• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শ্বেৰমান আলীক হিৰ’ বনোৱাৰ ভয়ত এই পৰ্যন্ত জেইলত ভৰোৱা নাই হিমন্ত বিশ্ব শৰ্মাই

শ্বেৰমান তেৰমানৰ প্ৰত্যাহ্বানৰ কি ভেল্যু আছে: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
November 1, 2020 3:43 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘শ্বেৰমান আলীক বৰ্তমান জেইলত দিলে তেওঁক হিৰ’ বনোৱা হ’ব, তেওঁ সেইটোৱে বিচাৰিছে। তেওঁ বাঘবৰত কেইটামান বেছি ভোট পাই জিকিব বিচাৰিছে, তেওঁ মিঞাৰ নেতা হ’ব বিচাৰিছে। তেওঁ বিচৰা কামতো আমি নকৰো’। এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

তেওঁ লগতে কয়, ‘২০২১ চনৰ পিছত শ্বেৰমান আলীক এশ শতাংশ জেইলত পঠিয়াম আৰু জেইলৰ পৰা ওলাব নোৱাৰাকৈ ভৰাম’।

Apply Now

আজি বিশ্বনাথৰ সাকোমঠা চাহ বাগিচা আৰু প্ৰতাপগড় চাহ বাগিচাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একে দিনাই দুখনকৈ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিবলৈ আহি এই মন্তব্য কৰে।

উল্লেখ্য যে অসমৰ চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ১১৯ খন আদৰ্শ উচ্চ বিদ্যালয় স্থাপনৰ অংশ হিচাপে প্ৰথম দুখন বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বিশ্বনাথৰ সাকোমঠা চাহ বাগিচা আৰু প্ৰতাপগড় চাহ বাগিচাত আধাৰশিলা স্থাপন কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰাৰ লগতে মিঞাই অসমৰ ভাষা সংস্কৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ বাবে আন সকলো জাতি-জনগোষ্ঠীক এক হ’বলৈ আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে।

মন্ত্ৰী গৰাকীয়ে কয়, ‘স্বাধীনতাৰ ৭০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে চাহ বাগিচাত পথ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। মই যেতিয়া বিদেশলৈ যাও তেতিয়া তাত বিদেশৰ ৰেষ্টুৰেণ্টত অসমৰ চাহ খাব নেকি বুলি শুধিলে মোৰ মন গৌৰাম্বিত হৈ পৰে। চাহ জনজাতি সকলৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত স্বাধীনতাৰ পিছৰপৰা কোনো এখন চৰকাৰেই গুৰুত্ব নিদিলে’।

‘বিজেপি আমাৰ চৰকাৰ অহাৰ পিছত আমি গুৰুত্ব প্ৰদান কৰিছো। অসমৰ বিভিন্ন চাহ বাগিচাত আজি একে সময়তে ১১৯ খন চৰকাৰী হাইস্কুলৰ কামৰ শুভাৰম্ভ কৰিবলৈ ইয়াত সমবেত হৈছো। এই বিদ্যালয় সমূহৰ নিৰ্মাণৰ কাম ৬মাহৰ ভিতৰত সমাপ্ত হ’ব। চাহ বাগিচাৰ শিক্ষাৰ ক্ষেত্ৰত আমি যথেষ্ট গুৰুত্ব দিছো। আৰু ইয়াৰ এক সাহসী পদক্ষেপ হৈছে বাগিচাত শিক্ষাৰ সম্প্ৰসাৰণ’, এই মন্তব্য কৰে মন্ত্ৰী শৰ্মাই।

মন্ত্ৰী শৰ্মাই লগতে কয়, ‘বাগিচাত একোখনকৈ হাইস্কুল স্থাপন কৰিম। ১২২ কোটি টকা খৰছ কৰি এই নিৰ্মাণ কাৰ্য কৰা হ’ব আৰু অহা বৰ্ষৰ মে’ মাহৰ পৰা শ্ৰেণী আৰম্ভ হ’ব’।

আনহাতে ২০২২ চনৰ ভিতৰত এই বিদ্যালয়সমূহক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ সম্প্ৰসাৰণ কৰা হ’ব বুলিও মন্তব্য কৰে।

ইফালে মিঞা মিউজিয়াম কলাক্ষেত্ৰত স্থাপন কৰিলে তেওঁলোকৰ ঠিকনা জেইলত হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।

আমাৰ মাজত বিভাজনৰ সুযোগ লৈ মিঞাই আমাৰ সভ্যতা সংস্কৃতি ধ্বংস কৰিবলৈ চেষ্টা কৰিছে বুলিও বিস্ফোৰক মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

নৱেম্বৰৰ শেষৰ ফালে বিশ্বনাথৰ মেডিকেল কলেজৰ কামৰো শুভাৰম্ভ কৰা হ’ব আৰু শীঘ্ৰেই বিশ্বনাথ ঘাটৰ পৰা উমাটুমনিলৈ ৰোপ ৱে’ৰ কামো আৰম্ভ হ’ব।

আনহাতে বিশ্বনাথ সমষ্টিত ১৬ হাজাৰ পৰিয়াল অৰুণোদয় আঁচনিৰ জৰিয়তে উপকৃত হ’ব বুলিও মন্তব্য কৰে।

আজিৰ এই অনুষ্ঠানত মন্ত্ৰী গৰাকীক সংগ দিয়ে মন্ত্ৰী ৰঞ্জিত দত্ত, সাংসদ পল্লব লোচন দাস, বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু বিধায়ক উৎপল বৰাৰ লগতে উপস্থিত থাকে চৰকাৰৰ বিভিন্ন বিষয়া-কৰ্মচাৰী সকল।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

October 12, 2026 10:04 am
‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

October 12, 2026 9:29 am
অভিষেকৰ বিস্ফোৰক ইনিংছ, অৰ্শদীপৰ ৩ উইকেটেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ত জয়ী ভাৰত

অভিষেকৰ বিস্ফোৰক ইনিংছ, অৰ্শদীপৰ ৩ উইকেটেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ত জয়ী ভাৰত

October 12, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

October 12, 2026 7:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

October 12, 2026 10:04 am
‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

October 12, 2026 9:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd