NORTHEAST NOW (Assamese)

টীয়কত প্ৰচণ্ড শিলাবৃষ্টি : শস্যৰ পথাৰত ব্যাপক অনিষ্ট সাধন; উৰুৱাই নিলে ঘৰ-দুৱাৰ

November 18, 2020 4:56 pm · নীৰ্মলেন্দু পাঠক

যোৰহাট জিলাৰ বৃহত্তৰ  টীয়ক অঞ্চলত কালি সন্ধ্যা প্ৰচণ্ড ধুমুহা-বৰষুণৰ লগতে অহা শিলাবৃষ্টিয়ে শস্যৰ পথাৰত ব্যাপক অনিষ্ট সাধন কৰিছে।

শিলাবৃষ্টিৰ ফলত বহু কৃষকৰ সোণোৱালী সপোন চাৰখাৰ হোৱাৰ উপক্ৰম হৈছে।

বৰষুণৰ বাবে শস্যৰ পথাৰত জমা হোৱা একাঁঠু পানীত পকা ধান পৰি যোৱাত উক্ত ধান সমূহ নষ্ট হোৱাৰ উপক্ৰম হোৱাত কৃষকৰ মাজত হাহাকাৰ লাগিছে।

বহুবাৰ বানপানীয়ে ভাঙি পেলোৱা কৃষকৰ সপোন পুনৰ পকা ধানচ পোৱাৰ সময়তে অহা শিলাবৃষ্টি, ধুমুহাই তচনচ কৰিলে ধাননি পথাৰ।

ধুমুহাই লগতে বৃহত্তৰ টীয়ক অঞ্চলৰ বিভিন্ন স্থানত ঘৰ, দুৱাৰ, গছ গছনি ভাঙি এক অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে ধুমুহাৰ পাছৰে পৰাই বিদ্যুৎ যোগান ব্যাহত হৈ আছে সমগ্র অঞ্চলটোতে।

Related News