• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত বন্ধ হ’ল হিমন্তৰ বৃক্ষধ্বংসৰ অভিযান ; আমবাৰী-দীঘলীপুখুৰীৰ আৰু এডালো গছত দিব নোৱাৰিব হাত

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 24, 2025 8:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে আমবাৰী-দীঘলীপুখুৰী অঞ্চলৰ পৰা ৭৭জোপা গছ স্থানান্তৰকৰণ সন্দৰ্ভত অসম চৰকাৰক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে, চৰকাৰে গোপীনাথ বৰদলৈ ৰোডত উৰণীয়া সেতু নিৰ্মাণৰ সুবিধাৰ বাবে এই গছবোৰ স্থানান্তৰ কৰা হৈছে বুলি উল্লেখ কৰিছিল।

Apply Now

জ্যেষ্ঠ সাংবাদিক মহেশ ডেকা আৰু গণ অধিকাৰ কৰ্মী জয়ন্ত গগৈয়ে দাখিল কৰা আবেদনৰ শুনানিৰ সময়ত আদালতে চৰকাৰৰ দাখিল কৰা এই কথা মানি লয় যে, প্ৰথমতে স্থানান্তৰৰ বাবে চিনাক্ত কৰা অসম ৰাজ্যিক সংগ্ৰহালয় আৰু ইয়াৰ আশে-পাশে থকা ২৩জোপা গছ ভৱিষ্যতে স্পৰ্শ কৰা নহ’ব।

এই গোচৰৰ শুনানি গ্ৰহণ কৰে ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ লানুছুংকুম জমিৰ আৰু ন্যায়াধীশ মানস ৰঞ্জন পাঠকে।

আবেদনকাৰীৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীয়ে আদালতত ফটো দাখিল কৰি দেখুৱাই যে,  ইতিমধ্যে স্থানান্তৰিত গছ কিছুমান শুকাই গৈছে।লগতে চৌধুৰীয়ে যুক্তি আগবঢ়ায় যে, অসম চৰকাৰে গছ স্থানান্তৰৰ বাবে বিশেষজ্ঞ পেনেল গঠন কৰিব লাগে, কিয়নো ৰাজ্য চৰকাৰৰ এনে স্থানান্তৰৰ পূৰ্বৰ অভিজ্ঞতাৰ কোনো নজিৰ নাই।

চৌধুৰীৰ যুক্তি প্ৰদৰ্শনৰ পাছত ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ জমিৰে অসমৰ মহাধিবক্তা দেৱজিৎ শইকীয়াক সম্বোধন কৰি কয়, “আমি স্থানান্তৰৰ সন্দৰ্ভত আপোনালোকক গছসমূহৰ অৱস্থাৰ প্ৰতিবেদন ফটোসহ দাখিল কৰিবলৈ নিৰ্দেশ দিছোঁ। আৰু যদি আমি প্ৰতিবেদনত সন্তুষ্ট হওঁ তেন্তে ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখন বন্ধ কৰি দিম।”

২৫ জুন অৰ্থাৎ আজি চৰকাৰে বুধবাৰে প্ৰতিবেদন দাখিল কৰিব বুলি ন্যায়ালয়ক আশ্বাস দিয়ে মহাধিবক্তা শইকীয়াই। চলিত মাহৰ ২৭ জুন, শুকুৰবাৰে পুনৰ শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে।

স্মৰ্তব্য যে, আমবাৰী অঞ্চলৰ ৭৭জোপা গছ স্থানান্তৰিত কৰাৰ লগতে অসম ৰাজ্যিক সংগ্ৰহালয় চৌহদত আৰু ২৩জোপা গছক স্থানান্তৰৰ বাবে চিনাক্তকৰণৰ পৰিকল্পনাৰ পাছতে মহেশ ডেকা আৰু জয়ন্ত গগৈয়ে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰে।

ইয়াৰ পূৰ্বে যোৱা বছৰৰ অক্টোবৰ মাহত দীঘলীপুখুৰী অঞ্চলত ২১জোপা গছ কটাৰ বিৰোধিতা কৰি আবেদনকাৰীয়ে পিআইএল দাখিল কৰিছিল। সেই সময়ত আদালতৰ মজিয়াত চৰকাৰে শপতনামা দাখিল কৰি দীঘলীপুখুৰী অঞ্চলৰ কোনো গছ-গছনি ক্ষতিগ্ৰস্ত নহ’ব বুলি আশ্বাস দিছিল।

কিন্তু চলিত বৰ্ষৰ মে’ আৰু জুন মাহত যেতিয়া চৰকাৰে দীঘলীপুখুৰী-আমবাৰী অঞ্চলত গছ কটাবলৈ আৰম্ভ কৰিছিল, তেতিয়া আবেদনকাৰীয়ে আদালতৰ দৃষ্টিগোচৰ কৰিবলৈ অন্তঃৱৰ্তীকালীন আবেদন (আই এ) দাখিল কৰিছিল।শুনানিৰ সময়ত অসম চৰকাৰে আদালতক অৱগত কৰে যে, স্থানান্তৰৰ উদ্দেশ্যে ডাল-পাত কটা গছবোৰ দীঘলীপুখুৰীৰ নহয়, আমবাৰী অঞ্চলতহে আছে। ইয়াৰ পাছত আদালতে পূৰ্বৰ পিআইএল বন্ধ কৰি আবেদনকাৰীসকলক নতুনকৈ আবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। তাৰ পাছতে মঙলবাৰে নতুনকৈ দাখিল কৰা পিআইএলৰ শুনানি গ্ৰহণ কৰা হয়।

Tags: Dighalipukhuri
নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd