NORTHEAST NOW (Assamese)

জনজাতি-অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণমূলক আঁচনিক লৈ মাজুলীত উচ্চ পৰ্য্যায়ৰ বৈঠক

June 27, 2019 7:58 am · মিটু খাটনিয়াৰ
Updated: June 27, 2019 2:54 pm

ৰাজ্য চৰকাৰে ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকৰ উন্নয়নৰ বাবে ৰূপায়ণ কৰা আঁচনিসমূহৰ বিষয়ে তৃণমূল পৰ্যায়ত জনসচেতনতা বৃদ্ধিৰ বিশেষ উদ্যোগ লৈছে ‘জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যণ সঞ্চালকালয়’ (ডব্লিউ পি টি বি চি)-এ।

মাজুলী জিলাতো জনজাতি তথা অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলক চৰকাৰৰ এনে কল্যাণকামী আঁচনিসমূহৰ বিষয়ে অৱগত কৰি তেওঁলোকে যাতে ইয়াৰ সুফল পাব পাৰে, সেই প্ৰয়াসেৰে ডব্লিউ পি টি বি চিৰ সঞ্চালক বিভাস মোদীয়ে বুধবাৰে মাজুলীত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু এই পিছপৰা জনগোষ্ঠীৰ নাগৰিকৰ সৈতে এক আলোচনাত মিলিত হয়।

মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ত আ য়োজিত এই সভাত সঞ্চালকালয়টোৰ উপ-সঞ্চালক যাদৱ পেগু, মাজুলীৰ অতিৰিক্ত উপায়ুক্ত তথা জিলাৰ একীভূত জনজাতি উন্নয়ন প্ৰকল্পৰ ভাৰপ্ৰাপ্ত প্ৰকল্প সঞ্চালক চিন্ময় নাথ, অতিৰিক্ত উপায়ুক্ত নৰেণ দাস, ৰাজহ চক্ৰ বিষয়া অজিত শৰ্মা, সহকাৰী আয়ুক্ত বিভাস পাঠকৰ লগতে বিভাগীয় বিষয়া-কৰ্মচাৰীসকলেও অংশগ্ৰহণ কৰে।

সভাত সঞ্চালক মোদীয়ে সঞ্চালকালয়টোয়ে ৰূপায়ণ কৰি থকা আঁচনিসমূহৰ বিষয়ে ৰাজ্যৰ জনাতি তথা অন্যান্য পিছপৰা শ্ৰেণীৰ বেছিভাগ লোকেই ভালদৰে অৱগত নোহোৱাৰ বাবে আঁচনিসমূহৰ পৰা উপকৃত নোহোৱাকৈ আছে বুলি খেদ প্ৰকাশ কৰে।

উক্ত আঁচনিৰ সুফল মাজুলীবাসীয়েও পোৱাটো নিশ্চিত হোৱাকৈ জিলাখনৰ অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী তথা লোকসকলক সময় মতে আবেদন দাখিলৰ বাবে উৎসাহিত কৰাত নাগৰিক সমাজৰ প্ৰতিনিধিসকলক বিশেষ আগভাগ ল’বলৈ সঞ্চালক মোদীৰ লগতে অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথেও সভাত সকলোকে অনুৰোধ কৰে।

Related News