NORTHEAST NOW (Assamese)

সমালোচকক যোগ্য প্ৰত্যুত্তৰ দি আকৌ স্বৰ্ণজয় দৌৰৰাণী হিমাৰ

March 18, 2019 7:26 pm · এন ই নাও নিউজ
Updated: March 18, 2019 9:45 pm
পদক গ্ৰহণৰ সময়ত হিমা দাস।

সমালোচকক যোগ্য প্ৰত্যুত্তৰ দি ভাৰতীয় এথলেটিকছৰ নৱতম চাঞ্চল্য হিমা দাসে আজি অনুষ্ঠিত এখন প্ৰতিযোগিতাৰ ৪০০ মিটাৰ শাখাত স্বৰ্ণ পদক দখল কৰে। পাঞ্জাৱৰ পাটিয়ালাত চলি থকা ফেডাৰেচন কাপ প্ৰতিযোগিতাখনত হিমাই ৫২.৮৮  ছেকেণ্ডত ৪০০ মিটাৰ দৌৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰে।

আনহাতে, ৫৩.১৫ ছেকেণ্ডেৰে ৰূপ আৰু ৫৩.২৮ ছেকেণ্ডেৰে ব্ৰঞ্জৰ পদক দখল কৰে ক্ৰমে কৰ্ণাটকৰ এম আৰ পোভাম্মা আৰু গুজৰাটৰ সৰিতা বেনে।

উল্লেখযোগ্য যে, বিগত ৮ মাৰ্চত অনুষ্ঠিত ইণ্ডিয়ান গ্ৰাঁ প্ৰিক্সত চতুৰ্থ স্থান দখল কৰাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল হিমা। কিন্তু আজিৰ দুৰন্ত প্ৰদৰ্শনেৰে তেওঁ প্ৰমাণ কৰি দিলে সমালোচনাই তলাব নোৱৰা দৃঢ় খেলুৱৈ সুলভ মানসিকতা।

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে প্ৰায় ছয় সপ্তাহ বিৰতিত থকা হিমাই পদক দখল কৰি উৎফুল্ল হৈ পৰে। সংবাদ মাধ্যমৰ আগত খেলুৱৈ গৰাকীয়ে তেওঁৰ পৰৱৰ্তী লক্ষ্য ২৬ এপ্ৰিলৰ পৰা ডোহাত অনুষ্ঠিত হ’ব লগা এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপ বুলি মন্তব্য কৰে।

হিমাৰ প্ৰদৰ্শনত খেলুৱৈ গৰাকীৰ লগতে প্ৰশিক্ষক গালিয়ানাও যথেষ্ট উৎফুল্ল হৈ পৰে। হিমাক স্বৰ্ণ পদকৰ বাবে শুভেচ্ছা জনাই প্ৰশিক্ষক গৰাকীয়ে ২০২০ টকিঅ’ অলিম্পিকৰ বাবে কঠোৰ সাধনা কৰাৰ বাবে আহ্বান জনায়।

Related News