• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“খিলঞ্জীয়াৰ ৰক্ষাকৱচ” কমিটীৰ তৃতীয়খন বৈঠক : জনসাধাৰণ, বিশিষ্ট ব্যক্তিৰ পৰা মত লোৱাৰ সিদ্ধান্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 18, 2019 9:37 pm
Safeguard for Assamese

“খিলঞ্জীয়াৰ ৰক্ষাকৱচ” সন্দৰ্ভত গঠিত কমিটীৰ বৈঠক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ মূল খোজ বুলিব পৰা “খিলঞ্জীয়াৰ ৰক্ষাকৱচ”ৰ উপায় নিৰ্ধাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া উচ্চ স্তৰীয় কমিটীৰ আজি তৃতীয়খন বৈঠক অনুষ্ঠিত হয়।

বৈঠকত “খিলঞ্জীয়াৰ ৰক্ষাকৱচ” সন্দৰ্ভত অসমৰ ৰাইজৰ মতামত লোৱাৰ সিদ্ধান্ত কৰা হয় বুলি জনালে উপস্থিত থকা আছুৰ নেতৃবৃন্দই।

Apply Now

“খিলঞ্জীয়াৰ সুৰক্ষাকবচ সন্দৰ্ভত অসমৰ বিভিন্ন জাতীয়, জনগোষ্ঠীয় সংগঠন, বিশিষ্ট নাগৰিক আৰু সৰ্বসাধাৰণ ৰাইজৰ দিহা-পৰামৰ্শ লৈ আগুৱাই যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে”, বৈঠকত উপস্থিত থকা আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যৰ সংবাদ মাধ্যমৰ আগত মন্তব্য।

উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠিত হোৱা ১৪জনীয়া কমিটীখনৰ এই তৃতীয় বৈঠক।

বৈঠক অনুষ্ঠিত হয় মহানগৰীৰ অসম প্ৰশাসনীয় পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালত। একে স্থানতে কালি দ্বিতীয়খন বৈঠক অনুষ্ঠিত হৈছিল আৰু কিছু আলোচনা আধৰুৱা হৈ থকা বাবে আজি পুনৰ বহে কমিটীৰ বিষয়ববীয়াসকল। প্ৰথমখন বৈঠক দিল্লীত অনুষ্ঠিত হৈছিল।

পৰামৰ্শৰ বাবে বিশিষ্ট ব্যক্তিকো সাক্ষাৎ কৰা হ’ব বুলি ভট্টাচাৰ্য্যই জানিবলৈ দিয়ে।

যোৱা ১৩ জুলাইত গঠন কৰা কমিটীখনে ইয়াৰ প্ৰতিবেদন দাখিল কৰাৰ বাবে হাতত ছমাহৰ সময় পাইছে।

সমুজ্জ্বল ভট্টাচাৰ্য্যই সংবাদ মাধ্যমক জনোৱামতে, ৰাইজে নিৰ্দিষ্ট ই-মেইলত, লিখিত ৰূপত কমিটিখনৰ হাতত তেওঁলোকৰ পৰামৰ্শসমূহ জনাব পাৰিব আৰু তাৰ বাবে অলপতে ইমেইল প্ৰকাশ কৰা হ’ব।

কমিটীৰ প্ৰতিবেদন পোৱাৰ পিছত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়য়ে তাৰ আধাৰত অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত পৰৱৰ্তী পদক্ষেপ ল’ব, এই প্ৰতিশ্ৰুতি কেন্দ্ৰীয় চৰকাৰৰ।

এই উদ্দেশ্যে গঠিত পূৰ্বৰ কমিটীখন বেছিভাগ সদস্যই পদত্যাগ কৰাৰ ফলত ভংগ হৈ যোৱাত চৰকাৰে নতুন কমিটীখন গঠন কৰে।

কমিটীখনত প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ উপৰি অসমৰ মহাধিবক্তা ৰমেশ বৰপাত্ৰগোহাঞি, অৰুণাচল প্ৰদেশৰ মহাধিবক্তা নিলয় দত্ত, অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া সুভাষ দাস, অসম আৰক্ষী (বিশেষ শাখা)ৰ প্ৰাক্তন সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য্য, অৱসৰপ্ৰাপ্ত অধ্যাপক সৃষ্টিধৰ দত্ত, লেখক সুমন্ত চলিহা, অধ্যাপক জয়কান্ত শৰ্মা, জ্যেষ্ঠ সাংবাদিক ৱাছবিৰ হুছেইন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা, সভাপতি আৰু সম্পাদক ক্ৰমে ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, দীপাংক কুমাৰ নাথ আৰু লুৰিণজ্যোতি গগৈও সদস্য হিচাপে সমিতিখনত আছে।

কমিটীখনত খিলঞ্জীয়া লোকক সদস্য হিচাপে নোলোৱাক লৈ আজি এজন লোকে ইয়াৰ আঁৰত থকা কাৰণ সম্পৰ্কে প্ৰশ্ন কৰে।

অহা ৬ ছেপ্টেম্বৰত কমিটীখনৰ পৰৱৰ্তী বৈঠক অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে কাশ্মীৰী লোকৰ ৰক্ষা কৱচস্বৰূপ ৩৭০ অনুচ্ছেদ সংবিধানৰ পৰা আঁতৰ কৰাৰ পিছত অসমবাসীক “খিলঞ্জীয়াৰ ৰক্ষাকৱচ” দিয়াৰ প্ৰক্ৰিয়াই কি পৰ্য্যায়লৈকে যাব পাৰে সি লক্ষণীয় হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd