• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্বেৰমান আলীক হিৰ’ বনোৱাৰ ভয়ত এই পৰ্যন্ত জেইলত ভৰোৱা নাই হিমন্ত বিশ্ব শৰ্মাই

শ্বেৰমান তেৰমানৰ প্ৰত্যাহ্বানৰ কি ভেল্যু আছে: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
November 1, 2020 3:43 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

342
VIEWS
Share on FacebookShare on Twitter

‘শ্বেৰমান আলীক বৰ্তমান জেইলত দিলে তেওঁক হিৰ’ বনোৱা হ’ব, তেওঁ সেইটোৱে বিচাৰিছে। তেওঁ বাঘবৰত কেইটামান বেছি ভোট পাই জিকিব বিচাৰিছে, তেওঁ মিঞাৰ নেতা হ’ব বিচাৰিছে। তেওঁ বিচৰা কামতো আমি নকৰো’। এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

তেওঁ লগতে কয়, ‘২০২১ চনৰ পিছত শ্বেৰমান আলীক এশ শতাংশ জেইলত পঠিয়াম আৰু জেইলৰ পৰা ওলাব নোৱাৰাকৈ ভৰাম’।

আজি বিশ্বনাথৰ সাকোমঠা চাহ বাগিচা আৰু প্ৰতাপগড় চাহ বাগিচাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একে দিনাই দুখনকৈ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিবলৈ আহি এই মন্তব্য কৰে।

উল্লেখ্য যে অসমৰ চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ১১৯ খন আদৰ্শ উচ্চ বিদ্যালয় স্থাপনৰ অংশ হিচাপে প্ৰথম দুখন বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বিশ্বনাথৰ সাকোমঠা চাহ বাগিচা আৰু প্ৰতাপগড় চাহ বাগিচাত আধাৰশিলা স্থাপন কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰাৰ লগতে মিঞাই অসমৰ ভাষা সংস্কৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ বাবে আন সকলো জাতি-জনগোষ্ঠীক এক হ’বলৈ আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে।

মন্ত্ৰী গৰাকীয়ে কয়, ‘স্বাধীনতাৰ ৭০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে চাহ বাগিচাত পথ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। মই যেতিয়া বিদেশলৈ যাও তেতিয়া তাত বিদেশৰ ৰেষ্টুৰেণ্টত অসমৰ চাহ খাব নেকি বুলি শুধিলে মোৰ মন গৌৰাম্বিত হৈ পৰে। চাহ জনজাতি সকলৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত স্বাধীনতাৰ পিছৰপৰা কোনো এখন চৰকাৰেই গুৰুত্ব নিদিলে’।

‘বিজেপি আমাৰ চৰকাৰ অহাৰ পিছত আমি গুৰুত্ব প্ৰদান কৰিছো। অসমৰ বিভিন্ন চাহ বাগিচাত আজি একে সময়তে ১১৯ খন চৰকাৰী হাইস্কুলৰ কামৰ শুভাৰম্ভ কৰিবলৈ ইয়াত সমবেত হৈছো। এই বিদ্যালয় সমূহৰ নিৰ্মাণৰ কাম ৬মাহৰ ভিতৰত সমাপ্ত হ’ব। চাহ বাগিচাৰ শিক্ষাৰ ক্ষেত্ৰত আমি যথেষ্ট গুৰুত্ব দিছো। আৰু ইয়াৰ এক সাহসী পদক্ষেপ হৈছে বাগিচাত শিক্ষাৰ সম্প্ৰসাৰণ’, এই মন্তব্য কৰে মন্ত্ৰী শৰ্মাই।

মন্ত্ৰী শৰ্মাই লগতে কয়, ‘বাগিচাত একোখনকৈ হাইস্কুল স্থাপন কৰিম। ১২২ কোটি টকা খৰছ কৰি এই নিৰ্মাণ কাৰ্য কৰা হ’ব আৰু অহা বৰ্ষৰ মে’ মাহৰ পৰা শ্ৰেণী আৰম্ভ হ’ব’।

আনহাতে ২০২২ চনৰ ভিতৰত এই বিদ্যালয়সমূহক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ সম্প্ৰসাৰণ কৰা হ’ব বুলিও মন্তব্য কৰে।

ইফালে মিঞা মিউজিয়াম কলাক্ষেত্ৰত স্থাপন কৰিলে তেওঁলোকৰ ঠিকনা জেইলত হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।

আমাৰ মাজত বিভাজনৰ সুযোগ লৈ মিঞাই আমাৰ সভ্যতা সংস্কৃতি ধ্বংস কৰিবলৈ চেষ্টা কৰিছে বুলিও বিস্ফোৰক মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

নৱেম্বৰৰ শেষৰ ফালে বিশ্বনাথৰ মেডিকেল কলেজৰ কামৰো শুভাৰম্ভ কৰা হ’ব আৰু শীঘ্ৰেই বিশ্বনাথ ঘাটৰ পৰা উমাটুমনিলৈ ৰোপ ৱে’ৰ কামো আৰম্ভ হ’ব।

আনহাতে বিশ্বনাথ সমষ্টিত ১৬ হাজাৰ পৰিয়াল অৰুণোদয় আঁচনিৰ জৰিয়তে উপকৃত হ’ব বুলিও মন্তব্য কৰে।

আজিৰ এই অনুষ্ঠানত মন্ত্ৰী গৰাকীক সংগ দিয়ে মন্ত্ৰী ৰঞ্জিত দত্ত, সাংসদ পল্লব লোচন দাস, বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু বিধায়ক উৎপল বৰাৰ লগতে উপস্থিত থাকে চৰকাৰৰ বিভিন্ন বিষয়া-কৰ্মচাৰী সকল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd