ নেতাই শেহতীয়াকৈ অগপ সম্পৰ্কত কৰা মন্তৱ্যৰো প্ৰত্যুত্তৰ দলৰ নেতাসকলে এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ মঞ্চৰ পৰাই দাঙি ধৰিব বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd