অসমতো ৰেমালৰ তাণ্ডৱ! নিশাৰ পৰা নেৰানেপেৰা ধুমুহা-বৰষুণ; মহানগৰীত বাইকৰ ওপৰত গছ ভাঙি পৰি আহত এজন

প্ৰতিনিধিত্বমূলক ফটো।

দেওবাৰে নিশাৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলত ৰেমালৰ প্ৰভাৱ আৰম্ভ হৈছে। গুৱাহাটী মহানগৰীত সোমবাৰে নিশাৰে পৰা আৰম্ভ হৈছে ধুমুহা-বৰষুণ। ইতিমধ্যে অসমৰ সাতখন জিলাত হাই এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে।

গুৱাহাটীত ব্ৰহ্মপুত্ৰত যাত্ৰী কঢ়িওৱা ফেৰী তথা জাহাজৰ চলাচল বন্ধ কৰি দিয়া হৈছে। মঙলবাৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত জল পৰিবহণ সেৱা বন্ধ থাকিব। সেইদৰে, ব্ৰহ্মপুত্ৰ নৈৰ লগতে আন আন খাল বিল নৈ সমূহত নাও চলাচল আৰু মাছ ধৰা ৭২ ঘণ্টাৰ বাবে নিষিদ্ধ কৰা হৈছে।

সোমবাৰে সন্ধিয়াৰ পৰা ৰাজ্যখনৰ ঠায়ে ঠায়ে প্ৰবল বতাহ-বৰষুণ অব্যাহত আছে। আনহাতে, যোৱা নিশাৰ পৰাই প্ৰায়বোৰ জিলাতে বিদ্যুৎ যোগান ব্যাহত হৈ আছে।

লগতে পঢ়কঃ পাটনাত ৰাহুলৰ মঞ্চ হালি ভাঙি পৰো পৰো অৱস্থা! নিৰাপত্তা ব্যৱস্থাৰ শিথিলতাই কাৰণ নেকি?

ইপিনে, প্ৰতিকূল বতৰৰ বাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিদ্যালয়সমুহ প্ৰশাসনে বন্ধ ঘোষনা কৰিছে। মহানগৰীতো বহুকেইখন বিদ্যালয়ে মঙলবাৰে বন্ধ ঘোষণা কৰিছে যদিও বহু বিদ্যালয় খোলা ৰখা হৈছে।

মহানগৰীৰ বিভিন্ন ঠাইত গছ গছনি ভাঙি বিস্তৰ ক্ষতি সাধন কৰিছে। বিদ্যুত যোগান এতিয়াও ব্যাহত আছে।

আনহাত, মহানগৰীৰ বৰবাৰীত সোমবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা। নিশা চলি থকা বতাহ-বৰষুণৰ মাজতে ভি আই পি পথৰ ডিভাইডাৰৰ মাজত থকা এডাল কৃষ্ণচূড়া গছ পথৰ মাজত বাগৰি পৰে। সেই সময়ত সেই স্থানৰে গৈ থকা এগৰাকী বাইক আৰোহীৰ গাত শুকান গছ ডালৰ এটা অংশ বাগৰি পৰাৰ ফলত লোকজন গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়। লোকজনক উদ্ধাৰ কৰি ততাতয়াকৈ জিএমচিএইত ভৰ্তি কৰা হয়।

লগতে পঢ়কঃ টাৱাঙত প্ৰথমবাৰৰ বাবে দেখা গ’ল বিৰল টাকিন

মহানগৰীত নিশা হোৱা ধুমুহা-বৰষুণৰ ফলত ৰাস্তাত থকা কেইবাখনো গাড়ীৰ ওপৰত গছৰ ডাল ভাঙি পৰি ক্ষতিসাধন হোৱা দেখা গৈছে। বহু ঠাইত টিনৰ চালি উৰুৱাই নিয়াৰ ঘটনাও সংঘটিত হৈছে।

ইপিনে, সম্ভাব্য বিপৰ্যয়ৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য কৰি বিপদগ্রস্ত লোকক তাৎক্ষণিক সহায়ৰ বাবে ০৩৬২৪১০০ অথবা ৯৩৮৭৮-৯৩৩৯৪ নম্বৰত যোগাযোগ কৰিবলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে।