• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৪ অক্টোবৰৰ প্ৰতিষ্ঠা দিৱসত শক্তি প্ৰদৰ্শনৰ প্ৰস্তুতি অগপৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 13, 2018 8:18 am
AGP

আমবাৰীৰ মুখ্য কাৰ্যালয়ত অগপ নেতৃত্ব। ফাইল ফটো

241
VIEWS
Share on FacebookShare on Twitter

১৪ অক্টোবৰ অৰ্থাৎ দেওবাৰে অসমৰ আঞ্চলিক দল অসম গণ পৰিষদৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস। সময়ৰ দাবী সন্মুখত ৰাখি দলটোৱে নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে সাজু হৈছে। শিৱসাগৰ জিলাৰ আমগুৰিত কেন্দ্ৰীয়ভাৱে দলটোৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হ’ব।

অগপই প্ৰতিষ্ঠা দিৱসৰ দিনটোতে আগন্তুক নিৰ্বাচনৰ বাবে নিজৰ স্থিতি স্পষ্ট কৰাৰ লগতে ৰাজ্যখনৰ জনসাধাৰণৰ মনত উদ্ৰেক হোৱা প্ৰশ্নসমূহৰ সন্দৰ্ভত দলৰ ব্যাখ্যা দাঙি ধৰাৰ সম্ভাৱনা আছে।

আমগুৰিত অনুষ্ঠিত হ’বলগীয়া প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত আঞ্চলিক দলটোৰ প্ৰায়বোৰ শীৰ্ষনেতাই অংশগ্ৰহণ কৰিব। দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামী, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীকে ধৰি প্ৰায় আটাইবোৰ জ্যেষ্ঠ, কনিষ্ঠ নেতাই  প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

প্ৰতিষ্ঠা দিৱসৰ এই কেন্দ্ৰীয় কাৰ্যসূচীত উজনি অসমৰ আটাইকেইখন জিলাৰ পৰা প্ৰতিনিধি উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। বিশেষকৈ গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ পৰা সৰহ সংখ্যকৰ উপস্থিতি আশা কৰিছে নেতৃত্বই। তদুপৰি, ৰাজ্যখনৰ আন প্ৰান্তৰ পৰাও দলৰ বিভিন্ন পৰ্যায়ৰ গোটসমূহৰ পৰা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।

জানিব পৰা মতে প্ৰতিষ্ঠা দিৱসৰ পৰাই অগপই নিৰ্বাচনী প্ৰচাৰৰ শুভাৰম্ভ কৰিব। ইপিনে অসমৰ জনসাধাৰণৰ ক্ষোভৰ প্ৰতি লক্ষ্য ৰাখি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ প্ৰসংগয়ো সভাত স্থান লাভ কৰিব আৰু ইয়াৰ দ্বাৰা দলটোৱে নিজৰ পূৰ্বৰ স্থিতি দোহাৰি  ৰাইজক দলটোৰ প্ৰতি আকৃষ্ট কৰাৰ পৰিকল্পনা কৰিছে।

আমগুৰিত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’বলগীয়া প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সন্দৰ্ভত দলীয় এটা বিবৃতিত অগপৰ কেন্দ্ৰীয় কমিটীয়ে এক সংগ্ৰামী পটভূমিত জন্মলাভ কৰা অগপ দল অসমৰ সংগ্ৰামী জনসাধাৰণে নিজ হাতে গঢ় দিয়া ৰাজ্যখনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু অন্যতম আঞ্চলিক দল বুলি উল্লেখ কৰিছে।

বিবৃতিটোত লগতে কোৱা হৈছে যে ৰাজ্যখনৰ জাতীয় সমস্যাসমূহৰ ক্ষেত্ৰত দলটোৱে আপোচহীনভাৱে নিজৰ স্থিতি অব্যাহত ৰাখিছে আৰু সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিত অগপৰ গুৰুত্ব স্বাভাৱিকতে বৃদ্ধি পাইছে।

উল্লেখযোগ্য যে সন্মুখৰ পঞ্চায়ত আৰু লোকসভাৰ দুটাকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচনলৈ লক্ষ্য ৰাখি অগপই অসমৰ ৰাইজৰ হৃদস্পন্দন অনুভৱ কৰি নিজৰ স্থিতি ব্যাখ্যা কৰিব বুলি দলৰ সূত্ৰই জানিব দিয়ে। আনহাতে, বিজেপিৰ একাংশ নেতাই শেহতীয়াকৈ অগপ সম্পৰ্কত কৰা মন্তৱ্যৰো প্ৰত্যুত্তৰ দলৰ নেতাসকলে এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ মঞ্চৰ পৰাই দাঙি ধৰিব বুলি জানিব পৰা গৈছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd