NORTHEAST NOW (Assamese)

অসমৰ এগৰাকী ট্ৰেফিক কনিষ্টবলৰ কৰ্তব্যপৰায়ণতাক শলাগি হিমা দাসৰ টুইট

September 11, 2019 11:37 am · এন ই নাও নিউজ
Updated: September 11, 2019 11:41 am

দেশৰ ক্ৰীড়া চাঞ্চল্য হিমা দাসে তেওঁৰ গৃহ জিলাখনৰ এগৰাকী ট্ৰেফিক আৰক্ষীৰ কৰ্তব্যপৰায়ণতাক শলাগি কৰা এটা টুইটে উৎসাহিত কৰিছে ট্ৰেফিক আৰক্ষীৰ মহিলা কনিষ্টবলগৰাকীক।

প্ৰৱল বৰষুণৰ মাজত থিয় হৈ কৰ্তব্য পালন কৰি হিমা দাসৰ প্ৰশংসা লভিবলৈ সক্ষম হোৱা মহিলা কনিষ্টবলগৰাকী হ’ল ৰঞ্জুলা দেৱী। ৰঞ্জুলাই ৯ ছেপ্টেম্বৰত বৰষুণত তিতি নগাঁও চহৰৰ যানজঁট নিয়ন্ত্ৰণত ব্যস্ত থকা ফটোকেইখনমান ছ’চিয়েল মিডিয়াত আপল’ড হোৱাৰ পিছত ১০ ছেপ্টেম্বৰত হিমাই তেওঁক প্ৰশংসা কৰি টুইট কৰে।

মই উৎসৰ্গিত মনোভাৱেৰে কৰ্তব্য সম্পাদন কৰা মহিলা ট্ৰেফিক আৰক্ষীগৰাকীক চেলুট কৰিছো, যিগৰাকীয়ে মোৰ গৃহ জিলাখনত প্ৰৱল বৰষুণ সত্ত্বেও যান-বাহন চম্ভালি গৈছে।

পূৰ্বে গুৱাহাটীৰ অত্যন্ত ব্যস্ত ট্ৰেফিক পইণ্ট বশিষ্ট চাৰি আলিত প্ৰচণ্ড বতাহ-বৰষুণৰ মাজত (তাত কেনপি নাছিল) থিয় হৈ মিঠুন দান নামৰ এজন যান-বাহন আৰক্ষীৰ জোৱানে কৰ্তব্য পালন কৰা দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল।

মিঠুন দাসৰ বাতৰিটো পঢ়ক ধুমুহা-বৰষুণতো যান-বাহন নিয়ন্ত্ৰণ কৰি যোৱা গুৱাহাটীৰ এজন আৰক্ষী জোৱানৰ ভিডিঅ’ ভাইৰেল

পিছত জোৱানজনক গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে সম্বৰ্ধনা জনাইছিল। তেওঁ কৰ্তব্য পালন কৰা কেনপি বিহীন ব্যস্ত ট্ৰেফিক পইণ্টটোত বিভাগে কেনপি নিৰ্মাণ কৰি দিয়ে।

এতিয়াও মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত কোনো কেনপি বা চালি নথকা উন্মুক্ত ট্ৰেফিক পইণ্টত যান-বাহন আৰক্ষীয়ে দৈনিক ৰ’দ-বৰষুণতে কৰ্তব্য সম্পাদন কৰিব লগীয়া হৈছে।

Related News