কোভিড-১৯ আক্ৰান্ত ৰোগীক মুম্বাইৰ পৰা কঢ়িয়াই অনা এম্বুলেঞ্চক লৈ প্ৰতিক্ৰিয়া; মন্ত্ৰী হিমন্তৰ উত্তৰ

IMG-20200510-WA0015

প্ৰতিনিধিত্বমূলক ফটো

কালি যোৰহাট মেডিকেল কলেজত দুগৰাকী মহিলাৰ দেহত কোভিড-১৯ ধৰা পৰাৰ পাছতে এখন এম্বুলেঞ্চক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল এক প্ৰতিক্ৰিয়াৰ।

ইয়াৰ লগতে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছিল এম্বুলেঞ্চৰ চালকজন।

কিয়নো প্ৰথম অৱস্থাত ওলোৱা খবৰ অনুসৰি আক্ৰান্ত দুগৰাকী মহিলা কোনো ৰোগী নাছিল; তেওঁলোকে বুদ্ধি কৰি মুম্বাইৰ পৰা এম্বুলেঞ্চ ভাড়া কৰি আহি যোৰহাটত পাইছিলহি।

সেইদৰে তেওঁলোকক মেডিকেল কলেজত থৈ পুনৰ উভতি গৈছিল ড্ৰাইভাৰসহ এম্বুলেঞ্চ খন।

তদুপৰি, মেডিকেল clearance নোহোৱাকৈ দুগৰাকী মহিলাক মহাৰাষ্ট্ৰৰ পৰা কেনেকৈ কঢ়িয়াই আনিলে বুলিও প্ৰশ্ন উত্থাপিত হৈছিল।

আনকি একাংশই মহিলা দুগৰাকীয়ে বুদ্ধি কৰি এম্বুলেঞ্চ ভাড়া কৰি মুম্বাইৰ পৰা আহি যোৰহাট পোৱা বুলি সমালোচনা কৰিছিল।

জানিব পৰা মতে, ৩৮ বছৰীয়া মামু বৰা নামৰ মহিলাগৰাকীৰ পুত্ৰ কেন্সাৰ ৰোগী আছিল আৰু তেওঁলোক চিকিৎসাৰ বাবে লকডাউনৰ পূৰ্বে মুম্বাইলৈ গৈ আবদ্ধ হ’বলগীয়া হৈছিল। তেওঁৰ লগত পৰীস্মিতা দত্ত কলিতা নামৰ মহিলাগৰাকীও আছিল।

শেহতীয়াকৈ উৰ্মিমালা দত্ত নামৰ টুইটাৰ ব্যৱহাৰকাৰীয়ে হিমন্ত বিশ্ব শৰ্মাক এক টুইটযোগে সুধিছিল “এইটো কেনেকৈ সম্ভৱ যে কোনো মেডিকেল clearance নোহোৱাকৈ এম্বুলেঞ্চৰে দুগৰাকীকৈ মহিলাক মহাৰাষ্ট্ৰৰ পৰা কঢ়িয়াই আনিছে? মই ভাবো শ্ৰী ৰামপুৰ আৰু ছাগলীয়া সীমান্তত প্ৰকৃত তালাচীৰ ব্যৱস্থা নাই।”

দত্তৰ উত্তৰত স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰি টুইট কৰি কয়, “মুম্বাইৰ পৰা যোৰহাটৰ এজন কেন্সাৰ ৰোগী ওভটাই আনিবলৈ এম্বুলেঞ্চ খনৰ সম্পূৰ্ণ অনুমতি আছিল; যিজন কেন্সাৰ ৰোগী এগৰাকী কোভিড আক্ৰান্তৰ পুত্ৰ আছিল। আমাৰ সীমান্তবৰ্তী এলেকাত কোভিড-১৯পৰীক্ষাৰ সুবিধা নাই।”

অন্য এটা টুইটত মন্ত্ৰীয়ে লিখিছে, “প্ৰকৃততে ড্ৰাইভাৰজনক মুম্বাইলৈকে যাবলৈ অনুমতি দিয়া হৈছিল। এতিয়া আমাৰ অনুৰোধত এম্বুলেঞ্চখনক বিহাৰত ৰখোৱা হৈছে আৰু ড্ৰাইভাৰজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উল্লেখযোগ্য যে, এম্বুলেঞ্চত অহা তিনিওকে পোনে পোনে JMCH লৈ নিয়া হৈছিল আৰু কোৱাৰেন্টাইন কৰা হৈছিল।

জানিব পৰা মতে মামু বৰাৰ ঘৰ যোৰহাটৰ উজনি চৰাই মৰিয়াৰ আৰু আন গৰাকী পৰীস্মিতা দত্ত কলিতাৰ ঘৰ যোৰহাট চাৰিঙিয়াত।

তাৎপৰ্যপূৰ্ণভাৱে কাৰোৰে সংস্পৰ্শলৈ আহিবলৈ নাপালে আক্ৰান্ত মহিলা দুগৰাকী। তেওঁলোক বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালত চিকিৎসাধীন হৈ আছে।