কোভিড-১৯ শেষ হ’লে স্কুল-কলেজ খোলাৰ কথা বিবেচনা কৰা হ’ব: স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

20200606_003355

শিৱসাগৰত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ফটো: নৰ্থইষ্ট নাও

ৰাজ্যৰ স্কুল-কলেজসমূহ খোলাৰ সন্দৰ্ভত শিৱসাগৰত শুকুৰবাৰে স্বাস্থ্য তথা শিক্ষা মন্ত্ৰী হিমন্ত হিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

ৰাজ্যত কোভিদ-১৯ শেষ হ’লে আৰু কোৱাৰেন্টাইন চেন্টাৰৰ প্ৰয়োজন নোহোৱা হ’লে স্কুল কলেজ খোলাৰ বিবেচনা কৰিব চৰকাৰে।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে শিৱসাগৰবাসীক আতংকিত নহবলৈ আহ্বান জানায়।

তেওঁ কয়, ‘’শিৱসাগৰত ২১ জন কোভিড-১৯ ৰোগীৰ চিকিৎসা কৰি থকা হৈছে। তাৰে ৯ জন চৰাইদেউ জিলাৰ। আটাইকেইজন ৰোগী বৰ্তমান সুস্থ হৈ উঠিছে আৰু দুই এদিনতে তেওঁলোক ঘৰলৈ যাব পাৰিব।‘’

বহিঃৰাজ্যৰ পৰা প্ৰায় তিনি হাজাৰ ব্যক্তি শিৱসাগৰ জিলালৈ ঘূৰি আহিছিল আৰু সকলো ব্যক্তিক কোৱাৰেন্টাইনত ৰখা হৈছে। দুই এদিনতে তেওঁলোকৰ কোৱাৰেন্টাইনৰ সময়সীমা শেষ হব আৰু ঘৰলৈ ঘূৰি যাব বুলিও কয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে।

তেওঁ লগতে  বহিঃৰাজ্যৰ পৰা স্থল, জল, বিমান তথা ৰে’ল পথেদি আৰু ১০০ জন ব্যক্তি শিৱসাগৰলৈ আহিব আৰু তেওঁলোকক কোৱাৰেন্টাইনত ৰাখিবলৈ জিলা প্ৰশাসন সম্পূৰ্ণ সাজু আছে বুলি মন্তব্য কৰে।

আনহাতে, সামাজিক সংক্ৰমণ ৰোধ কৰাৰ বাবে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৰাইজক কোৱাৰেন্টাইন মানি চলিবলৈ আহ্বান জনায়।

ইপিনে, শনিবাৰে ঘোষিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত সকলো ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জনায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰী গৰাকীয়ে শুকুৰবাৰে লক্ষীমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ জিলা ভ্ৰমণ কৰি ৰাতি শিৱসাগৰত উপস্থিত হয়।

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চ্যুকাফা সভা কক্ষত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াৰ লগত আলোচনাত মিলিত হয় মন্ত্ৰী গৰাকী।