NORTHEAST NOW (Assamese)

নিয়ম উলংঘাৰ শাস্তি! নিলম্বনৰ সন্মুখীন হিমা দাস

September 5, 2023 10:04 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 5, 2023 10:06 pm

নিয়ম উলংঘা কৰি নিলম্বনৰ সন্মুখীন হৈছে দেশৰ আগশাৰীৰ দৌৰবিদ ধিং এক্সপ্ৰেছ খ্যাত হিমা দাস।

এবছৰৰ ভিতৰত তিনিবাৰকৈ ড’পিং টেষ্টত অৱতীৰ্ণ নোহোৱাৰ বাবে তাৰকাগৰাকীক ৰাষ্ট্ৰীয় এণ্টি ডপিং এজেন্সীয়ে সাময়িকভাৱে নিলম্বন কৰিছে।

এই শাস্তিৰ ফলস্বৰূপে হিমা দাস সৰ্বোচ্চ দুবছৰ পৰ্যন্ত নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে।

অৱশ্যে দৌৰবিদগৰাকীৰ দোষৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰি এই শাস্তিৰ ম্যাদ এবছৰলৈ হ্ৰাস হ’বও পাৰে।

উল্লেখ্য যে, আঘাতৰ বাবে আগন্তুক এছিয়ান গেমছত অংশ ল’ব নোৱাৰিব হিমা দাসে।

২০১৮ চনৰ জাকাৰ্টা এছিয়ান গেমছত ৪০০ মিটাৰ শাখাত ব্যক্তিগত ৰূপৰ পদক লাভ কৰিছিল দাসে।

Related News