• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰসংগ ‘কেব’ : উচ্চ স্তৰীয় সমিতিক ঢাল হিচাপে ব্যৱহাৰৰ সুযোগ নিদিবলৈ সকীয়নি অখিল গগৈৰ

অসমৰ মাটি, পানী, তেল আদি সম্পদৰ ক্ষেত্ৰত কেন্দ্ৰই যাতে সিদ্ধান্ত ল’ব নোৱাৰে তাৰ ব্যৱস্থা দাবী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 2, 2019 8:37 pm
Akhil Gogoi

সংবাদ মাধ্যমৰ আগত মন্তব্য অখিল গগৈৰ। ২ নৱেম্বৰত।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে দিহা-পৰামৰ্শসহ প্ৰতিবেদন প্ৰস্তুতৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া উচ্চ স্তৰীয় সমিতিক আজি সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰত ভৰি নিদিবলৈ সকীয়াই দিছে কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে।

মত তথা দৃষ্টিকোণ দাঙি ধৰিবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিক আজি আমন্ত্ৰণ জনাইছিল উচ্চ স্তৰীয় সমিতিখনে।

Apply Now

সাক্ষাৎ কৰাৰ সময়ত অন্যান্য পৰামৰ্শৰ লগতে “কেব”ৰ বিষয়টোত আপোচ নকৰিবলৈ সমিতিখনক সকীয়াই দিয়া বুলি পিছত সংবাদ মাধ্যমক গগৈয়ে জানিবলৈ দিয়ে।

“এই সমিতিখনক সাৱধান কৰি দিছো আৰু সকীয়াই দিছো যে সমিতিখনক যাতে কেন্দ্ৰীয় চৰকাৰে ঢাল হিচাপে ব্যৱহাৰ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কখন আগ বঢ়াই নিব নোৱাৰে। কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰত যাতে উচ্চস্তৰীয় সমিতিয়ে ভৰি নিদিয়ে”, অতি স্পষ্ট ভাষাত অধ্যক্ষ বিপ্লৱ শৰ্মা আৰু অন্যান্য সদস্যসকলক সকীয়াই অহা বুলি জানিবলৈ দি মন্তব্য অখিল গগৈৰ।

কেন্দ্ৰীয় চৰকাৰে ছল-চক্ৰান্ত কৰি পাহাৰীয়া ৰাজ্যসমূহক “কেব”ৰ পৰা বাদ ৰাখি অসমৰ বাদে উত্তৰ পূবৰ অন্য ৰাজ্যৰ প্ৰতিবাদ বন্ধ কৰিবলৈ চেষ্টা কৰা বুলিও সমিতিৰ সন্মুখত উল্লেখ কৰা বুলি গগৈয়ে সংবাদ মাধ্যমক জনায়।

“পাহাৰীয়া ৰাজ্যসমূহক “কেব”ৰ পৰা বাহিৰত ৰাখি মেঘালয়, মিজোৰাম আৰু নাগালেণ্ডৰ প্ৰতিবাদ বন্ধ কৰি দিব বিচাৰিছে। ৬ নং দফাত বিশেষ ধৰণৰ সংৰক্ষণৰ প্ৰশ্নত, সাংবিধানিক সুৰক্ষা কৱচৰ নামত এই “কেব”ৰ বিৰুদ্ধে আন্দোলনটোক আঁতৰাই ৰখাৰ ষড়যন্ত্ৰ হ’ব পাৰে”, অখিল গগৈয়ে কয়।

আনহাতে, অসমৰ সম্পদ, ভূমিৰ সংৰক্ষণ আৰু বিশেষ ৰাজ্যৰ মৰ্য্যাদা প্ৰদানৰ বাবে উচ্চস্তৰীয় সমিতিক পৰামৰ্শ দিয়া বুলি সদৰী কৰে কৃষক মুক্তিৰ নেতাজনে।

নাগৰিকত্ব সন্দৰ্ভত সংবিধানৰ ১১ নং অনুচ্ছেদত অসমৰ বাবে বিশেষ অধ্যায় এটা ৰাখিব লাগে বুলি উল্লেখ কৰি গগৈয়ে লগতে কয়, “যাতে অসম বিধান সভাৰ আগতীয়া অনুমোদন নোহোৱাকৈ সংসদে নাগৰিকত্ব প্ৰদান কৰিব নোৱাৰিব।”

অসমৰ ভৌগোলিক পৰিসীমা যাতে কেতিয়াও ইফাল-সিফাল কৰিব নোৱাৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও উচ্চস্তৰীয় সমিতিৰ সন্মুখত উল্লেখ কৰে নেতাজনে।

“আমাৰ মাটি নি যাতে নাগালেণ্ডক দিব নোৱাৰে বা অসমকে যাতে বিভাজন কৰিব নোৱাৰে, তাৰ বাবে আমি কৈছো যে ভাৰতীয় সংবিধানৰ ৩ নং অনুচ্ছেদত ভৱিষ্যতৰ কাৰণে বিশেষ ব্যৱস্থা অসমৰ কাৰণে ৰাখিব লাগে”, উচ্চস্তৰীয় সমিতিৰ আগত এইদৰে কোৱা বুলি জনায় গগৈয়ে।

তেওঁ আৰু কয়, “অসমৰ মাটি আৰু সম্পদৰ অধিকাৰ ৩৭১(এ)-ৰ পৰা ৩৭১(জে)-লৈকে থকা উপবন্ধ (provision)-ৰ ভিত্তিত অসমৰ মাটি, পানী, মাটিৰ তলত পোৱা তেলকে ধৰি অন্যান্য সম্পদৰ ক্ষেত্ৰত ভাৰত চৰকাৰে যাতে কোনো সিদ্ধান্ত ল’ব নোৱাৰে, যেতিয়ালৈকে অসম বিধান সভাত সৰ্বসন্মতভাৱে প্ৰস্তাৱ গৃহীত কৰা নহয়, সেই কথাও সমিতিৰ আগত উল্লেখ কৰিছো।”

তেওঁ অসমক ৩৭১(এ) আৰু ৩৭১(জি)ৰ অধীনত বিশেষ ৰাজ্যৰ মৰ্য্যাদা প্ৰদান কৰাৰ বাবেও উচ্চস্তৰীয় কমিটিৰ ওচৰত দাবী জনোৱা বুলি সংবাদমাধ্যমৰ আগত উল্লেখ কৰে।

আনহাতে, অসমৰ বাবে এখন উচ্চ সদনৰ পোষকতা কৰি অখিলে কয়, “অসমৰ ৯৭টা জনগোষ্ঠীৰে প্ৰতিনিধি থকাকৈ এখন উচ্চ সদন হ’ব লাগে। খিলঞ্জীয়াৰ অধিকাৰ খৰ্ব কৰিব পৰা সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিলে উচ্চ সদনত অনুমোদন নোহোৱাকৈ যাতে আইন পাছ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছো।”

তদুপৰি, অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, সাহিত্য আৰু ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত এখন নতুন আইন হ’ব লাগে বুলি মন্তব্য কৰে অখিলে।

উল্লেখ কৰিব পাৰি, যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ততাতৈয়াকৈ অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰীকৰণৰ বাবে প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ এখন উচ্চ স্তৰীয় সমিতি গঠন কৰি দিছিল যদিও কমিটীত অন্তৰ্ভুক্ত কৰা কোনোজনেই চৰকাৰৰ সেই ৰাজনৈতিক অংকৰ “ফিগাৰ” হ’ব নিবিচৰাত সেই সমিতিৰ আপোনা-আপুনি অপমৃত্যু ঘটিছিল।

ইয়াৰ পিছত যোৱা ১৬ জুলাইত গঠন কৰে এখন নতুন সমিতি। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক অধ্যক্ষ হিচাপে দায়িত্ব অৰ্পন কৰা হৈছে এই নতুন সমিতিখনৰ।

৬ মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লগীয়া সমতিখনে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ দল-সংগঠন আৰু ব্যক্তিৰ মত গ্ৰহণ কৰি আছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd