বিষ্ণুৰাভাৰ বাসগৃহ বিভ্ৰাট! ছ’চিয়েল মিডিয়াত বিষ্ণুৰাভাৰ বুলি প্ৰচাৰ চলোৱা বাসগৃহটো প্ৰকৃততে কাৰ?

প্ৰত্যেক বছৰে ২০ জুনতেই কিয় ফেচবুকত ভাইৰেল হয় এই বিশেষ গৃহৰ ফটো?

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথি অৰ্থাৎ ৰাভা দিৱসৰ পূৰ্বে খুবেই চৰ্চিত হোৱা এটা প্ৰসংগ। ক্ষোভ উজাৰিয়েই হওঁক বা চৰকাৰক সমালোচনা কৰিয়েই হওঁক সকলোৰে এটাই কথা কলাগুৰুৰ তেজপুৰৰ বাসগৃহটো চৰকাৰে এতিয়ালৈকে সংৰক্ষণ কৰা নাই কিয়?

আনকি বিষ্ণুৰাভা কমিউনিষ্ট হোৱাৰ বাবেই চৰকাৰে তেজপুৰৰ ঘৰটো সংৰক্ষণ কৰা নাই নেকি বুলিও একাংশই প্ৰশ্ন উত্থাপন কৰিছে।

আন একাংশই সামাজিক মাধ্যমত উৱলি যোৱা তথা জৰাজীৰ্ণ বাসগৃহৰ ফটো সম্বলিত বিভিন্ন কথাৰে ক্ষোভ উজৰাও দেখিবলৈ পোৱা গৈছে।

 

কিন্তু ফেচবুকৰ ৱালে ৱালে বিয়পি পৰা গৃহটো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ হয় নে? প্ৰকৃততে ঘৰটো বিষ্ণুৰাভাৰ বুলি ভুৱা প্ৰচাৰ চলোৱা হৈছে নেকি?

এই সন্দৰ্ভত বিষ্ণুৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাৰ এক ফেচবুক পোষ্টৰ পৰা পোহৰলৈ আহিছে যে বিষ্ণুৰাভাৰ বাসগৃহৰ দুৰৱস্থা বুলি প্ৰচাৰ চলাই থকা গৃহটো বিষ্ণুৰাভাৰ ককায়েকৰহে।

বিষ্ণুৰাভাৰ ককায়েক প্ৰয়াত গোলাপ ৰাভাৰহে সেই উৱলি যোৱা বাসগৃহতো। ফেচবুকত এক প্ৰতিক্ৰিয়াত এই কথা স্পষ্ট কৰিছে কলাগুৰুৰ পুত্ৰ হেমৰাজ ৰাভাই।

ফেচবুকত অন্য এক কমেন্ট লিখি “প্ৰত্যেক ২০ জুনত এনেকৈ স্পষ্টীকৰণ দিয়া হয় আৰু পিছৰ ২০জুনত একেটা কথাক লৈয়ে বিতৰ্ক হয়। আচৰিত। ৰাইজৰ শ্ৰদ্ধা আবেগক লৈ এনে খেল খেলাৰ বাবে তেওঁলোকক কি কম? ঘৰটো কাৰ পৰিয়ালৰ মানুহতকৈ তেওঁলোকেহে বেছি জনা হ’ল, সেইটোহে আচৰিত। সেই কথাষাৰ ১৯৭০চনৰ পৰাই কৈ থকা হৈছে। তাৰপিছতো এচামে নুশুনিলে আমাৰ কৰণীয় একো নাই। এই বিষয়ে মন্তব্য দিয়াৰ প্ৰয়োজন নাই বুলি ভাবো। “

ইপিনে, হেমৰাজ ৰাভাৰ পৰাই জানিব পৰা মতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথিৰাজ ৰাভা থাকে বিষ্ণুপ্ৰসাদ ৰাভাৰ বাসগৃহটোত। আৰু বিষ্ণুৰাভাৰ কোঠাতেই ৰাভাদেৱে ব্যৱহাৰ কৰা সকলো সামগ্ৰীসমূহ ৰখা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

“বিধায়কেচোন তেখেতৰ ঘৰটো ধুনীয়াকৈ মেৰামতি কৰি ৰাখিছে। সেই ঘৰটোলৈ যোৱা মানুহক সুধিলেই ওলাই পৰিব। এচাম আছে ৰাস্তাৰ পৰা সিটো ঘৰৰ ফটো তুলি পৰিয়ালৰ লোকক নুসুধি এইবোৰ কৰি থাকে। পৰিয়ালে খাব নোপোৱা হ’লে ৰাইজক খুজিব নহয়। থাকিব নোপোৱা হ’লে ৰাইজক জনাবই নহয় জানো?” ফেচবুক পোষ্টত হেমৰাজ ৰাভাই কমেন্ট কৰি এইদৰে কয়।

অৱশ্যে, বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাৰ অন্য এক কথাত ক্ষোভ নথকা নহয়। কলাগুৰুৰ স্মৃতিত পূৰ্বে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনতে তেজপুৰৰ মাজমজিয়াত দিয়া দুই বিঘা মাটিত সাংস্কৃতিক গৱেষণা কেন্দ্ৰ হোৱাটো বিচাৰে পুত্ৰ হেমৰাজ ৰাভাই।

“তেনেক্ষেত্ৰত অসমৰ মন্ত্ৰী হিচাবে কলাগুৰুৰ পত্নী মোহিনী ৰাভাৰ অনুৰোধ ৰক্ষা কৰি তেজপুৰ চহৰৰ মাজ মজিয়াত তেজপুৰীয়া ৰাইজে দেখুৱাই দিয়া মাটি ডৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ সংস্কৃতি গৱেষণা কেন্দ্ৰৰ বাবে নামজাৰি কৰি দিয়াত বিশেষ উদ্যোগ লৈ দেখুৱাব বুলি আশা কৰিলোঁ। আৰু লগতে ঢাকাৰ বিষ্ণু ৰাভাই জন্ম গ্ৰহণ কৰা সেনাৰ ছাউনিটি বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত নামাকৰণ কৰাত বিশেষ উদ্যোগ লৈ বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতি আপোনালোকৰ লগতে আপোনালোকৰ সমৰ্থকসকলৰ থকা শ্ৰদ্ধাৰ উচিত চানেকি দাঙি ধৰিব বুলি আশা কৰিলোঁ।“ ফেচবুক পোষ্টৰ এটা অংশত হেমৰাজ ৰাভাই লিখি এইদৰে কয়।