কেণ্টিনৰ পৰা খাদ্য চুৰি কৰি চাকৰি গ’ল লণ্ডন নিৱাসী ভাৰতীয় বেংকাৰৰ

পাৰশ্ব শ্বাহ। ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত

এজন উচ্চপদস্থ ভাৰতীয় মূলৰ বেংকাৰে হেৰোৱাব লগা হ’ল তেওঁৰ চাকৰি।  লণ্ডনত কৰ্মৰত পাৰশ্ব শ্বাহ নামৰ উচ্চপদস্থ ভাৰতীয় মূলৰ বেংকাৰজনক চিটি গ্ৰুপে কেণ্টিনৰ পৰা খাদ্য চুৰি কৰাৰ অপৰাধত চাকৰিৰ পৰা নিলম্বিত হয়।

জানিব পৰা মতে পাৰশ্ব শ্বাহে দৰমহাৰ নামত লাভ কৰিছিল বাৰ্ষিক ৯.২ কোটি টকা আৰু তেওঁ চিটিবেংকৰ Canary Wharf, Londonত অবস্থিত ইউৰোপৰ মুখ্য কাৰ্য্যালয়ত কৰ্মৰত আছিল। কেণ্টিনৰ পৰা খাদ্য চুৰি কৰাৰ অপৰাধত চিটিবেংকে তেওঁক লগেলগেই চাকৰিৰ পৰা নিলম্বন কৰে।

Financial Timesৰ মতে, ৩১ বছৰীয়া শ্বাহে চিটিবেংকৰ ইউৰোপ, মধ্যপ্ৰাচ্য আৰু আফ্ৰিকাৰ head of high-yield bond trading বিভাগত কৰ্মৰত আছিল, চুৰিৰ অভিযোগত তেওঁক উক্ত পদৰ পৰা লগেলগেই নিলম্বন কৰা হয়।

পাৰশ্ব শ্বাহ আছিল ইউৰোপৰ এজন highest-profile credit trader আৰু ট্ৰেডাৰ হিচাপে তেওঁ যথেষ্ট সফল আছিল, এই মন্তব্য শ্বাহৰ বন্ধুবৰ্গৰ। পাৰশ্ব শ্বাহ ২০১৭ চনত চিটিবেংকত যোগদান কৰিছিল। ইয়াৰ পূৰ্বে ৭ বছৰ সময় তেওঁ HSBCত কৰ্মৰত আছিল।

এই পৰ্য্যন্ত তেওঁ কিমান বাৰ কেণ্টিনৰ পৰা খাদ্য চুৰি কৰিছে ইয়াৰ সঠিককৈ জানিব পৰা হোৱা নাই।

বিভিন্ন সংবাদকৰ্মীয়ে এই সম্পৰ্কে মন্তব্য বিচাৰি পাৰশ্ব শ্বাহৰ লগত যোগাযোগ কৰিছিল যদিও তেওঁ কোনোধৰনৰ মন্তব্য প্ৰকাশ কৰা নাই।