চীনত ক’ৰ’না ভাইৰাছত আক্ৰান্তক চিকিৎসা কৰি থকা এগৰাকী নাৰ্ছে তেওঁৰ উচুপি থকা কন্যা সন্তানক দূৰৰ পৰা দিয়া আলিংগনৰ এটা দৃশ্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে।
চিকিৎসক মাকৰ কাষ চপাৰ পৰা বাধাপ্ৰাপ্ত কন্যা শিশুটিৰ উচুপনি আৰু দুধাৰি চকুলোৱে আৱেগিক কৰি তুলিছে কোটি কোটি মানুহক।
ভিডিঅ’টো নিউ চাইনা টিভিয়ে সম্প্ৰচাৰ কৰা উপৰি অন্যভাৱেও ই বিশ্বৰ ইণ্টাৰনেট জগতখনত বিয়পি পৰিছে।
“তোমাৰ মা দানৱৰ সৈতে যুঁজি আছে, পৰাভূত কৰিব পাৰিলেই তোমাৰ ওচৰলৈ ঘূৰি যাম”, ক’ৰ’না ভাইৰাছত আক্ৰান্তক চিকিৎসা কৰি থকা নাৰ্ছগৰাকীয়ে নিজৰ কন্যা সন্তানক দূৰৰ পৰাই বুজনি দি কয়।
সেই সময়ত দুয়ো দূৰৰ পৰা দুয়োখন হাত আলিংগনৰ ভংগিত মেলি থাকে।
ক’ৰ’না ভাইৰাছত আক্ৰান্তক চিকিৎসা কৰি থকা লোকে আন লোকক স্পৰ্শ কৰাত বাধা আছে।
দূৰৰ পৰাই “শূন্যতে আলিংগন” কৰাৰ পিছত সৰু ছোৱালীজনীয়ে মাকৰ বাবে খোৱা বস্তু থকা এটা পাত্ৰ মাটিত ৰাখে। ছোৱালীজনী আঁতৰি যোৱাৰ পিছত মাকে সেইটো তুলি লয় আৰু দুয়ো দূৰৰ পৰাই বিদায় জনায় আঁতৰি যায়।
মাক-জীয়েকৰ আৱেগিক দৃশ্যৰ ভিডিঅ’টোৱে বহুতকে চকুলো টুকিবলৈ বাধ্য কৰাৰ লগতে চীনৰ পৰিস্থিতিৰ ভয়াৱহতাৰো উমান দিয়ে।
বিজ্ঞান-প্ৰযুক্তিৰে আগবঢ়া দেশখনত নতুন ভাইৰাছবিধত আক্ৰান্ত হাজাৰ হাজাৰ লোক এতিয়াও অনিশ্চিয়তাৰ মাজত চিকিৎসাধীন হৈ আছে। এই পৰ্য্যন্ত ৭২২জন আক্ৰান্ত লোকৰ মৃত্যু হৈছে।
দেশখনৰ বহুকেইখন চহৰ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে, যাতে অধিক সংক্ৰমণ ৰোধ কৰিব পৰা যায়।
আমেৰিকাকে ধৰি সমগ্ৰ বিশ্ব চীনৰ এই পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে।